অভিভাৱক মন্ত্ৰীৰ নাম ঘোষণা মুখ্যমন্ত্রী ড° শৰ্মাৰ

অভিভাৱক মন্ত্ৰীৰ নাম ঘোষণা মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সম্পূর্ণ মন্ত্রীসভাৰ সম্প্ৰসাৰণ সম্পন্ন হোৱাৰ পিছত দপ্তৰ বিতৰণ হোৱা নাই যদিও দেওবাৰে মন্ত্ৰীসকলক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পণ কৰিলে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই দেওবাৰে ঘোষণা কৰে ৰাজ্যৰ জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ নাম। ১৬গৰাকী মন্ত্ৰীক এইবাৰ জিলাসমূহৰ অভিভাৱকত্বৰ দায়িত্ব দিয়া হৈছে।  মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ৰামেশ্বৰ তেলীক তিনিচুকীয়া আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাক কামৰূপ (মহানগৰ) আৰু ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। মন্ত্ৰী চৰণ বড়োক কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। মন্ত্রী অজন্তা নেওগক মৰিগাঁও আৰু কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আনহাতে প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ দায়িত্ব লাভ কৰা অশ্বিনী ৰায় সৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। সেইদৰে আন এগৰাকী শক্তিশালী মন্ত্রী অশোক সিংহলক দৰং আৰু ধুবুৰী জিলাৰ দায়িত্ব দিয়াৰ বিপৰীতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্রী হিচাপে দায়িত্ব অর্পণ কৰা হৈছে মন্ত্রী বিমল বড়াক। নলবাৰী আৰু শোণিতপুৰ জিলাৰ দায়িত্ব প্ৰদান কৰা হয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীক। বিশ্বজিৎ দৈমাৰী পূর্বে অসম বিধানসভাৰ অধ্যক্ষ আছিল। একেদৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাক তামুলপুৰ আৰু গোৱালপাৰা জিলাৰ দায়িত্ব প্রদান কৰা হৈছে। জ্যেষ্ঠ মন্ত্রী পীযূষ হাজৰিকাক এইবাৰ চাৰিখন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ অভিভাৱকত্বত থাকিব নগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাবি আংলং জিলা। মন্ত্রী কৌশিক ৰায়ক শ্রীভূমি আৰু হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। জ্যেষ্ঠ মন্ত্রী কেশৱ মহন্তক দক্ষিণ শালমাৰা-মানকাচৰ আৰু উত্তৰ লখিমপুৰ জিলাৰ দায়িত্ব দিয়া হৈছে। কৃষ্ণেন্দু পালক ডিমা হাছাও আৰু কাছাৰ, নীলিমা দেৱীক বজালী আৰু ওদালগুৰি, ডাঃ ৰণোজ পেগুক বিশ্বনাথ আৰু গোলাঘাট জিলাৰ আৰু প্ৰথমবাৰৰ বাবে ড° শর্মা মন্ত্রীসভাত স্থান লাভ কৰা সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্রীসকলক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্রদান কৰি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রী ড° শর্মাই কয়, অসম চৰকাৰৰ মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে । মই বিশ্বাসী যে মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত আমাৰ যাত্ৰাক অধিক গতিশীল কৰি তুলিব।