হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী হিচাপে আজি শপত ল’ব ১২জনে
ৰঙিলী বাৰ্ত্তাসেৱা- আজি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ১২গৰাকী বিধায়কে মন্ত্ৰীৰূপে শপত ল’ব।পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চাৰিগৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল, ৰামেশ্বৰ তেলা, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খানাপাৰা খেলপথাৰত অনুষ্ঠিত হৈছিল শপতগ্ৰহণ অনুষ্ঠান।মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে শপতগ্ৰহণ কৰিব লগা সম্ভাব্য মন্ত্ৰীসকলৰ নাম। পূৰ্বে কৰা ঘোষণা অনুসৰিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থান পালে কেইবাখনো নতুন মুখে। বৃহস্পতিবাৰে এক্স হেণ্ডেলযোগে মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা তালিকা অনুসৰি আজি শপতগ্ৰহণ কৰিব অশ্বিনী কুমাৰ সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে। আজি দুপৰীয়া ১২,৪৫ বজাত খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলাকেন্দ্ৰত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপতবাক্য পাঠ কৰাব। উল্লেখ্য যে এইবাৰ মন্ত্রীসভাত নতুন মুখ ৰূপে স্থান লাভ কৰিলে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী কুমাৰ সৰকাৰ, মঙলদৈৰ বিধায়িকা নীলিমা দেৱী, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু তামুলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। ইফালে মুখ্যমন্ত্রী ড০ শৰ্মাৰ প্ৰথমটো কার্যকালত মন্ত্রী হিচাপে থকা অশোক সিংহল, বিমল বড়া, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, পীযূষ হাজৰিকা, কৃষ্ণেন্দু পাল আৰু ৰণোজ পেগুৱে স্থান লাভ কৰাৰ বিপৰীতে এইবাৰ মন্ত্রিত্ব লাভ নকৰিলে পূৰ্বৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰূপেশ গোৱালা আৰু প্ৰশান্ত ফুকনে। আনহাতে, মুখ্যমন্ত্রী ড০ শৰ্মাৰ প্ৰথমটো কার্যকালত মন্ত্রী হিচাপে থকা ৰঞ্জিত কুমাৰ দাসক ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব প্রদান কৰা হৈছে। তদুপৰি পূৰ্বৰ মন্ত্ৰী যোগেন মহন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ লগতে ইউপিপিএলৰ উৰ্খাও গৌড়া ব্ৰহ্মই এইবাৰ নিৰ্বাচনত পৰাজিত হোৱাৰ লগতে বিজেপিৰ সৈতে মিত্রতাও ভংগ হৈছে।ইয়াৰ দ্বাৰা আজি ১২গৰাকী বিধায়কে শপতগ্ৰহণ কৰাৰ পাছত মন্ত্রীসভাত মুখ্যমন্ত্রীকে ধৰি মন্ত্ৰিত্বৰ ১৭টা পদ পূৰণ হ’ব। আজিৰ সম্প্ৰসাৰণৰ পিছত মুখ্যমন্ত্রী ড০ শৰ্মাৰ মন্ত্রীসভাত মন্ত্ৰীৰ আন দুটা পদ খালী হৈ থাকিব।
