ৰাজ্যত দুই লাখ চৰকাৰী চাকৰিৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত ২ লাখ চাকৰিত নিযুক্তিৰ নির্বাচনী প্রতিশ্রুতি পূৰণ কৰিবলৈ আগবাঢ়িছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে নিকা আৰু দুর্নীতিমুক্তভাৱে চাকৰিত নিযুক্তি দিবলৈ তৎপৰ ভূমিকা গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ সকলো প্রশাসনিক বিভাগকে অহা ১৭জুনৰ ভিতৰত খালী পদৰ তথ্য দাখিল কৰিবলৈ নির্দেশনা জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী (খ) বিভাগে ১৭ জুনৰ ভিতৰত খালী পদৰ তথ্য দাখিল কৰিবলৈ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ এই নির্দেশনা জাৰি কৰিছে। ইতিমধ্যে ৰাজ্যত ২ লাখ নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত এখন টাস্ক ফ’ৰ্চ গঠন কৰি দিছিল আৰু যোৱা ২৭ মে’ত মুখ্য সচিবৰ অধ্যক্ষতাত ইয়াৰ এখন বৈঠক সম্পন্ন হৈছিল। এই বৈঠকতে ৰাজ্যত ২ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে বিস্তৃতভাবে আলোচনা হয়। বিগত ৩ জুনত কৰ্মচাৰী বিভাগৰ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকললৈ লিখা পত্রত বিভাগসমূহত কিমান খালী পদ আছে আৰু ন’ডেল বিভাগৰ নাম, ন’ডেল বিষয়াগৰাকীৰ উল্লেখসহ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কার্যকালত নিকা আৰু দুর্নীতিমুক্তভাৱে ৰাজ্যত ১ লাখ ৬৫ হাজাৰৰো অধিক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছিল। এই নিযুক্তি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ এক চমকপ্রদ সফলতা। এক লাখ চৰকাৰী চাকৰিৰ প্রতিশ্রুতিৰে ২০২১ চনত চৰকাৰলৈ অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাত্র ৫ বছৰ কাৰ্যকালত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত ১ লাখ ৬৫ হাজাৰ নিযুক্তিৰ সংখ্যা সৰ্বভাৰতীয় প্রেক্ষাপটতে এক নজিৰবিহীন আৰু অভূতপূর্ব ৰূপে পৰিগণিত হৈছে। পূর্বে চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ব্যাপক মাত্ৰাত দুর্নীতি-কেলেংকাৰিৰে বহু অযোগ্য প্রার্থীক নিযুক্তি দিয়া হৈছিল।২০২৬ চনৰ নিৰ্বাচনত চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাৰ বাবেই বিজেপি নেতৃত্বাধীন চৰকাৰ পুনৰ ক্ষমতালৈ আহে। প্রতিখন নির্বাচনী সভাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আগন্তুক ৫ বছৰত বিজেপি চৰকাৰ আহিলে ২ লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব বুলি নির্বাচনী প্রতিশ্রুতি প্ৰদান কৰিছিল। চৰকাৰ গঠনৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই সেই নির্বাচনী প্রতিশ্রুতি পূৰণৰ দিশে আগবাঢ়িছে আৰু তৎকালীন কার্যব্যৱস্থাৰে মুখ্য সচিবৰ নেতৃত্বত এটা টাস্ক ফ’ৰ্ট গঠন কৰি ২ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। এই টাস্ক ফ’ৰ্চে ২ লাখ নিযুক্তিৰ বাবে চাকৰিৰ পদ সৃষ্টি, নিযুক্তি প্ৰক্ৰিয়াৰ মনিটৰিং আৰু নিযুক্তিৰ বাবে ৰোডমেপ তৈয়াৰ কৰি ৫ বছৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজ্যৰ নিবনুৱাসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
