ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল ২০২৪-২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ৷ বুধবাৰে সংগীত নাটক অকাডেমীয়ে পৰিবেশন কলাৰ ক্ষেত্ৰৰ সাতগৰাকী বিশিষ্ট ব্যক্তিক একাডেমী ফেল’শ্বিপ (অকাডেমী ৰত্ন) হিচাপে নিৰ্বাচিত কৰে ৷ লগতে ২০২৪-২৫ বৰ্ষৰ সংগীত, নৃত্য আৰু অন্যান্য পৰিবেশন কলাৰ ক্ষেত্ৰৰ ১০৮ গৰাকী শিল্পীলৈ বঁটা ঘোষণা কৰে । সংগীত নাটক অকাডেমীৰ সাধাৰণ পৰিষদে ১০৬ গৰাকী যুৱ শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰিছে । এই বঁটাসমূহ সংগীত নাটক অকাডেমীৰ অধ্যক্ষই বিশেষ অনুষ্ঠানত প্ৰদান কৰিব । ১৯৫২ চনৰ পৰা সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয় । এইবাৰ অভিনয় আৰু সত্ৰীয়া নৃত্যৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ৫গৰাকী বিশিষ্ট শিল্পীয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি এইবাৰ ৰাজ্যখনৰ ৬গৰাকী শিল্পীয়ে বিভিন্ন ক্ষেত্রত ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। সংগীত নাটক একাডেমী কর্তৃপক্ষই ঘোষণা কৰা অনুসৰি ২০২৪-২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে ক্ৰমে যশস্বী অভিনেত্রী চেতনা দাস, সত্রীয়া নৃত্যশিল্পী ড° মল্লিকা কন্দলি, ভাস্কৰজ্যোতি ওজা, প্রেম ওজা বৰবায়ন আৰু নৃত্যশিল্পী বিপুল চন্দ্র দাসে। আনহাতে বিভাগীয় কর্তৃপক্ষই ঘোষণা কৰা অনুসৰি সত্ৰীয়া নৃত্যশিল্পী মীনাক্ষি দাস, লোকসংগীত শিল্পী দিলীপ হীৰা, নগাঁও জিলাৰ ননৈ অঞ্চলৰ প্ৰতিভাৱান নাট পৰিচালক বিদ্যুৎ কুমাৰ নাথ, সত্ৰীয়া নৃত্যশিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন, খোলবাদক দেৱজিৎ শইকীয়া আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ বঁটা লাভ কৰিছে। ১৯৫৪ চনৰ ৪ নৱেম্বৰত শ্বিলঙত জন্মগ্ৰহণ কৰা যশস্বী অভিনেত্রী চেতনা দাসক ২০২৫ বৰ্ষৰ বাবে অভিনয় ক্ষেত্ৰখনৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছে। আনহাতে ড° মল্লিকা কন্দলিক ২০২৫ বৰ্ষৰ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত সংগীত নাটক একাডেমী বঁটা আৰু ভাস্কৰজ্যোতি ওজাক সংশ্লিষ্ট ক্ষেত্ৰখনত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। একেদৰে ২০২৪ বৰ্ষৰ বাবে সত্ৰীয়া নৃত্য শিল্পী প্রেম ওজা বৰবায়ন আৰু কথক নৃত্য শিল্পী বিপুল চন্দ্র দাসক সংগীত নাটক একাডেমী বঁটাৰে সন্মানীত কৰা হয়।

ইপিনে ঘোষণা কৰা অনুসৰি ২০২৪ বৰ্ষৰ বাবে সত্ৰীয়া নৃত্য শিল্পী মীনাক্ষি মেধি, লোকসংগীত শিল্পী দিলীপ হীৰা আৰু নাট পৰিচালক বিদ্যুৎ কুমাৰ নাটক ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ সন্মান প্ৰদান কৰা হৈছে। একেদৰে সত্ৰীয়া নৃত্যশিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন, খোলবাদক দেৱজিৎ শইকীয়া আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাক ২০২৫ বৰ্ষৰ বাবে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে দেশৰ ১০৮গৰাকী শিল্পীক সংগীত নৃত্য থিয়েটাৰ, পুতলা নাচকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনত থকা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। সংগীত নাটক অকাডেমী ফেল’শ্বিপৰ বাবে তিনি লাখ টকা আৰু সংগীত নাটক অকাডেমী বঁটাৰ বাবে এক লাখ টকা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও এখন তাম্ৰ-পত্ৰ আৰু অংগবস্ত্ৰও প্ৰদান কৰা হয় বঁটা প্ৰাপকসকলক । উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰা সকলে পঁচিশ হাজাৰ টকাৰ উপৰিও এখন তাম্ৰ-পত্ৰ আৰু এখন অংগবস্ত্ৰ লাভ কৰে । সংগীত নাটক অকাডেমীৰ ফেল’শ্বিপ আৰু বঁটা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ অনুষ্ঠানত প্ৰদান কৰিব । আনহাতে বঁটা প্ৰাপকসকল শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে কয়, সংগীত-নাটক একাডেমী বঁটা আৰু ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰেৰে সন্মানিত অসমৰ সকলো গুণী শিল্পীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সত্ৰীয়া, লোকসংস্কৃতি, নাট্যচৰ্চা আৰু সংগীতৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়াই অহা অৱদান আৰু সাধনাই আমাৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰি ৰাখিছে। এই সন্মানে অসমৰ সাংস্কৃতিক ঐতিহ্যক জাতীয় পৰ্যায়ত আৰু অধিক মৰ্যাদা প্ৰদান কৰিলে। অসমৰ উন্নয়নী যাত্ৰাৰ সমান্তৰালভাৱে আমাৰ সমৃদ্ধ সংস্কৃতি, পৰম্পৰা অধিক আগলৈ নিয়াৰ প্ৰতিও আমি সমানে প্ৰতিশ্ৰুতিবদ্ধ।
