মর্মপীড়াৰ নিমগ্নতা – নিৰঞ্জন ঠেঙাল

Pc Magnific

মর্মপীড়াৰ নিমগ্নতা

নিৰঞ্জন ঠেঙাল ,গোলাঘাট

সম্পৰ্কৰ বন্তীগছিয়ে যেতিয়া
শেষ হুতাশনৰ দ্যুতি চতিয়াইছিল
তেতিয়া যে –
বুকুত অন্যঃদহনৰ প্ৰভাত হৈছিল…….
অমানিশাৰ কাল গ্ৰাহতাই মোক
তিলতিলকৈ আত্মসাৎ কৰি
দলিয়াই দিছিল ছদ্মবেশী
সমাজৰ মাজলৈ!
য’ত মই মোক আৱিষ্কাৰ কৰিলোঁ‌,
অথচ মৰ্মপীড়াৰ শোষণত ভষ্ম হৈ গ’ল
মোৰ প্ৰীতিৰ লালসা।
শ্বাসাৰুদ্ধ হৈ মৰ্মাহতৰ
দীপ্তিহীন বন্ধ কোঠাৰ অটলতাত
বিয়পি পৰিছিলোঁ……
ভাগ্যে তেতিয়া মোৰ মন স্থিৰ হৈ ৰ’ল,
ধী ৰ সুফলত জীয়াই থাকিলোঁ
উশাহ লৈ, লক্ষ্য লৈ।
এতিয়া অপ্ৰয়োজনীয় চাৰিওকাষ
আৰু তাৰ সংসৰ্গতা…..
কাৰণ মই এতিয়া চ্যুত-বিচ্যুত হৈ
গঢ়ি উঠা এটা অদ্বিতীয় সুভা।