দিনবোৰ দিন হৈ থকা নাই – বাহাৰুল ইছলাম 

Pc Shutterstock

দিনবোৰ দিন হৈ থকা নাই

বাহাৰুল ইছলাম 

দিনবোৰ দিন হৈ থকা নাই
অতিবাহিত হ’ল
অসংখ্য যুগ, বহুত পৰিক্ৰমা
সময়ে বয়সক গিলি খায়
এঢাপ এঢাপকৈ আগুৱাই যায়
কত আহিছে কত গৈছে
দিনৰ পিছত দিন গ’ল
জগত খন সলনি হ’ল।
দিনবোৰ দিন হৈ থকা নাই
কেতিয়াবা মন মোৰ দহে
অতীতক ৰোমন্থন কৰি
তফাৎ হ’ল অনেক
তাহানিৰ দিন আৰু ৰাতিবোৰ
সেই নিৰ্মূল সম্পৰ্কবোৰ
ইঘৰে-সিঘৰে আৰু বহুঘৰে
খাঁটি মৰমবোৰো যেন ক’ৰবাত হেৰাই থাকিল।
চোতালৰ মেল
হৰষৰ খেল
সমনিয়াৰ পৰশৰ শান্তি
দূৰ হয় তনু-মনৰ ক্লান্তি
মিলা প্ৰীতিৰ অপূৰ্ব নিদৰ্শন
ভাগৰুৱা আত্মাৰ স্মৃতি দৰ্পণ
দিনবোৰ দিন হৈ থকা নাই।
স্বাৰ্থত অন্ধ, স্বাৰ্থত বন্ধ
স্বাৰ্থ বিনে সৱেই মন্দ
অভাৱ হৈছে
একাঁজলি নিৰ্ভেজাল মাতৰ
যি মাতে কঢ়িয়াই জী থকাৰ আনন্দ
আগুৱাই যোৱাৰ পথ
হেৰাই থাকিল আজি
সেঁতু নিৰ্মাণ কৰা কিছু সম্পৰ্ক
যিয়ে দিছিল প্ৰকৃত মাদকতা
দিনবোৰ দিন হৈ থকা নাই ।
সম্পৰ্ক ধৰি ৰখা সহজ নহয়
পৰাস্ত হয় বাৰে বাৰে
সূক্ষ্ম অজুহাতত
হৃদয়ে হৃদয়ক ডুবাই মাৰে
সাপ ৰূপে খুঁটে বেজ ৰূপে জাৰে
নৰ ৰূপী দৈত্য-দানৱে কঁপাইছে জগত
গিলি গিলি খাইছে মনুষ্যত্ব
উপভোগ কৰিছে সহস্ৰ জনে ৰং-ৰহইচ
সঁচাকৈয়ে দিনবোৰ দিন হৈ থকা নাই।