আচৰণে মানসিকতা নিৰ্ণয় কৰে – দুলুমণি দেৱী

Pc Magnific

আচৰণে মানসিকতা নিৰ্ণয় কৰে

দুলুমণি দেৱী,মাকুম

আচৰণৰ ওপৰত ব্যক্তিৰ ব্যক্তিত্ব নির্ভৰ কৰে৷মানসিকতা নিৰ্ণয় কৰে ৷ অভদ্রামি বা অভদ্র আচৰণে নিজৰ স্বভাৱটোহে প্রতিফলিত কৰে৷ সামাজিক মাধ্যমত দুটামান ভিদিঅ’ দেখা পালো ৷ দেখি ভাৱ হ’ল কিছুমান মানুহে আচলতে বিচাৰে কি ? বানপানী সময়ত সহায়ৰ হাত আগ‌ঢ়াবলৈ যাওঁতে ‌বাট আগভেটি ধৰা, পাওঁতেই এসোপামান বস্তু আনি ভিতৰত সোমাই থোৱা ,গাড়ীৰ পিছফালে ওলমি আৰু দিয়ক ,আৰু দিয়ক ইত্যাদি কৈ হৈ হাল্লা কৰা ইত্যাদিয়ে কিহৰ পৰিচয় বহন কৰে ?

এইবোৰৰ পৰা কিছুমান ব্যক্তিৰ স্বার্থপৰ আৰু আত্মকেন্দিকতা যে প্রকট হৈ দেখা দিয়ে তাক বিশ্লেষণ কৰি চাইছেনে ?এনে মনোভাৱসম্পন্ন ব্যক্তিয়ে সমাজখন কলুষিত নকৰিবনে ? নৱপ্রজন্মকো আওবাটে নিব ৷

অন্যহাতে অন্য এটা দিশো চকুত পৰিছে৷ বানপানী কবলত পৰা প্রত্যেকেই সুবিধা পাওঁক , …এনে মনৰ ব্যক্তিও বহুত আছে৷ আচলতে সুন্দৰ মনৰ ব্যক্তি থকা বাবে সমাজত মানৱীয়তা আছে ৷ এটা ভিদিঅ’ত দেখা পালো ,,,এঘৰত একাঠু পানী থকাৰ স্বত্বেও ৰেচনখিনি ওভোতাই দিছে যাৰ বহুত বেচি অসুবিধা তেওঁলোকক দিয়াৰ বাবে অনুৰোধ কৰিছে ৷

গতিকে দুখন ছবি ,এখনে প্রকাশ কৰিছে আত্মকেন্দ্রিকতা ,আৰু আনখনে মানৱীয়তা ৷গতিকে ভাবি চাওঁকচোন বাৰু উজনি অসমৰ তিনিখন জিলাৰ ভয়াবহ পৰিস্থিতি ,পৰিবেশেও যদি আমাৰ কিছুসংখ্যকৰ আত্মকেন্দ্রিক আচৰণ সলনি কৰি‌ব নোৱাৰে তেন্তে তেওঁলোকক নৈতিকতাৰ পাঠ কোনে পঢ়াব আৰু পঢ়ালে জানো বুজি পাব ?আৰু সেইচামৰ বাবে গাওঁখন ,সমাজখনৰো বদনাম হয় ৷ কাৰণ বনার্ত্য সকলক সহায় কৰিবলৈ ভিন্ন ঠাইৰ পৰা যোৱা ব্যক্তিসকলে  পৰিচয় জানে মাথো গাওঁখনহে ,প্রত্যেকজন মানুহৰ নাম এদ্রেচ জনাটো সম্ভৱপৰ নহয় ৷ গতিকে এজন বা দুজনৰ কুকর্মই যাতে সমাজখন সাঙুৰি ল’ব নোৱাৰে তাৰ বাবে সতর্ক হোৱাটো অতি প্রয়োজন ৷ এচামে অপকর্ম কৰিব অন্যসকলো বদনামৰ ভাগী হ’ব লগা হয়৷

সুস্থ মানসিকতা গঢ় দিবলৈ সুস্থ ‌বাতাবৰণৰ খুবেই দৰকাৰ ৷