অসম হ’ব কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ

Pc Aaro Ananda

অসম হ’ব কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ কনচাৰ্ট ইক ‘নমিৰ নতুন অভিকেন্দ্র হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম। গুৱাহাটীৰ খানাপাৰাত প’ষ্ট মেলনৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু আগন্তুক ৫ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূর্বানুমান কৰা হৈছে। অসম পর্যটন উন্নয়ন নিগম, বুকমাইশ্ব’ আৰু ই ৱাই-পার্থেননৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। গুৱাহাটীত এক সংবাদ মেলযোগে প’ষ্ট মেলনৰ ঐতিহাসিক কনচাৰ্টৰ সফলতাৰ প্ৰেক্ষাপটত অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি)-ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই অসমত আগন্তুক ৫ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ কথ প্ৰকাশ কৰাৰ লগতে কনচাৰ্ট টুৰিজিমৰ অংশ ৰূপে অসমত গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়তো এবছৰত ৩টাকৈ কনচার্ট অনুষ্ঠিত হ’ব বুলি সদৰী কৰে। অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) ৰ পৰিচালন সঞ্চালক গৰাকীয়ে ইণ্টাৰনেচনেল কনচাৰ্ট এৰিনা গুৱাহাটীত নিৰ্মাণ হ’ব বুলিও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে। উল্লেখ্য যে লাইভ মনোৰঞ্জন আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম শীর্ষ প্লেটফর্ম বুকমাইশ্ব’ই অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু ইৱাই-পাৰ্থেননৰ সহযোগত প্ৰকাশ কৰিছে ‘দ্য আছাম ব্লু-প্রিন্ট: টার্নিং লাইভ মিউজিক ইক ‘নমি ইনটু এ ট্যুৰিজিম মাল্টিপ্লায়াৰ’ শীর্ষক এক প্রতিবেদন। গুৱাহাটীত প’ষ্ট মেলনৰ প্ৰথম একক ভাৰত ভ্ৰমণৰ কনচাৰ্টৰ প্ৰেক্ষাপটত প্ৰস্তুত কৰা এই প্রতিবেদনত অসমৰ লাইভ মনোৰঞ্জন খণ্ডৰ অৰ্থনৈতিক, পৰ্যটন, কর্মসংস্থাপন আৰু সাংস্কৃতিক প্রভাৱ সবিশেষ পর্যালোচনা কৰা হৈছে। বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পার্থেননৰ এই প্ৰতিবেদনত অসমক এক গুৰুত্বপূর্ণ উদাহৰণ হিচাপে দাঙি ধৰা হৈছে, য’ত সুপৰিকল্পিত পৰিৱেশতন্ত্ৰ গঢ়ি তোলা, পর্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীর্ঘম্যাদী বিনিয়োগৰ জৰিয়তে লাইভ মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অর্থনৈতিক প্ৰগতিৰ শক্তিশালী চালিকাশক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক অনুষ্ঠানৰ এটা ধাৰাবাহিক আয়োজন গঢ়ি তুলিব পৰা গ’লে অহা পাঁচ বছৰত অসমত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্ৰভাৱ সৃষ্টি হ’ব পাৰে বুলি প্ৰতিবেদনত অনুমান কৰা হৈছে। ২০২৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত প’ষ্ট মেলনৰ কনচাৰ্টক এটা ক্ষেত্ৰ অধ্যয়ন হিচাপে দাঙি ধৰি বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পার্থেননৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে এই অনুষ্ঠানে সৰ্বমুঠ ৪৩ কোটি টকাৰ অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত দৰ্শকৰ ব্যয়ৰ জৰিয়তে পোনপটীয়াকৈ ৩২ কোটি টকা অসমৰ অৰ্থনীতিত যুক্ত হৈছে, লগতে জিএছটি বাবদ আন প্রায় ৫ কোটি টকাৰ ৰাজহ আদায় হৈছে। সেই সময়ছোৱাত বিমান সেৱাত গুৰুতৰ পৰিচালনাগত ব্যাঘাত থকাৰ পাছতো কনচাৰ্টত প্রায় ২০ হাজাৰ দর্শক উপস্থিত থাকে। লক্ষণীয়ভাবে, এই কনচার্টত উপস্থিত থকা ৫৩ শতাংশ দর্শকৰেই আছিল গুৱাহাটীৰ বাহিৰৰ পৰা অহা। ভাৰতৰ ২০০তকৈও অধিক চহৰ তথা জনপদৰ দৰ্শকে গুৱাহাটীত উপভোগ কৰিছিল প’ষ্ট মেলনৰ কনচাৰ্ট। বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পার্থেননৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি, প’ষ্ট মেলনৰ কনচাৰ্টক কেন্দ্ৰ কৰি পৰ্যটন, আতিথ্য, পৰিবহণ, খুচুৰা বাণিজ্য আৰু স্থানীয় ব্যৱসায়ত