জালুকবাৰীৰ বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ ৪ জনৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোকৰ মৃত্যু হয় ৷ মৃত লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত উক্ত পৰিয়ালটোৰ চাৰি সদস্যৰ মৃত্যু হোৱাৰ লগতে জ্বলি চাৰখাৰ হৈ যায় তেওঁলোকে বাস কৰা গৃহটো ৷ লগতে এই অগ্নিকাণ্ডত জাহ যায় আন এটা বাসগৃহও ৷ স্থানীয় লোকে জনোৱা অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক । খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে SDRF, NDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এই জুই নিয়ন্ত্ৰণ কৰে । উল্লেখযোগ্য যে, মৃত লোককেইগৰাকী হৈছে- কুড্ডুছ আলী, কাজলী বেগম, ছফিকুল আলী, চাহিদ আলী। ইয়াৰে ভিতৰত শিশুৱো আছে।
