বিষ্ণু ৰাভাৰ নৃত্য-গীতমূলক নাটক” ন-পৃথিৱীৰ নতুন যুগ” _ নাছিৰ আহমেদ

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

এটি আলোকপাত

বিষ্ণু ৰাভাৰ নৃত্য-গীতমূলক নাটক” ন-পৃথিৱীৰ নতুন যুগ”

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

বিষ্ণু ৰাভাক এজন কলাগুৰু হিচাপে  তেওঁৰ শিল্পী-সত্তাক কেৱল নৃত্য, গীত আৰু এজন চিত্ৰকৰ হিচাপে অংকিত কৰি বিষ্ণু ৰাভাৰ প্ৰকৃত জীৱন দৰ্শনক দাঙি নধৰাৰ প্ৰয়াস বৰ্তমানলৈকে দেখা গৈছে। প্ৰতি বছৰে ২০ জুন তাৰিখে ৰাজ্যজুৰি চৰকাৰী বা বেচৰকাৰী ভাৱে উদ্ যাপিত হৈ আহিছে বিষ্ণু ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী। এই সকলো কাৰ্যসূচীতে বিষ্ণু ৰাভাক কলাগুৰু হিচাপে তুলি ধৰি তেওঁৰ সংগ্ৰামী সত্তাক, সাংস্কৃতিক-বৈপ্লৱিক আদৰ্শক সাধাৰণ জনগণৰ পৰা আঁতৰাই ৰখা হয়। তাৰ মূল কাৰণ হ’ল, বিষ্ণু ৰাভাই যেনেকৈ পৰাধীন ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকৰ বিৰুদ্ধে বিপ্লৱৰ জুই জ্বলাই দিছিল, তেনেকৈ দেশৰ স্বাধীনতাৰ পিছতো জমিদাৰতন্ত্ৰ, পুঁজিপতি আৰু সাম্ৰাজ্যবাদী শাসকসকলৰ বিৰুদ্ধে সমানেই আক্ৰমণাত্মক হৈ পৰিছিল। বিষ্ণু ৰাভাৰ নৃত্য-গীতমূলক নাটক ” ন-পৃথিৱীৰ নতুন যুগ” নামৰ নাটকখনৰ বিশ্লেষণৰ জৰিয়তে তেওঁৰ বিপ্লৱী চিন্তাধাৰাক দাঙি ধৰিবলৈ প্ৰয়াস কৰিম।

এই নৃত্য-গীতমূলক নাটকখনত নাট্যকাৰে সৰ্বমুঠ প্ৰথম, দ্বিতীয়, তৃতীয় দৰ্শন আৰু দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ  পট অংকন কৰিছে। আটাইকেইটা দৰ্শন আৰু পটত দুটা দিশ স্পষ্ট ৰূপে দৃষ্টিগোচৰ হৈছে।

এপিনে নাটকখনৰ আৰম্ভণিৰ‌ পৰা শেষলৈকে বৃহতৰ অসমৰ  জনজাতি যেনে, নগা, মনিপুৰী, বড়ো, কাৰ্বি,মিছিং, ৰাভা, অসমীয়া আদি জনগোষ্ঠীৰ নৃত্য, গীত আৰু সংস্কৃতিৰ সমাবেশ ঘটিছে। প্ৰতিটো দৰ্শন আৰু পটত যেন নৃত্য-গীত আৰু সুৰৰ বৈচিত্ৰ্যময় ঝংকাৰ অনবৰতে বাজি আছে।

আনপিনে ভাৰতবৰ্ষ তথা অসমৰ প্ৰাক স্বাধীনতাৰ পৰা স্বাধীনোত্তৰ কাললৈকে দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদৰ উজ্জ্বল চিত্ৰ ফুটি উঠিছে। ঔপনিৱেশিক, সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ হাজাৰ হাজাৰ আহত আৰু নিহতৰ কৰুণ ছবি দাঙি ধৰিছে। দেশৰ স্বাধীনতাৰ পিছত মহাজন, পুঁজিপতি আৰু সাম্ৰাজ্যবাদী শাসকসকলৰ বিৰুদ্ধেও সংগ্ৰাম কৰিবলৈ গৈও বহুতো মুক্তি সংগ্ৰামীয়ে শাসকসকলৰ হাতত লাঞ্চিত, বঞ্চিত, শোষিত আৰু নিৰ্যাতিত হ’ব লগা হৈছে।

