পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য । তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰে সাধাৰণ জনতাৰ মূৰত শোধাইছে ৰাম টাঙোন । এইবাৰ প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ২৯ টকাকৈ। ৭ জুনৰ পৰা ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। বিগত তিনি মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে দামবৃদ্ধি। ইয়াৰ পূৰ্বে পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে ৭ মাৰ্চত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছিল। নতুন মূল্য অনুসৰি, গুৱাহাটীত ১৪.২ কিলোগ্রাম ওজনৰ এটা ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম এতিয়া ৯৯১ টকা হৈছে, যি পূৰ্বৰ ৯৬২ টকাৰ তুলনাত ২৯ টকা অধিক। দামবৃদ্ধিৰ পিছত অসমৰ ভিতৰত ডিব্ৰুগড় জিলাত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য সর্বনিম্ন থাকিব। তাত ১৪.২ কিলোগ্রামৰ এটা চিলিণ্ডাৰ ৯৪১ টকাত উপলব্ধ হ’ব। আনহাতে, দামবৃদ্ধিৰ ফলত অসমৰ বহু জিলাত এলপিজি চিলিণ্ডাৰৰ দাম ১,০০০ টকাৰ সীমা অতিক্ৰম কৰিছে। সৰ্বাধিক দামবৃদ্ধিৰ বোজা অনুভৱ কৰিব ডিমা হাছাও জিলাৰ গ্ৰাহকসকলে। তাত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে ১,১০০.৫০ টকা ব্যয় কৰিব লাগিব। ইয়াৰ পিছতে আছে কাছাৰ জিলা, য’ত এটা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১,০৭৬.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। হাইলাকান্দি জিলাত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য হ’ব ১,০৮৫ টকা। ইফালে কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ে দাবী কৰিছে যে ভাৰতৰ গ্ৰাহকসকলে ওচৰ-চুবুৰীয়া আৰু কেইবাখনো চহকী দেশৰ তুলনাত যথেষ্ট কম দৰতে ৰন্ধন গেছ লাভকৰি আছে। ইয়াৰ প্ৰমাণস্বৰূপে প্ৰতিৱেশী ৰাষ্ট্ৰত চিলিণ্ডাৰৰ দাম কিমান তাৰো উদাহৰণ দিছে সংশ্লিষ্ট মন্ত্র্যালয়ে। বিভাগীয় তথ্য অনুসৰি ভাৰতে ৰাষ্ট্ৰীয় প্রয়োজনৰ ৬০ শতাংশই আমদানি কৰিবলগীয়া হয়। সেয়ে এলপিজি অনাৰ খৰচ ছৌদি আৰামক’ৰ দ্বাৰা নিৰ্ধাৰিত মাহেকীয়া দৰৰ সৈতে পোনপটীয়াভাবে জড়িত।মন্ত্ৰ্যালয়ৰ তথ্য মতে জুনৰ আন্তঃৰাষ্ট্ৰীয় দৰ অনুসৰি ভাৰতত ১৪.২ কিল’গ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰ এটা যোগান ধৰাৰ প্ৰকৃত ব্যয় বর্তমান ১,৬০০ টকাতকৈও অধিক। প্রকৃত যোগান ব্যয় ইমান বৃদ্ধি পোৱাৰ পিছতো চৰকাৰে গ্ৰাহকক ৯৪২ টকাত গেছ যোগান ধৰি থকাৰ অৰ্থ হৈছে প্রতিটো ঘৰুৱা চিলিণ্ডাৰত চৰকাৰ আৰু চৰকাৰী তেল কোম্পানীসমূহে প্রায় ৭০০ টকাকৈ লোকচান ভৰি আছে। তাৰোপৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীক চৰকাৰী সুৰক্ষা বেছিকৈ দিয়া হৈছে। এই আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহে প্রতিটো চিলিণ্ডাৰত ৩০০ টকাকে চৰকাৰী ৰাজসাহায্য লাভ কৰিছে।
