ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে চি এম এ এ এৰ অধীনত ৪,৫৪৭ গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্য বিতৰণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান চি এম এ এ এ ১.০ আৰু ২.০ৰ অধীনত আৰ্থিক সাহায্য বিতৰণৰ বাবে ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিতে একেলগে জিলা পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী জৰিয়তে জিলাখনৰ উদীয়মান তথা ইতিমধ্যে উদ্যোগ স্থাপন কৰা উদ্যোগীসকলক স্ব-নিয়োজন, উদ্যোগিতা আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত আৰ্থিক আৰু প্ৰতিষ্ঠানিক সহায় আগবঢ়োৱা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত মূল অনুষ্ঠানটো অনুষ্ঠিত হয়। অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, উপস্থিত থাকে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ৬৪৩ গৰাকী হিতাধিকাৰীক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। ইয়াৰে ৫৫৯ গৰাকী চি এম এ এ এ ২.০ আৰু ৮৪ গৰাকী চি এম এ এ এৰ ১.০ৰ অধীনৰ হিতাধিকাৰী। জিলা খনৰ আনকেইটা বিধানসভা সমষ্টিসমূহতো নিৰ্ধাৰিত স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হয়। চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত মুঠ ৭৩৬ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হয়। ইয়াৰে ৬৩৬ গৰাকী চি এম এ এ এ ২.০ আৰু ১০০ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। টিংখাং বিধানসভা সমষ্টিত মুঠ ৯০৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৮৪১ গৰাকী চি এম এ এ এ ২.০ আৰু ৬৫ গৰাকীচি এম এ এ এ ১.০ৰ অধীনৰ। খোৱাং বিধানসভা সমষ্টিত মুঠ ৬৯৯ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৬০৩ গৰাকী চিএমএ এ এ ২.০ আৰু ৯৬ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। নাহৰকটীয়া বিধানসভা সমষ্টিত মুঠ ৮১৯ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৭১৬ গৰাকী চি এম এ এ এ ২.০ আৰু ১০৩ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ। দুলীয়াজান বিধানসভা সমষ্টিত মুঠ ৭৪৪ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৬২৯ গৰাকী চি এম এ এ এ ২.০ আৰু ১১৫ গৰাকী চি এম এ এ এ ১.০ৰ অধীনৰ হিতাধিকাৰী। জিলাখনৰ ছটা বিধানসভা সমষ্টিতে অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ভাৰ্চুৱেলি পোনপটীয়া সম্প্ৰচাৰ সকলো নিৰ্ধাৰিত অনুষ্ঠানস্থলতে প্ৰদৰ্শন কৰা হয়। ছটা বিধানসভা সমষ্টিৰ হিতাধিকাৰী আৰু অংশগ্ৰহণকাৰীসকলে প্ৰথমে ভাৰ্চুৱেল মাধ্যমেৰে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত নিজ নিজ বিধানসভা সমষ্টিৰ অনুষ্ঠানত আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিত মুঠ ৪,৫৪৭ গৰাকী হিতাধিকাৰীক এই আনুষ্ঠানিক আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। ইয়াৰে ৩,৯৮৪ গৰাকী চি এম এ এ এ ২.০ আৰু ৫৬৩ গৰাকীচি এমএ এ এ ১.০ৰ অধীনৰ হিতাধিকাৰী।উল্লেখযোগ্য যে, চিএমএএএ ১.০ৰ অধীনত যিসকল হিতাধিকাৰীৰ উদ্যোগে অগ্ৰগতি আৰু কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিছে, তেওঁলোকক পৰৱৰ্তী কিস্তিৰ আৰ্থিক সাহায্যৰ বাবে বিবেচনা কৰা হৈছে। একেদৰে, চি এম এ এ ২.০ৰ অধীনত নিৰ্ধাৰিত উদ্যোগিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা পূৰণ কৰা হিতাধিকাৰীসকলক পৰৱৰ্তী কিস্তিৰ আৰ্থিক সাহায্যৰ বাবে সামৰি লোৱা হৈছে।মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ পিছত সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহত অনুষ্ঠিত অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত অনুমোদিত আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। জিলা প্ৰশাসনে সকলো হিতাধিকাৰীক লাভ কৰা আৰ্থিক সাহায্য বিবেচনাপূৰ্ণ আৰু উৎপাদনশীলভাৱে ব্যৱহাৰ কৰি কাৰ্যক্ষম আৰু বহনক্ষম উদ্যোগ গঢ়ি তোলাত গুৰুত্ব দিবলৈ আহ্বান জনায়। লগতে, সংশ্লিষ্ট বিভাগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক হিতাধিকাৰীৰ উদ্যোগ সফলভাৱে স্থাপন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ, কাৰিকৰী সহায় আৰু হেণ্ডহোল্ডিং সহায় আগবঢ়াবলৈ আহ্বান জনোৱা হয়।”মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান”ৰ মূল উদ্দেশ্য হৈছে উদ্যোগিতাৰ পৰিৱেশ অধিক শক্তিশালী কৰা, হিতাধিকাৰীসকলক বহনক্ষম জীৱিকাৰ সুযোগ গ্ৰহণত সক্ষম কৰি তোলা, নিয়োগৰ সুযোগ সৃষ্টি কৰা আৰু অসমৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ বাবে উৎসাহিত কৰা।
