আজিৰে পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ
ৰঙিলী বাৰ্ত্তাসেৱা- মাজতে মাত্র কেইটামান ঘণ্টা বাকী। দুভৰিৰ যাদুত কঁপিব বিশ্ব ফুটবল। আজিৰে পৰা ১৯ জুলাইলৈ মুঠ ৩৯ দিন ধৰি চলিব এই মহাৰণ। আজিৰে পৰা আমেৰিকা-কানাডা-মেক্সিকোত আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ ত্রয়োবিংশতিতম সংস্কৰণ। মেক্সিকোৰ ঐতিহাসিক এজটেকা ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাযুদ্ধ। পূৰ্বতকৈ এইবাৰৰ ফিফা বিশ্বকাপ ব্যতিক্রম। ফুটবল বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৩২টা দলৰ পৰিৱৰ্তে অংশগ্ৰহণ কৰিব সৰ্বমুঠ ৪৮টা দলে। তিনিখন দেশৰ ১৬খন স্টেডিয়ামত অনুষ্ঠিত হ’ব ১০৪খনকৈ মেচ। ইয়াৰ ভিতৰত আমেৰিকাৰ ১১খন, কানাডাৰ দুখন আৰু মেক্সিকোৰ তিনিখন চহৰত প্ৰতিযোগিতাখনৰ মেচ অনুষ্ঠিত হ’ব। উল্লেখ্য যে ২০০২ চনৰ পিছত একাধিক ৰাষ্ট্ৰৰ সহযোগত আয়োজন কৰা এইখনেই হ’ব প্ৰথম পুৰুষ বিশ্বকাপ। আনহাতে, ১৯৭০ আৰু ১৯৮৬ চনৰ পিছত এই প্রতিযোগিতাৰ ইতিহাসত সহযোগী বা নিজাকৈ সৰ্বাধিক তিনিবাৰ বিশ্বকাপ আয়োজন কৰা মেক্সিকো প্রথমখন দেশ হিচাপে পৰিগণিত হ’ব। আনহাতে, ইয়াৰ পূৰ্বে ১৯৯৪ চনত আমেৰিকাই পুৰুষৰ বিশ্বকাপ আয়োজন কৰিছিল। তেনেদৰে প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপ প্রতিযোগিতাৰ আয়োজক বা সহযোগী আয়োজক হিচাপে কানাডাৰ অন্তর্ভুক্তি হ’ব। ইপিনে, ভাৰতীয় সময় অনুসৰি আজি নিশা ১২.৩০ বজাত কিক অফ হ’ব বিশ্ব ফুটবলৰ মহাৰণৰ। ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত আয়োজক মেক্সিকোৰ প্রতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্রিকা। তৃতীয় বাৰলৈ ফিফা বিশ্বকাপ আয়োজন কৰা বিশ্বৰ প্ৰথম ষ্টেডিয়ামত পৰিণত হ’ব এজটেকা ষ্টেডিয়াম। ৩৯ দিন ধৰি চলিবলগীয়া ফুটবল মহাৰণৰ সামৰণি পৰিব নিউয়ৰ্কৰ ঐতিহাসিক মেটলাইফ ষ্টেডিয়ামত। ১৯ জুলাইৰ নিশা মেটলাইফ ষ্টেডিয়ামতে চূড়ান্ত হ’ব ২০২৬ চনৰ ফিফা বিশ্বকাপৰ চেম্পিয়ন দল। ৩৯ দিন ধৰি চলিবলগীয়া এই ফুটবল মহাৰণত অনুৰাগীসকলে নিজ নিজ পছন্দৰ খেলুৱৈৰ খেল উপভোগ কৰিবলৈ সাজু হৈছে। মেছি-ৰ’নাল্ডোৰ মেজিক, এমবাপেৰ ধুমুহা, নেইমাৰৰ ড্রিবলিং চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে বিশ্বৰ সহস্রাধিক ফুটবল অনুৰাগী। ইফালে, এইবাৰৰ বিশ্বকাপত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব লামিন য়ামালৰ ওপৰত। প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত তিনিটাকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। কাইলৈ প্রথমটো উদ্বোধনী অনুষ্ঠান মেক্সিকোৱে আয়োজন কৰিব। আজি নিশা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকর্ষণ হ’ল বিশ্ববিখ্যাত পপ ষ্টাৰ ছাকিৰা। ছাকিৰাই নাইজেৰিয়াৰ শিল্পী বানাবয়ৰ সৈতে প্রতিযোগিতাখনৰ থীম ছং ‘ডায়া ডায়া’ পৰিৱেশন কৰিব। উদ্বোধনী অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ গায়ক-গীতিকাৰ টাইলা আৰু কলম্বিয়াৰ গায়ক আলেজান্দ্ৰো ফার্নাণ্ডেজ, লীলা ডাউনছ আৰু বেলিণ্ডায়ো অনুষ্ঠান পৰিৱেশন কৰিব। ডেনি অ’ছেনেও কণ্ঠদান কৰিব। মেক্সিকান পপ বেণ্ড মানা আৰু মিউজিকেল গ্রুপ লছ এঞ্জেলছ এজুলেছকোয়ো উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে, কানাডাৰ মুকলি অনুষ্ঠান ১২ জুনৰ নিশা ১১ বজাত টৰণ্টোত অনুষ্ঠিত হ’ব। কানাডাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য আকর্ষণ হ’ল ভাৰতৰ জনপ্রিয় অভিনেত্রী নোৰা ফতেহী। আনহাতে, ১৩ জুনৰ পুৱা ৫ বজাত লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আমেৰিকাৰ উদ্বোধনী অনুষ্ঠান।