প্ৰথম দৰ্শন অসমৰ উনৈশ শতিকাৰ জীৱনৰ ওপৰত আধাৰিত। আৰম্ভণিৰ পৰাই বাঁহীৰ সুৰ আবহমান সুৰ হিচাপে বাজি থাকে। দুটা পঁজা ঘৰত নগা ছোৱালীয়ে উৰণত ধান খুন্দাৰ লগে লগে লেহেতিয়াই বাঁহীৰ সুৰ ছন্দত নাচি উঠে। এন্ধাৰৰ গৰ্ভত আকৌ মণিপুৰী সুৰ বাজি উঠে।বাজি উঠে লাই – হাৰাওৱা-নৃত্যৰ সুৰ খম্বা-থৈবী-কাহিনী-নৃত্যৰ ছন্দ-বন্ধত।

আকৌ ঘোপমৰা আন্ধাৰ। এন্ধাৰৰ বুকু ফালি চিফুং বাঁহীৰ সুৰ — বড়োৰ ডেমগ্লাই বন্দনা সুৰ বাজি উঠে। আকৌ পোহৰ — বড়ো-খছাৰী ” খেৰাই” নাথ দেৱতাৰ পূজাৰ নৃত্য

আকৌ অসমৰ ডেকা-গাভৰুৱে জাক বান্ধি বনগীতৰ সুৰৰ ছেৱে ছেৱে তালে তালে ঠেওদি ডেওদি মাজে মাজে ৰঙালী ৰাঙলী বিহুৰ নাচোন নাচি হালি জালি বিবিধ ভঙ্গিমাৰে গাঁৱলীয়া জীৱন প্ৰকাশ কৰে।

দ্বিতীয় দৰ্শনত আঁৰ কাপোৰ উঠাৰ লগে লগে নেপথ্যত কৰুণ বিননিৰ ৰোল উঠে।লগে লগে অসমৰ জয়-দৌলৰ সোণৰ কলসী শত্ৰুৰ আঘাতত ভুলুণ্ঠিত হয়।

কৰুণ ৰোলৰ বিননিৰ মাজত মিঙিমাহা তিলুৱাৰ বিকট হাঁহি। মানৰ নিঠুৰ অভিযানে সোণৰ অসম চাৰখাৰ কৰিলে। হঠাৎ কামানৰ গোলা ধাৰাষাৰে পৰে ।কামানৰে সৈতে বগা-বঙাল ইংৰাজৰ মূৰ্ত্তি দেখা যায়। সীমা খুচুৰা বগা বঙাল ইংৰাজৰ সাম্ৰাজ্যবাদী জালত পৰি আই অসমী ছটফটাবলৈ ধৰিলে – বৃটেইনৰ মোহিনী মন্ত্ৰত মুগ্ধ হৈ অসমীয়া ৰাইজে ধনতন্ত্ৰবাদী সৰ্পৰ কৰাল গ্ৰাসত পৰি টুপি টুপি তেজ দান দি দি ৰ’ল। বগা বঙালক খেদিবলৈ গোমধৰ কোঁৱৰে দোলাৰ পৰা নামি ইংৰাজৰ ‘ ইউনিয়ন জেক’ নমায়। পতাকাৰ কাষ চাপোতেই গোমধৰ কোঁৱৰক কামানৰ কাষত থকা দুজন ইংৰাজে বন্দী কৰে। সীমা খুচুৰা ইংৰাজক খেদাৰ প্ৰচেষ্টা কৰা পিয়লি ফুকন। বিদেশীৰ হাতৰ পৰা মুক্তি, সেই স্বদেশ প্ৰেমৰ পৰিণাম প্ৰাণদণ্ড! প্ৰাণদণ্ড!! ফাঁচী! ফাঁচী!!

ৰূপৰ হোকা হুপি হুপি আকৌ মণিৰাম দেৱানে ফাঁচী – চাঙত উঠে। নিজৰ মান-মৰ্যাদা ৰক্ষা কৰি পুনৰ আহোম ৰাজবংশৰ ঠাল ঠেঙুলিৰ পোখা মেলাবলৈ চেষ্টা কৰোঁতেই এই দুৱৰা কাকতিৰ বংশৰ মণিৰাম দেৱান! পৰিণাম ফাঁচী! ফাঁচী!! আকৌ খছাৰী ৰাজ্য পুনৰুদ্ধাৰ কৰাৰ বাবে সংগঠন বিহীন ভাৱে আগবাঢ়ি যায় সমদন খছাৰী। ইংৰাজক খেদিবলৈ গৈ ইংৰাজৰ গুলিৰ আঘাতত  সমদন খছাৰীৰ মৃত্যু হয়।

