বিষ্ণুৰাভাৰ গীতত সমাজবাদীতা – শিল্পা প্ৰিয়ম কুণ্ডিণ্য

বিষ্ণুৰাভাৰ গীতত সমাজবাদীতা

শিল্পা প্ৰিয়ম কুণ্ডিণ্য

অসমীয়া সাহিত্য-সংস্কৃতিৰ আকাশত এক উজ্জ্বল নক্ষত্ৰ হৈছে “বিষ্ণু প্ৰসাদ ৰাভা”।তেঁও এজন কেৱল শিল্পী নাছিল,আছিল শোষিত,বঞ্চিত,সৰ্বহাৰা শ্ৰেণীৰ মুক্তিহকে যুজাঁ বিপ্লৱী চিন্তাবিদ,সমাজসংস্কাৰক, সমাজবাদী আদৰ্শৰ অগ্ৰদূত।তেওঁৰ গীতসমূহ(যাক ৰাভা সংগীত বুলি জনা যায়)কেৱল প্ৰেম-ভালপোৱা বা প্ৰকৃতিৰ মাজত আৱদ্ধ নাছিল,বৰং সেইবোৰত প্ৰতিফলিত হৈছিল সমাজৰ দুখ-কষ্ট,বৈষম্য,শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰু এক সমান অধিকাৰভিত্তিক সমাজ গঢ়াৰ দিয়াৰ এক স্পষ্ট শক্তিশালী পৰিৱৰ্তন।

সমাজবাদী চিন্তাধাৰা আৰু বিষ্ণুৰাভাঃ সমাজবাদ হৈছে এনে এক সামাজিক-অৰ্থনৈতিক দৰ্শন,য’ত সকলো মানুহে সমান অধিকাৰ আৰু সুযোগ লাভ কৰে।কাৰ্ল মাক্স,ফ্ৰিডৰিখ এংগেলছ আদিৰ চিন্তাধাৰাৰ পৰা সমাজবাদীৰ প্ৰেৰণা লৈ বিষ্ণুৰাভাই ও এই চিন্তাধাৰাৰ প্ৰতি প্ৰভাৱিত হৈছিল।যাৰ স্পষ্ট প্ৰতিফলন গীতত দেখা পোৱা যায়।          বিষ্ণুৰাভাৰ গীতত শোষণ-বৈষম্যৰ প্ৰতিবাদঃ       তেঁও শ্ৰমিক,কৃষক আৰু নিপীড়িত জনতাৰ কণ্ঠস্বৰ হিচাপে গীত ৰচনা কৰিছিল।তেঁও গীতসমূহত ধনী-গৰিবৰ মাজত বৈষম্য আৰু শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখা যায়।বিষ্ণুৰাভাৰ গীতসমূহ কেৱল দুখ-কষ্টৰ বৰ্ণনা নহয়,বৰং সেই অৱস্থাৰ পৰিৱৰ্তনৰ বাবে এক আহ্বান।তেঁওৰ গীতত বিপ্লৱী মনোভাৱ, সংগ্ৰামৰ আহ্বান আৰু এক নতুন সমাজ গঢ়াৰ সংকল্প দেখা যায়।

বিষ্ণুৰাভাৰ গীতত ফুটি উঠা সমাজবাদী মনোভাৱৰ মূল দিশ সমূহঃ

১/ সৰ্বহাৰা আৰু বনুৱা শ্ৰেণীৰ জাগৰণ-

ৰাভাদেৱে কমিউনিষ্ট আদৰ্শৰে অনুপ্ৰাণিত হৈ শ্ৰমিক, কৃষক আৰু খাটিখোৱা মানুহৰ দুখ-কষ্টক নিজৰ গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। তেওঁ বুজি পাইছিল যে সমাজৰ একতা আৰু প্ৰগতি এই শ্ৰমজীৱী মানুহখিনিৰ অবিহনে অসম্ভৱ। তেওঁ গাইছিল-“হালধীয়া চৰায়ে বাওধান খায় কাণ সমনীয়া ঐ, কাঁচিখন ধৰা হালোৱা ভাই।” এই গীতবোৰত কেৱল গ্ৰাম্য জীৱনৰ ছবি নাই, বৰং কৃষক সমাজক নিজৰ প্ৰাপ্য বুজি পাবলৈ আৰু শোষকৰ বিৰুদ্ধে থিয় দিবলৈ কৰা আহ্বান অন্তৰ্নিহিত হৈ আছে।

 ২/ সাম্যবাদ আৰু শ্ৰেণীহীন সমাজৰ সপোন-

সমাজবাদী আদৰ্শৰ মূল কথাই হ’ল শ্ৰেণীহীন, শোষণমুক্ত সমাজ গঠন। ৰাভাদেৱে ধনী-দুখীয়াৰ প্ৰভেদ ভাঙি এখন সমতাভিত্তিক সমাজ গঢ়িব বিচাৰিছিল। তেওঁৰ বিখ্যাত গীতটোত তাৰ প্ৰতিধ্বনি শুনা যায়: “বিশ্বৰ ছন্দে ছন্দে,মানৱে মানৱে মিলনৰ সাম্য গানে গানে…”তেওঁ বিশ্বাস কৰিছিল যে যেতিয়ালৈকে সমাজত ধনীৰ দ্বাৰা দুখীয়াৰ শোষণ বন্ধ নহয়, তেতিয়ালৈকে প্ৰকৃত স্বাধীনতা আহিব নোৱাৰে।

 ৩/ বিপ্লৱ আৰু সংগ্ৰামৰ আহ্বান-

বিষ্ণুৰাভাৰ গীতত সমাজবাদৰ প্ৰতিষ্ঠাৰ বাবে বিপ্লৱৰ এক তীব্ৰ আহ্বান আছিল। তেওঁৰ ‘লগৰুৱা খোজ মিলা’ বা ‘অগ্নিযোগ’ আদি গীতত সমাজৰ পুৰণি জৰাজীৰ্ণ ব্যৱস্থাটোক ধ্বংস কৰি নতুন সমাজ গঢ়াৰ সংকল্প প্ৰকাশ পাইছে। তেওঁ গাইছিল:

“কাষৰীয়া ডেকা দল, তেজ লগা তপত ঢল,”বুকু পাতি আগবাঢ়ি যা…”শোষক শ্ৰেণীৰ বিৰুদ্ধে যুজিবলৈ তেওঁ ডেকা শক্তিক সদায় উদ্বুদ্ধ কৰিছিল।

৪/ সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ বিৰোধিতা-

পুঁজিবাদী ব্যৱস্থাই কেনেকৈ সাধাৰণ মানুহক দাসত্বৰ পিনে ঠেলি দিয়ে, সেই কথা ৰাভাদেৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। তেওঁৰ গীতসমূহত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ লগতে দেশীয় জমিদাৰ আৰু মহাজনসকলৰ শোষণৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ প্ৰকাশ পাইছিল। তেওঁ বিচাৰিছিল মাটিৰ মালিকীস্বত্ব কৃষকৰ হাতলৈ যাওক।

সেয়েহে ক’ব পাৰি য়ে-

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহ আছিল সমাজবাদী বিপ্লৱৰ বাৰুদ। তেওঁ সুৰ আৰু কথাৰ জৰিয়তে সমাজৰ নিষ্পেষিত শ্ৰেণীক একত্ৰিত কৰি এটা নতুন পুৱাৰ সপোন দেখুৱাইছিল। সেইবাবেই তেওঁৰ গীতসমূহ আজিও সমানেই প্ৰাসংগিক আৰু প্ৰেৰণাদায়ক।