উল্লেখনীয় অর্থনৈতিক প্ৰভাৱ পৰে। প্ৰতিবেদন অনুযায়ী, কনচাৰ্টৰ টিকটত প্রতি ১০০ টকা ব্যয়ৰ বিপৰীতে দর্শকে বাসস্থান, যাতায়াত, খাদ্য, বজাৰ কৰা আৰু স্থানীয় বিভিন্ন সেৱাত অতিৰিক্ত ৮৯৯ টকা ব্যয় কৰে। কনচাৰ্ট অনুষ্ঠিত হোৱা সপ্তাহান্তত গুৱাহাটীৰ হোটেলসমূহত কোঠা দখলৰ হাৰ প্ৰায় ৩০ শতাংশ বৃদ্ধিপায়। একে সময়তে স্থানীয় পৰিবহণ সেৱাৰ চাহিদা ৫০ শতাংশতকৈও অধিক বাঢ়ি যায়। ৰেষ্টুৰেণ্ট আৰু কেফেসমূহত অহা গ্ৰাহকৰ সংখ্যা ৩৩ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ বিপৰীতে খুচুৰা ব্যৱসায়িক প্রতিষ্ঠানসমূহত ক্ৰেতাৰ উপস্থিতি ৩০ শতাংশতকৈও অধিক হয়। কনচার্টকে কেন্দ্ৰ কৰি আঞ্চলিক পর্যটনতো ইতিবাচক প্ৰভাৱ পৰে। অনুষ্ঠানত অংশ ল’ বলৈ অহা দর্শকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী দ্বীপ, কামাখ্যা মন্দিৰ আৰু শিৱসাগৰৰ দৰে পৰ্যটনস্থলীসমূহো ভ্ৰমণ কৰে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব আৰু অধিক শক্তিশালীভারে প্রতিফলিত হৈছে। বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পার্থেননৰ প্ৰতিবেদনে ভাৰতৰ লাইভ মনোৰঞ্জন উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ ক্রমবর্ধমান গুৰুত্বকো সমুখলৈ আনিছে। ২০২৫ চনত গুৱাহাটীত লাইভ অনুষ্ঠানত দৰ্শকৰ উপস্থিতি ১৮৮ শতাংশ বৃদ্ধি পায় আৰু সেই বৰ্ষত চহৰখনত ৫৫টা টিকটভিত্তিক লাইভ অনুষ্ঠানৰ আয়োজন হয়। পার্শ্ববর্তী শ্বিলঙৰ সৈতে মিলি গুৱাহাটী লাহে লাহে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক আয়োজনৰ এটা গুৰুত্বপূৰ্ণ গন্ত ব্যস্থল হিচাপে প্রতিষ্ঠিত হৈছে। প্রতিবেদনৰ মতে, এই পৰিৱৰ্তন কেৱল উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ নহয়, ই সমগ্র দেশতে গঢ়ি উঠা এটা বৃহৎ ধাৰাৰো প্ৰতিফলন। বুকমাইশ্ব’ৰ মতে, সম্প্ৰসাৰিত আন্তঃগাঁথনি, ক্রমবর্ধমান প্রডাকচন সক্ষমতা আৰু এটা বহনক্ষম পৰিৱেশতন্ত্ৰৰ সহায়ত এই খণ্ডই ৰাজ্যখনত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্রিক অর্থনৈতিক প্রভাৱ সৃষ্টি কৰিবলৈ সক্ষম হ’ব। এই সন্দৰ্ভত অসম পর্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি)ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, আইআৰএছে কয়, ‘অসমৰ বাবে কনচাৰ্ট অর্থনীতি কেৱল মনোৰঞ্জনৰ বিষয় নহয়, ই পর্যটন, সংস্কৃতি, যুৱ সমাজৰ অংশগ্ৰহণ আৰু অৰ্থনৈতিক প্রগতিক একেলগে আগুৱাই নিয়াৰ এক অন্যতম মাধ্যম। আমাৰ লক্ষ্য হৈছে এনে এটা সহায়ক পৰিৱেশ গঢ়ি তোলা, য’ত বৃহৎ পৰিসৰৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ আয়োজনৰ সুযোগলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ৰাজ্যখনলৈ পর্যটক আকর্ষিত হ’ব, স্থানীয় কর্মসংস্থাপন সৃষ্টি হ’ব আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম আৰু অধিক উজলি উঠিব। স্মন্তব্য যে গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক প্ৰদৰ্শনীৰ পাছত এই বাৰ অহা ১৭ নৱেম্বৰত অসমলৈ আগমন ঘটিব কিংবদন্তি ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ৰ, যিয়ে আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজনৰ মানচিত্ৰত ৰাজ্যখনৰ ক্ৰমবর্ধমান গুৰুত্বক আৰু অধিক শক্তিশালী কৰিব। আনহাতে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে পোষ্ট কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, কনচাৰ্ট অৰ্থনীতি কেৱল অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে নহয়, ই সংগীতৰ তালে তালে অসমৰ যুৱ প্ৰজন্মৰ বাবে সৃষ্টি কৰিব সুযোগ, সংগীতৰ ক্ষেত্ৰখনক দিব অভিজ্ঞতাৰ অন্বেষণৰ পথ আৰু সেৱা খণ্ডৰ নতুন সুযোগ আৰু অসমৰ বাবে মুকলি কৰিব বিশ্বত অন্য এক ইতিবাচক পৰিচয়ৰ বাট। অহা ৫ বছৰত অসমৰ কনচাৰ্ট অৰ্থনীতিৰ পৰিসৰ ৭০০ কোটিতকৈ অধিক স্পৰ্শ কৰৰ সম্ভাৱনা আমি দেখিছোঁ৷