আকৌ মণিপুৰৰ যুৱৰাজ টিকেন্দ্ৰ জিৎ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ ফাঁচীকাঠত ওলমে।

একৈচ চনৰ বিদেশী বৰ্জনৰ অগ্নি যজ্ঞৰ ফিৰিঙতিৰ ছিটিকনিৰ লগে লগে শুনা যায়, ৰাইজৰ অন্তৰ্ভেদি ধ্বনি — বন্দে মাতৰম।

একত্ৰিচ চনৰ সত্যাগ্ৰহৰ লিখনি জিলিকি উঠাৰ লগে লগে গগণভেদি আৰ্তনাদৰ ৰোল উঠে – বন্দেমাতৰম, মহাত্মা গান্ধী কি জয়।

বিয়াল্লিচৰ বিপ্লৱত অসমীয়া ডেকা-গাভৰুৱে হাতে হাতে জাতীয় পতাকা লৈ বুকু-ভগা ত্ৰিভূৱন কঁপাই তোলা কৌটি কণ্ঠৰ ধ্বনি – বন্দেমাতৰম, মহাত্মা গান্ধী কি জয়, ইনকিলাব জিন্দাবাদ।

শেহত পতাকাৰ তলত ফাঁচীৰ মঞ্চ দেখা যায়। কুশল কোঁৱৰৰ ডিঙিত ফাঁচীৰ ছিপজৰী লগায়। নাট্যকাৰ বিষ্ণু ৰাভাই সূত্ৰধাৰৰ মুখেৰে কয় – কুশল কোঁৱৰ আদি বীৰ চহিদ সকলে স্বাধীনতা সংগ্ৰামত জীৱন বিসৰ্জন দিয়াৰ পাছত বৃটিছ সিংহই অসম ,ভাৰত ত্যাগ কৰিলে,১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল, অসম স্বাধীন হ’ল।

তৃতীয় দৰ্শনত উলাহৰ উখল-মাখল

গায় সবে মুকুতিৰ গান,

মুক্ত ছন্দে

মহানন্দে কৰে নৃত্য সবে ভক্ত-বৃন্দে।

কিন্তু

তথাপি ,কিয় বিদেশী আৰু স্বদেশীৰ দ্বাৰা আমাৰ দেশ শৃংখলিত?

এমুঠি ধনীৰ হ’ল সুখ

কোটি কোটি ৰাইজৰ হ’ল বিধে বিধে নানা দুখ। কোম্পানীৰ জাহাজ লাহে লাহে টুলবুলাই গুচি যায়। ৰাক্ষস ৰূপী ৰঙচুৱা সাম্ৰাজ্যবাদী ইংৰাজ দুজনে আৰু বিকটাকাৰ ক’লা ভাৰতীয় ধনতান্ত্ৰিক ধন-ৰাজ নৰ-পিশাচ দুজনে আই অসমী আৰু ভাৰতী জননীৰ শ্ৰীহস্ত তুলি শোষণ কৰে। নেপথ্যত কৰুণ বিননিৰ ৰোল উঠে।

দ্বিতীয় পটত দেখা গ’ল অসম কাউন্সিল, শ্বিলং চৰকাৰ। কাষতে ফ্যাচিবাদী স্বৈৰতন্ত্ৰী আমোলাৰ অগণিত জ্বাল দি তিনিজন পুলিচ , মিলিটাৰী আৰু আমোলাই আইনৰ কেৰাহীত ওচৰত ডাঙৰ পাছীৰ পৰা সৰিয়হ লৈ ঢালি তপতায়। সেই লাং-পাটৰ আন চুকত বৰ বৰ দলৈ, বৰ বৰ মেধি, বৰ বৰ ব্ৰহ্ম,বৰ বৰ শইকীয়া, বৰ বৰ বসুমতাৰীয়ে বহি হেঁচা দিয়ে। কাষতে শাৰী শাৰীকৈ কিছুমান কলহ থাকে – খাজনা, বিক্ৰীকৰ, লাভ, ক’লা বজাৰ, নিৰাপত্তা আইন ইত্যাদি।

আবহমান-সংগীতত ভেজা দি ভিতৰৰ পৰা আবৃত্তি গোৱা হয়।

ভাৰত চৰকাৰ

ধনী মহাজন ৰজা মহাৰাজ জমিদাৰ —

সিহঁতৰ শোষণৰ নিৰ্মম হাতিয়াৰ –

তিলে তিলে মৰা টুপি টুপি তেজ পিয়া দুখীয়াৰ:

