দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব ইউৰোপিয়ান ইউনিয়নৰ প্রতিনিধি দল

Pc ET Now

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব ইউৰোপিয়ান ইউনিয়নৰ প্রতিনিধি দল

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিনিয়োগৰ ক্ষেত্ৰখনলৈ আহিছে এক সুখবৰ।  উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায় সূচনা কৰি আজি অসমত উপস্থিত হ’ব ইউৰোপিয়ান ইউনিয়নৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। বহুপ্রত্যাশিত এই আগমনৰ লগে লগে মুকলি হ’ব অসমৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন সম্ভাৱনাৰ দুৱাৰ। আজি অর্থাৎ ৮ জুন আৰু ৯ জুনত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিনিধি দলটোৱে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি বিনিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব। ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধি দলটোৰ অসম ভ্ৰমণৰ প্রান্মুহূর্তত স্বাগতম জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।  সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই টীম ইউৰোপিয়ান ইউনিয়নক অসমলৈ স্বাগতম বুলি আদৰণি জনাই উল্লেখ কৰিছে যে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধি দলৰ অসম ভ্রমণে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মাজত শক্তিশালী সম্পর্ক, গভীৰ বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। কৃষি, চাহ, প্রযুক্তি, শক্তি, উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসমৰ ক্রমবর্ধমান শক্তিৰে এই সংযোগ স্থাপনৰ দিশত বিনিয়োগ, নিয়োগ আৰু আন্তঃসীমান্ত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব। অসম আজি ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ৰ সন্ধিক্ষণত মূৰ দাঙি থিয় হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে ৰাজ্যৰ কৌশলগত অৱস্থানে ইয়াক সেউজ বিকাশ, বহনক্ষম উদ্যোগ, দক্ষতা বিকাশ আৰু প্ৰযুক্তি নেতৃত্বাধীন ৰূপান্তৰত ইউৰোপিয়ান ইউনিয়নৰ সমৰ্থন আকৰ্ষিত কৰাত সক্ষম কৰি তুলিছে। এই ভ্রমণে অসমক নৱীকৰণযোগ্য শক্তি, ছেমিকণ্ডাক্টৰ, খাদ্য সংসাধন, শিক্ষা, স্বাস্থ্যসেৱা আৰু উন্নত উৎপাদনৰ ক্ষেত্ৰত ইউৰোপীয় বিশেষজ্ঞৰ জ্ঞানৰ সৈতে অধিক গভীৰভাৱে সংযোগ কৰাত সহায় কৰিব। অকল সেয়াই নহয়, এই ভ্ৰমণৰ ফলাফলে নিশ্চিতভাৱে স্থানীয় উদ্যোগক সহায় কৰাৰ লগতে যুৱপ্ৰজন্মৰ সুযোগ- সুবিধাৰ সমৰ্থনেৰে ভাৰতৰ এক্ট-ইষ্ট নীতি আৰু বিশ্বব্যাপী প্ৰসাৰত অসমৰ ভূমিকাক বৰ্ধিত পৰিমাণৰ অৰিহণা যোগাব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই লগতে সদৰী কৰিছে। প্রতিনিধি দলটোৰ এই ভ্রমণে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত বিশেষকৈ অসমক এখন ভৱিষ্যমুখী উন্নয়নৰ ৰাজ্য ৰূপে ৰূপান্তৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰিছে ৰাজ্য চৰকাৰে।