আলজেৰিয়াৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ আৰ্জেণ্টিনাৰ

Pc The News Mill

আলজেৰিয়াৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ আৰ্জেণ্টিনাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ফিফা বিশ্বকাপৰ গ্ৰুপ জেৰ এখন খেলত আলজেৰিয়াৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰে আৰ্জেণ্টিনাই ৷ প্ৰথমখন মেচত আলজেৰিয়াক ৩-০ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই স্পষ্ট কৰি দিছে যে বিশ্বকাপৰ মুকুট অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে এইবাৰো শক্তিশালীভাৱে নামিছে। আর্জেন্টিনাৰ জয়ৰ মূল নায়ক আছিল অধিনায়ক লিঅ’নেল মেছি। খেলখনত হেটট্রিকেৰে মেছিয়ে সম্পূর্ণ একপক্ষীয় কৰি তোলে। তেওঁৰ অনবদ্য ফৰ্মৰ সন্মুখত আলজেৰিয়াৰ ডিফেন্স সম্পূর্ণ অসহায় হৈ পৰে। আর্জেন্টিনাৰ হৈ তেওঁ নিজৰ ২০০সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ লগতে বিশ্বকাপ ইতিহাসত প্ৰথমবাৰৰ বাবে হেটট্রিক সম্পূৰ্ণ কৰে।৩৮ বছৰীয়া আৰ্জেণ্টিনাৰ খেলুৱৈগৰাকীয়ে ১৭ মিনিটত এক আচৰিত ষ্ট্ৰাইকেৰে নিজৰ আক্ৰমণ আৰম্ভ কৰিছিল, য’ত আনুষ্ঠানিকভাৱে তেওঁ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দ্বী ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পিছতে বিশ্বকাপৰ পাঁচটা ভিন্ন সংস্কৰণত গ’ল দিয়া একমাত্ৰ দ্বিতীয়জন পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয় । প্রথমার্ধত অগ্রগতি লাভ কৰাৰ পিছতো আর্জেন্টিনাই দ্বিতীয়ার্ধত নিজৰ আধিপত্য বজাই ৰাখে। ৬০ মিনিটত নিকো গঞ্জালেছৰ ক্ৰছৰ পৰা সৃষ্টি হোৱা সুযোগত মেছিয়ে নিজৰ দ্বিতীয় গ’ল সম্পন্ন কৰে। মেচৰ ৭৬ মিনিটত মেছিয়ে গঞ্জালেছৰ সৈতে চমৎকাৰ সমন্বয় গঢ়ি তুলি বল লাভ কৰে আৰু বক্সৰ প্ৰান্তৰ পৰা নিখুঁত শ্বটেৰে বল জালত প্ৰেৰণ কৰে। এই গ’লৰ জৰিয়তে তেওঁ নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰাৰ লগতে আর্জেন্টিনাৰ ৩-০ গ’লৰ দৰ্শনীয় জয় নিশ্চিত কৰে।