স্বাধীন দেশৰ মহা-ভাৰতৰ এনে‌ চৰকাৰ।—–

তৃতীয় পটত দেখা গৈছে

দূৰৈত কাৰখানা। চুঙীয়েদি ধোঁৱা বাহিৰ হৈ আছে।‌কলৰ ঘৰঘৰণি শব্দ শুনা যায়। চিটি বাজে।

নেপথ্যত গান অনবৰতে বাজি থাকে।

কাৰখানাৰে চিটিৰ হুমুনিয়াহ

কলৰ ঘৰঘৰণি বুকু কঁপোৱা,

শুনি শুনি কাঁহৰ মাত কঠুৱা,

কান্দে দুখীয়া বনুৱা।

শুদা মজিয়াত অকলশৰীয়া

পুৱায় লঘোন, ভাত নাইকীয়া।

শ্ৰম কৰিও খাবলই নোহোৱা

আলই বিলই হোৱা হজুৱা

কান্দে দুখীয়া বনুৱা।

নাট্যকাৰে সূত্ৰধাৰৰ মুখেৰে কোৱাইছে —

হায়! স্বাধীন ভাৰত ! তোমাৰ সৰগ হেন কোলা আজি নৰক হৈ পৰিল। সমাজৰ মেৰুদণ্ড বনুৱা -মজুৰৰ আজি কিমান দুৰ্গতি, কিমান আলৈ-বিলৈ — ‌আলাই- আথানি। হায়! হায় !! হায় !!!

চতুৰ্থ পটত পেটুৱা সাউদৰ ফালে বজ্ৰ-মুষ্ঠিৰে কিছুমান প্ৰসাৰিত হস্ত গুৰু-গম্ভীৰ গীতৰ তালে তালে জোকাৰা দেখা যায়।

দুখীয়াৰ কলিজা নিঙাৰি লৱ,

টুপি টুপি তেজ সুঁহি সুঁহি পিয় ,–

ৰুকি ৰুকি মঙহ চোবাৱ–

হুচিয়াৰ! হুচিয়াৰ!!

ধনী! মহাজন!! জমিদাৰ!!!

হুচিয়াৰ! হুচিয়াৰ!!

তাৰ পিছত আকৌ গায় –

বিপ্লৱ-পথেৰে যাত্ৰী আমি

সৰ্বহাৰাৰে মুক্তিকামী

দৰ্প ধনীৰ আমি সংগ্ৰামী

চূৰ্ণ কৰিম, -পণ আমাৰ!

দুখীয়াৰ কলিজা নিঙাৰি লৱ’ গীত ফাঁকি গোৱাৰ লগে লগে বজ্ৰ-মুষ্ঠিৰে হস্ত তালে তালে প্ৰসাৰিত কৰি সাউদৰ ফালে লক্ষ্য কৰা হয়।

হুচিয়াৰ! হুচিয়াৰ!! – এই গীত শাৰী পৰিৱেশন কৰোঁতে পুৰুষ-নাৰীসকলে সাউদৰ ফালে হাত দাঙি মুঠি দেখুৱায়। চাৰিওফালে এনে দৃশ্য দেখি সাউদ-মহাজন জনে আতঙ্কত শিঁয়ৰি উঠে।

নেপথ্যত এবাৰ ইনকিলাব জিন্দাবাদ ৰ ঐক্য ধ্বনি শুনা যায়।

গান শেষ হোৱাৰ লগে লগে সেই দুদল খেতিয়ক বনুৱাৰ সমদলে হুঙ্কাৰি হুঙ্কাৰি বজ্ৰ-মুষ্ঠি দেখুৱাই বীৰ বিক্ৰমেৰে প্ৰস্থান কৰে।

সকলো বন্তিৰ ঘূৰ্ণাৱৰ্ত – উত্তাল তৰঙ্গমালা সমষ্টিগত হৈ সাউদৰ সন্মুখত দাবানল ৰূপে জ্বলি উঠে।এয়ে বিপ্লৱী বিবৰ্তন!

