প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ পত্র

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ পত্র

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীর্ঘ সময় ভাৰতৰ প্রধানমন্ত্রী হিচাপে এক নতুন ইতিহাস ৰচনা কৰাৰ ঐতিহাসিক ক্ষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রীজনক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত এন ডি এ চৰকাৰৰ ১২ বছৰীয়া বর্ষপূর্তি উদযাপন অনুষ্ঠানত প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ ৩.৫ কোটি জনসাধাৰণৰ কৃতজ্ঞতা, মৰম আৰু শ্রদ্ধা জ্ঞাপন কৰি এক বিশেষ পত্ৰ অৰ্পণ কৰে। পত্ৰখনত মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্রী মোদীৰ কাৰ্যকালক এক পৰিৱৰ্তনকাৰী যুগ হিচাপে অভিহিত কৰে, যিয়ে কেন্দ্ৰৰ সৈতে অসমৰ সম্পৰ্কক এক নতুন ৰূপ প্রদান কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে। যাৰ ফলত অসম এখন নিৰ্ভৰশীল ৰাজ্যৰ পৰা ভাৰতৰ বিকাশৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা ৰাজ্য হিচাপে গঢ়ি উঠিবলৈ সক্ষম হৈছে। পত্ৰখনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে দশক দশক ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ প্ৰায়ে ৰাষ্ট্ৰীয় মূলসুঁতিৰ পৰা আঁতৰত থকা যেন অনুভৱ কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, প্রধানমন্ত্রী মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক প্রান্তীয় অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দুলৈ অনা হৈছে, যাৰ ফলত অসম আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কৰো পৰিৱৰ্তন ঘটিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্রধানমন্ত্রী মোদীৰ দৃষ্টিভংগী, বিশেষকৈ অঞ্চলটোক ‘অষ্টলক্ষ্মী’ৰ মৰ্যাদা প্ৰদান কৰাৰ ওপৰত আলোকপাত কৰে। তেওঁৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্রধানমন্ত্রী মোদীৰ দৃষ্টিভংগীয়ে লাখ লাখ মানুহৰ মনত আত্মবিশ্বাস জগাই তুলিবলৈ সহায় কৰিছে তথা প্রত্যাহ্বানৰ সৈতে জড়িত থকা অঞ্চলটোৰ পৰিচয় সলনি কৰি ইয়াৰ শক্তি আৰু সম্ভাৱনীয়তাক স্বীকৃতি প্রদান কৰিছে। দেশৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে অসমে জিএছটি অনুমোদন কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ‘এ ফৰ আছাম’ বুলি কৰা মন্তব্যই ৰাইজৰ হৃদয় স্পর্শ কৰি গৈছিল। অসমৰ সৈতে প্রধানমন্ত্রী মোদীৰ এক অনন্য ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী হিচাপে নিজৰ কার্যকালত মোদীয়ে ৩৬বাৰ অসম ভ্রমণ কৰিছে, যিটো তেওঁৰ পূৰ্বসূৰীসকলৰ ভিতৰত সৰ্বাধিক। প্রধানমন্ত্রী মোদীৰ প্ৰতিটো ভ্রমণেই এই বাৰ্তাই প্ৰদান কৰিছিল যে অসমৰ ভৱিষ্যৎ আৰু আশা-আকাংক্ষা দেশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। প্রধানমন্ত্রী মোদীয়ে অসমীয়া পৰিচয়ক ধাৰাবাহিকভাৱে প্ৰসাৰ কৰাৰ কথা, বিশেষকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰম্পৰাগত ফুলাম গামোচা সঘনাই ব্যৱহাৰ কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চহকী সাংস্কৃতিক পৰম্পৰাক অভূতপূর্বভাৱে ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিচিতি প্ৰদান কৰাৰ কৃতিত্ব
প্রধানমন্ত্রী মোদীক প্ৰদান কৰে। হাজাৰ হাজাৰ শিল্পী জড়িত থকা ঐতিহাসিক বিহু প্রদর্শন, বড়ো সম্প্ৰদায়ৰ বাগৰুমবা নৃত্যৰ স্বীকৃতি আৰু ঝুমুইৰ সংস্কৃতি উদযাপনক ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গৌৰৱ কঢ়িয়াই অনা মুহূর্ত বুলি উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, প্রধানমন্ত্রী মোদীৰ উপস্থিতিত গ্ৰহণ কৰা এই পদক্ষেপসমূহে অসমৰ সাংস্কৃতিক ঐতিহ্যক এটা আঞ্চলিক ঐতিহ্যৰ পৰা ৰাষ্ট্ৰীয় সম্পত্তিলৈ উন্নীত কৰিছে। প্রধানমন্ত্রী মোদীৰ কাজিৰঙা ভ্ৰমণৰ কথাও সুঁৱৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনত এৰাতি কটোৱা একমাত্র প্রধানমন্ত্রী হৈছে মোদী। তেওঁৰ কাজিৰঙা ভ্রমণে অসমৰ অন্যতম আপুৰুগীয়া প্রাকৃতিক সম্পদৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। পত্ৰখনত প্রধানমন্ত্রী মোদীৰ কাৰ্যকালত আর্জিত কেইবাটাও মাইল ষ্টোনৰ কথাও উল্লেখ কৰা হৈছে। যাৰ ভিতৰত আছে চৰাইদেউ মৈদামে লাভ কৰা ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি, অসমীয়াক প্ৰদান কৰা ধ্রুপদী ভাষাৰ মর্যাদা আৰু আহোম সেনাপতি লাচিত বৰফুকনক প্ৰদান কৰা ৰাষ্ট্ৰীয় স্বীকৃতি। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এই সাফল্যসমূহে অসমৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাৰ লগতে বহুপ্রত্যাশিত স্বীকৃতি সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে। আনহাতে অর্থনৈতিক প্রগতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডত থকা ২৭,০০০ কোটিটকীয়া টাটা ছেমিকণ্ডাক্টৰ ফেচিলিটী, বাঁহভিত্তিক বায়’-ৰিফাইনেৰী প্ৰকল্প আৰু নুমলীগড় শোধনাগাৰক ৯ এম এম টি পি এলৈ সম্প্ৰসাৰণ কৰাৰ দৰে বৃহৎ বিনিয়োগৰ কথা আঙুলিয়াই দিয়ে। ছেমিকণ্ডাক্টৰ প্ৰকল্পটোক মুখ্যমন্ত্রীয়ে এক যুগান্তকাৰী সাফল্য হিচাপে অভিহিত কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই মোদীৰ নেতৃত্বত আন্তঃগাঁথনি পৰিৱৰ্তনৰ কথা ব্যক্ত কৰি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মাণ কৰা দলং, নতুন কৰিড’ৰ, ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰ জৰিয়তে যাতায়াত ব্যৱস্থাৰ দ্রুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰে।