ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব এলপি-ইউপিৰ বিশেষ টেট

Pc CLTI

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব এলপি-ইউপিৰ বিশেষ টেট

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব এলপি-ইউপিৰ বিশেষ টেট।  অহা ২৮ জুনত ৰাজ্যজুৰি বিভিন্ন স্থানত অনুষ্ঠিত হ’ব এল পি-ইউপিৰ বিশেষ টেট পৰীক্ষা। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ এক নির্দেশনাযোগে সদৰী কৰিছে এই তথ্য। বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ প্ৰাৰ্থীসকলৰ বাবে হ’বলগীয়া এই বিশেষ টেট পৰীক্ষাৰ বাবে প্ৰৱেশ-পত্ৰসমূহ অহা ১২ জুনৰ দিনৰ ১১ বজাৰ পৰা ছেবাৰ নিৰ্দিষ্ট ৱেবছাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব। উল্লেখ্য যে চলিত বৰ্ষৰ ৬ জানুৱাৰীত শিক্ষা বিভাগে বিশেষ টেট পৰীক্ষাৰ বিজ্ঞাপন প্রকাশ কৰিছিল। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ প্ৰতিও কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে চৰকাৰে। পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীয়ে প্ৰৱেশ-পত্র, আই ডি প্রুফ আৰু ক’লা অথবা নীলা ৰঙৰ বলপেন, পেঞ্চিল, ৰবৰ আদি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিব পাৰিব।