চিতাৰ অগনিৰ দৰে জুই জ্বলি উঠে।

জাগে বিশ্ব মৰিশালি —

গোৱাৰ লগে লগে জঁকা-ৰূপী বিপ্লৱী এদলে সাউদৰ পিছপিনৰ পৰা জাগ্ৰত হৈ হাতত জ্বলা জোৰ লৈ ঠিয় দিয়ে। চিন্দুক বাগৰি পৰে,- ৰঙা বহী আৰু বাকস ভস্মীভূত হয়! চিতাৰূপী অগনিৰ মাজত সাউদৰ শৰীৰ জ্বলি-পুৰি থাকে।‌নেপথ্যত ধ্বনিৰ ৰোল উঠে –

ধনতন্ত্ৰবাদ ধ্বংস হওক- সমাজতন্ত্ৰবাদ প্ৰতিষ্ঠিত হওক।

পঞ্চম পটত বিপ্লৱৰ জুইৰ আঙনি কেউপিনে বিয়পি পৰে। বিপ্লৱী খেতিয়ক বনুৱাৰ সমদলত আহি অস্ত্ৰধাৰী পুলিচ মিলিটাৰী সকলোৱে যোগ দি প্ৰাণপণে যুঁজে। ধনীহঁতে বিমূঢ় হৈ আত্মসমৰ্পন কৰে।

ধনীক শ্ৰেণীৰ ৰাষ্ট্ৰ ,যন্ত্ৰ আৰু বিজ্ঞান জনতাৰ হাতত সমৰ্পিত হয়।  ‘ৰাইজেই ৰজা,জ্ঞাতিয়েই গঙ্গা’ ৰ মন্দাকিনীৰ পাৰত স্বৰ্গৰূপী কৃষক-শ্ৰমিক – পঞ্চায়ত – ৰাজ- স্বৰ্গ প্ৰতিষ্ঠিত হয়।

বনুৱা-বনুৱানী সকলে মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰে, মণিপুৰী ডেকা-গাভৰুয়ে খম্বা-থৈবী-কাহিনী-নৃত্যৰ বেশত সাজি কাছি লাই হাৰাওৱা নৃত্য কৰে, অসমীয়া ডেকা গাভৰু সকলে ৰঙালী বিহুৰ ৰঙালী ছাট্ গাত লৈ মহৰ শিঙৰ পেঁপাৰ ছেৱে ছেৱে,তালৰ তালে তালে,ঢোলৰ কোবে কোবে লৱণু দেহা লৰাই গুচি যায়। মুঠতে কেউপিনে উখল মাখল।

ষষ্ঠ পটত দেখা গ’ল

দুয়ো কাষে ৰাঙলী পতাকা

কাঁচি-হাতুৰীৰ ছবি অঁকা।

আসন তলত জ্বলে জলন্ত আখৰ কেইটা —

কৃষক-বনুৱা -পঞ্চায়তৰাজ

চউপাশে পূজাৰিণী –

ছন্দে- বন্ধে নচা গীত-বাদ্য-নৃত্য -ৰত চাৰণ-চাৰণী—

গায় সবে পঞ্চায়তী সৰগৰ মুকুতিৰ গান।

‘পঞ্চায়তী -ৰাজ’ৰ গোটেই গীতটোৰ ওপৰত ভেজা দি এজন পুৰুষ এজনী নাৰীয়ে ” ভাৰত-নাট্য-শাস্ত্ৰৰ এশ আঠোটা কৰণ আৰু বত্ৰিচ্ টা অঙ্গহাৰৰ পৰা চাকি চাকি বাছি বাছি উপযুক্ত কৰণ আৰু অঙ্গহাৰৰ লগত ‘ শ্ৰীহস্ত- মুক্তাৱলী ‘ ৰ পৰা উপযোগী শ্ৰীহস্ত মুদ্ৰা কিছুমান বুটলি লৈ বিবিধ ভঙ্গিমাৰে নাচি নাচি লয়লাসে হালি জালি গোটেই গীতটোৰ ভাব প্ৰকাশ কৰে।

সঙ্গীতৰ তালে তালে শব্দ কৰি কল-কাৰখানা আদি চলি থাকে। সেই কল-কাৰখানাত সমাজৰ আৱশ্যকীয় দ্ৰব্য সমাজৰ কাৰণে উৎপাদন কৰাৰ বাবে মুনাফালোভী ব্যক্তিগত স্বাৰ্থপূৰক শোষণবাদী ধনতন্ত্ৰবাদ ধ্বংস কৰি সমাজতন্ত্ৰবাদ প্ৰতিষ্ঠা কৰে।

 থুলমূল ভাৱে বিপ্লৱী কমিউনিষ্ট ভাৱাপন্ন নাট্যকাৰ বিষ্ণু ৰাভাৰ নৃত্য-গীতমূলক  ‘ন-পৃথিৱীৰ নতুন যুগ’ নাটকৰ বিষয়ে আলোকপাত কৰা হ’ল।