লোকসেৱা ভৱনৰ পৰা ৰাজ্যৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নতুন সংযোজন । মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন প্ৰকল্প ভাৰ্চুৱেলী উদ্বোধন কৰে । মুখ্যমন্ত্রীয়ে মঙলদৈত পাইপযুক্ত প্রাকৃতিক গেছ যোগান প্রকল্প উদ্বোধন কৰাৰ লগতে তেজপুৰৰ পতঞ্জলি আয়ুর্বেদ লিমিটেডলৈ পাইপযুক্ত প্রাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্রীয়ে লগতে তেজপুৰৰ উহানি পথাৰত চি এন জি মাদাৰ ষ্টেচন আৰু গৰৈমাৰীত চি এন জি ডটাৰ বুষ্টাৰ ষ্টেচনো উদ্বোধন কৰে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত ‘নর্থ-ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড’-এ প্রাকৃতিক গেছ যোগানৰ এই আন্তঃগাঁথনি নির্মাণ কৰিছে। উল্লেখ্য যে মঙলদৈত ঘৰুৱা পাইপযুক্ত প্রাকৃতিক গেছ যোগান আঁচনিৰ অধীনত ১০০তকৈও অধিক পৰিয়ালক সংযোগ প্রদান কৰা হৈছে আৰু প্ৰায় ৩০টা পৰিয়ালে নিয়মীয়াকৈ গেছ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা মার্চ মাহত তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছ যোগান নেটৱৰ্ক কার্যক্ষম কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে তেজপুৰৰ ১,৪০০ তকৈও অধিক পৰিয়ালক ইয়াৰ আওতালৈ অনা হৈছে। আনহাতে মঙলবাৰে আনুষ্ঠানিকভাৱে তেজপুৰৰ পতঞ্জলি আয়ুর্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্রাকৃতিক গেছ যোগান উদ্বোধন কৰা হৈছে যদিও পতঞ্জলিয়ে নর্থ-ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ পৰা দৈনিক প্রায় ৫,০০০ ষ্টেণ্ডার্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি আছে আৰু এই চাহিদা ৬,০০০ ষ্টেণ্ডার্ড কিউবিক মিটাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় ৯,০০০ ঘৰুৱা পৰিয়ালৰ এল পি জিৰ সমকক্ষ। উদ্বোধন কৰা উহানি পথাৰৰ প্রথমটো চি এন জি মাদাৰ ষ্টেচন আৰু গৰৈমাৰীৰ চি এন জি ডটাৰ বুষ্টাৰ ষ্টেচনৰ জৰিয়তে শোণিতপুৰ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত চি এন জিৰ উপলব্ধতা সুচল হ’ব আৰু বাহনৰ গৰাকীসকলে কোনো শংকা নোহোৱাকৈ এই কম খৰচী আৰু স্বচ্ছ পৰিবহণ ইন্ধন ব্যৱহাৰ কৰিব পাৰিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি অসমবাসীৰ সেৱাত শক্তিখণ্ডৰ এলানি যুগান্তকাৰী আৰু পৰিৱৰ্তনকামী আন্তঃগাঁথনিমূলক প্রকল্প উৎসৰ্গা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত হোৱা যুদ্ধৰ ফলত সমগ্র বিশ্বৰে শক্তিখণ্ড সংকটৰ সন্মুখীন হোৱাৰ প্ৰসংগ উল্লেখ কৰি ড° শৰ্মাই কয় যে ভাৰতত ব্যৱহৃত এল পি জিৰ ৬০-৭০ শতাংশ বাহিৰৰ পৰা আমদানি কৰা হৈছিল। যুদ্ধৰ বাবে হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ শোধনাগাৰসমূহক এল পি জি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু এল পি জিৰ পৰিৱৰ্তে পাইপযুক্ত প্রাকৃতিক গেছ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ বাবেই বৰ্তমান ভাৰতৰ শোধনাগাৰসমূহে দেশত প্রয়োজনীয় এল পি জিৰ ৬০-৬৫ শতাংশ নিজাকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ দেশত পাইপযুক্ত প্রাকৃতিক গেছ যোগানৰ কোম্পানীবোৰে ক্ষিপ্ৰতাৰে কাম কৰি পাইপযুক্ত প্রাকৃতিক গেছ যোগানৰ দ্রুত প্ৰসাৰ কৰিছে। উদাহৰণ স্বৰূপে তেওঁ পতঞ্জলি আয়ুর্বেদ লিমিটেডে এল পি জিৰ ব্যৱহাৰ হ্ৰাস কৰি ঔদ্যোগিক পি এন জি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ প্ৰসংগ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এনেদৰে আন উদ্যোগলৈ যদি ঔদ্যোগিক পি এন জিৰ সংযোগ দিব পৰা যায় তেনেহ’লে এল পি জিৰ ব্যৱহাৰ বহু পৰিমাণে হ্রাস পাব। তেওঁ কয় যে এতিয়াও যিহেতু বৃহৎ পৰিমাণৰ এল পি জি বিদেশৰ পৰা আমদানি কৰা হয়, গতিকে পি এন জিৰ সংযোগ বৃদ্ধি কৰি এল পি জিৰ আমদানি হ্রাস কৰিব পাৰিলে বৈদেশিক মুদ্রা ৰাহি হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ এটা প্রাকৃতিক গেছৰ ভাণ্ডাৰ আছে। পাইপলাইনৰ অসুবিধাৰ বাবে অইল ইন্ডিয়া লিমিটেডে বহু গেছ ব্যৱহাৰ কৰিব পৰা নাই। বহু গেছ জুলাই দিছে বা কেপিং কৰি ৰাখিছে। অসমত পি এন জিৰ সংযোগ বৃদ্ধি পালে ৰাজ্যৰ গ্ৰাহকৰ বাবে নিজা গেছ ব্যৱহাৰ সম্ভৱ হ’ব আৰু অসমৰ মাটিৰ তলত থকা গেছ অইল ইণ্ডিয়া লিমিটেডে যিমানে উৎপাদন কৰিব ৰাজ্য চৰকাৰেও এটা ভাল ৰয়েল্টী লাভ কৰিব। তেওঁ কয় যে অসমত প্রাকৃতিক গেছ যোগানৰ সৈতে জড়িত অসম গেছ কোম্পানী লিমিটেড, আদানি টোটেল গেছ লিমিটেড, পূৰ্বভাৰতী গেছ প্রাইভেট লিমিটেড আৰু নর্থ-ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডে ১০-১৫ লাখ গ্রাহকক অতি সোনকালে পি এন জি সংযোগ দিব পাৰিলে বহু এল পি জি ৰাহি হ’ব আৰু দেশৰ বাবেও ই এক গুৰুত্বপূৰ্ণ অৱদান হ’ব। মুখ্যমন্ত্রীয়ে কোম্পানীকেইটাক এইক্ষেত্রত অধিক উৎসাহেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ ঘৰুৱা ৰন্ধন গেছ হিচাপে পি এন জি আৰু পৰিবহণৰ বাবে চি এন জিৰ বিকল্প গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্রী জয়ন্ত মল্ল বৰুৱা, নীলিমা দেৱী, মুখ্য সচিব ড° ৰবি কোটা, নর্থ-ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
