ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণ সুবিধা

ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণ সুবিধা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চাহ বাগিচাৰ বিদ্যালয়ৰ শিক্ষার্থীসকলৰ বাবে আহিল ভাল খবৰ। অসম চৰকাৰে আৰম্ভ কৰিছে এক নতুন অভিলাষী আঁচনি। এই আঁচনিৰ দ্বাৰা চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণৰ ব্যৱস্থা কৰি দিব চৰকাৰে। অসমৰ মুঠ ১১ খন জিলাত ৰূপায়ণ হ’ব এই ব্যবস্থা। বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই আঁচনিৰ কথা উল্লেখ কৰি কয় যে ১০ জুনৰ পৰা আৰম্ভ হোৱা এই সুবিধা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে অব্যাহত থাকিব। ইয়াৰ জৰিয়তে উপকৃত হ’ব ৯,৭১৪ গৰাকী শিক্ষার্থী। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পৰিবহণ ব্যৱস্থাৰ কথা উল্লেখ কৰাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও বিষয়টো সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে। সেই অনুসৰি পৰিবহণৰ এই ব্যৱস্থা বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ যোগাৰ কৰা হ’ব। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত ৫,৪০০ টকাৰ আৰ্থিক সহায় হ’ব। ১১খন জিলাক সামৰি ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে ১৯৮খন বিদ্যালয়ক সাঙুৰি লোৱা হৈছে। এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ সময়ত প্রত্যক্ষ কৰিছিল যে বহু বিদ্যালয় আন বিদ্যালয়ৰ সৈতে সংযোগ কৰি দিয়াৰ ফলত একাংশ ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত সমস্যাৰ কথা বহু অভিভাৱকে উত্থাপন কৰিছিল। এই অভিযোগ পৰীক্ষা কৰাৰ অন্তত পৰিলক্ষিত হৈছিল যে নির্দিষ্ট কিছুমান অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত যাতায়াতৰ সমস্যাত ভোগে। সেয়েহে বিষয়টোত গুৰুত্ব প্রদান কৰি পৰীক্ষামূলকভাৱে এই আঁচনি গ্রহণ কৰা হৈছে। পৰীক্ষামূলক এই আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণৰ সুবিধা দিয়া হ’ব। এই লক্ষ্যৰে বুধবাৰৰ পৰা প্ৰায় ১০ হাজাৰ বিনামূলীয়াকৈ বাছেৰে বিদ্যালয়লৈ অনা-নিয়া কৰা আৰম্ভ হ’ব। মূলতঃ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক যাতায়াতৰ ক্ষেত্ৰত এই বিনামূলীয়া পৰিবহণ ব্যৱস্থা যথেষ্ট সুবিধাজনক হ’ব। এই আঁচনিখনক কিদৰে শিক্ষার্থী তথা অভিভাৱকে আদৰি লয় তাৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে আঁচনিখনৰ সময়সীমা বৃদ্ধি কৰা হ’ব।