ভিডিঅ’ ফুটেজ বিচাৰি আদালতত আবেদন
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে ফাষ্টট্রেক আদালতে তিনিজনকৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণ কৰে। আদালতত মৌচম বৰুৱা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্রদান কৰে। বৰ্তমানলৈকে ১২জনৰো অধিক সাক্ষীয়ে আদালতত প্ৰাণৰ শিল্পীৰ ন্যায়ৰ সপক্ষে ভাষ্য প্ৰদান কৰাৰ পাছতো সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো বিভ্রান্ত কৰি অভিযুক্তক মুকলি কৰাবলৈ প্ৰতিপক্ষৰ অধিবক্তাই চেষ্টাৰ ত্রুটি কৰা নাই। বৰ্তমানলৈকে সাক্ষ্য প্ৰদান কৰা প্ৰতিগৰাকী সাক্ষীৰ ভাষ্য বিপথে পৰিচালিত কৰিবলৈ অভিযুক্তৰ অধিবক্তাই চলোৱা চেষ্টা আজিও অব্যাহত থাকে। আদালতত সাক্ষ্য প্ৰদানৰ অন্তত এগৰাকী সাক্ষী মৌচম বৰুৱাই কয় যে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া বিভ্রান্ত কৰিবলৈ প্রতিপক্ষৰ অধিবক্তাই আজিও চেষ্টা চলালে। বিচাৰ প্ৰক্ৰিয়াৰ সৈতে সংগতি নথকা বাৰেভচহু প্ৰশ্নৰ অৱতাৰণাৰে তেওঁলোকে কেইবাঘণ্টাজুৰি মোক বিভিন্ন প্রশ্ন সোধে। অৱশ্যে তেওঁলোকৰ সকলো চেষ্টা নস্যাৎ কৰি মোৰ বক্তব্য আদালতক অৱগত কৰিছোঁ। এটা কথা নিশ্চিত যে খুব পৰিকল্পিতভাৱে জুবিনদাক হত্যা কৰা হৈছিল। এই কথা তথ্যসহকাৰে আদালতক জনাইছোঁ। মোৰ হাতত থকা সকলো তথ্য-প্রমাণ সাক্ষ্য হিচাপে আদালতত দাখিল কৰিছোঁ। উল্লেখ্য যে সাক্ষ্যদান প্রক্রিয়া অব্যাহত থকাৰ মাজতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সকলোধৰণৰ ভিডিঅ’ ফুটেজ বিচাৰি আদালতত আবেদন জনোৱাক লৈ ৰাজ্যজুৰি বিভিন্ন মহলত চর্চা হৈছে। বিগত বৰ্ষৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মহাসমুদ্ৰৰ বুকুত আয়োজিত য়াট পাৰ্টীৰ বিভিন্ন দৃশ্যাংশৰ ভিডিঅ’ৰ অধিকাংশই ম’বাইলত ৰেকৰ্ড কৰিছিল অমৃতপ্রভা মহন্তই। এই দৃশ্যাংশসমূহ ইতিমধ্যে প্রতিপক্ষৰ অধিবক্তাক প্ৰদান কৰা হৈছে যদিও আদালতত অমৃত প্ৰভাৰ অধিবক্তাই জুবিন গাৰ্গৰ সৈতে জড়িত ছিংগাপুৰৰ প্ৰতিটো ভিডিঅ’ ফুটেজ বিচাৰি আবেদন জনাইছে। প্রতিপক্ষৰ অধিবক্তাৰ আবেদনৰ ভিত্তিত আদালতে প্ৰাণৰ শিল্পীৰ সৈতে জড়িত সকলো ভিডিঅ’ ফুটেজ ৭ দিনৰ ভিতৰত দিবলৈ বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিক নির্দেশ দিয়ে।
