প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নিটি আয়োগৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় নিটি আয়োগৰ একাদশ পৰিচালনা পৰিষদৰ বৈঠক । এই বৈঠকত “বিকশিত ভাৰত @২০৪৭ৰ বাবে সৰ্বাংগীন মানৱ উন্নয়ন” শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, আলোচনা আৰু নীতি-আদৰ্শৰ আদান-প্রদানে দেশৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাক শক্তিশালী কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিটি আয়োগ কেৱল এটা প্রতিষ্ঠান নহয়, ই হৈছে ৰাজ্যসমূহৰ মাজত সমন্বয়ৰক্ষাৰ এক সক্রিয় মঞ্চ। এই মঞ্চৰ জৰিয়তে সকলো ৰাজ্যই একেলগে কাম কৰি দেশক প্ৰগতিৰ দিশত লৈ যাবলৈ সক্ষম হ’ব। ভাষণ প্রসংগত তেওঁ লগতে দেশৰ যুৱপ্ৰজন্মৰ বাবে এক সঠিক পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। প্রধানমন্ত্রীয়ে কয় যে মানসম্পন্ন শিক্ষা, উদ্যোগমুখী, দক্ষতা বিকাশ আৰু নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য হোৱা উচিত। কাৰণ সবল যুৱপ্ৰজন্মই হ’ব বিকশিত ভাৰত যাত্ৰাৰ আটাইতকৈ ডাঙৰ শক্তি। তদুপৰি বিভিন্ন দেশৰ সৈতে স্বাক্ষৰিত হোৱা মুক্ত বাণিজ্য চুক্তিৰ প্ৰসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে লগতে কয় যে ইয়াৰ ফলত দেশৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডৰ বাবে বিশ্বৰ দুৱাৰ মুকলি হৈছে। ইফালে নাৰী নেতৃত্বাধীন উন্নয়নক ‘বিকশিত ভাৰত’ৰ আধাৰশিলা হিচাপে অভিহিত কৰি তেওঁ কয় যে কৃষি আৰু ষ্টার্টআপৰ পৰা আদি কৰি বিজ্ঞান আৰু উদ্ভাৱনলৈকে প্রতিটো ক্ষেত্ৰতে দেশৰ নাৰীশক্তিয়ে অভাৱনীয় অৱদান আগবঢ়াইছে। সেয়েহে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাক অগ্ৰাধিকাৰ দিয়া উচিত। এইবাৰৰ বৈঠকৰ মূল বিষয়বস্তু হৈছে ‘বিকশিত ভাৰত-২০৪৭’ৰ বাবে সর্বাংগীণ মানৱ উন্নয়ন। ইয়াৰ উদ্দেশ্য হৈছে বয়স, অঞ্চল, লিংগ বা আর্থ-সামাজিক বৈষম্য আঁতৰাই ভাৰতীয় সামগ্রী বিকাশ সুনিশ্চিত কৰা। এই লক্ষ্য চাৰিটা মূল স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। সেয়া হৈছে ভৱিষ্যতৰ বাবে উপযোগী শিক্ষা আৰু দক্ষতা বিকাশ, উৎপাদনশীল নিয়োগ আৰু বিকেন্দ্ৰীভূত আর্থিক বৃদ্ধি, উন্নত স্বাস্থ্য, পুষ্টি আৰু সামগ্রিক কল্যাণ আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে সমতা আৰু মর্যাদা। বৈঠকত দেশজুৰি নতুন উদ্যোগ সৃষ্টি, বহনক্ষম কর্মসংস্থাপন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ব্যৱহাৰ কৰি কেনেকৈ প্রশাসনক অধিক স্বচ্ছ কৰিব পৰা যায়, সেই সন্দর্ভতো বিশদ পৰিকল্পনা যুগুত কৰা হয়। বৈঠকত দেশৰ ২৮খন ৰাজ্যৰ মুখ্যমন্ত্রী, কেন্দ্রীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্রী পৰিষদৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে।
