সজাগতাই ৰক্ষা কৰিব পাৰে আমাৰ পৃথিৱী
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
সাধাৰণতে পৰিৱেশ বুলি ক’লে প্ৰাকৃতিক অৱস্থা আৰু ইয়াৰ সৈতে জড়িত সকলো জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজৰ পাৰস্পৰিক সমাহাৰক বুজা যায়।পৰিৱেশক দুটা ভাগত শেণী বিভাজন কৰিব পাৰি।এটা হৈছে প্ৰাকৃতিক পৰিৱেশ,আনটো মানৱসৃষ্ট পৰিৱেশ।প্ৰকৃতিৰ দ্বাৰা যিসমূহ সৃষ্টি হৈছে সেয়াই প্ৰাকৃতিক পৰিৱেশ।মানুহে সৃষ্টি কৰি লোৱা সমূহক মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। বনাঞ্চল ধ্বংস, পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আদি সমস্যাবোৰে সমগ্ৰ মানৱজাতিক বিপদৰ সন্মুখীন কৰিছে। এনে প্ৰেক্ষাপটত “পৰিৱেশ সজাগতা” কেৱল এটা শ্ল’গান নহয়, ই হৈ পৰিছে গুৰুত্বপূৰ্ণ বিষয়।কেনেকৈ সজাগ হৈ পৰিৱেশ সজাগতাত সফলতা লাভ কৰিব পাৰোঁ।
সাম্প্ৰতিক প্ৰেক্ষাপট: বৰ্তমান সময়ত পৃথিৱীত গ্ল’বেল উষ্ণতা বৃদ্ধি পাইছে।একবিংশ শতিকাত আমি কেইবাটাও পৰিৱেশগত সংকটৰ মাজেৰে পাৰ হৈছো।অসমৰ দৰে ৰাজ্যত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই গাঁও-ভূমি নিঃশেষ কৰিছে। চহৰবোৰত বায়ু প্ৰদূষণ বাঢ়িছে, নদী- নলাত প্লাষ্টিক আৰু কাৰখানাৰ আৱৰ্জনা পৰি পানী বিষাক্ত হৈ পৰিছে। কাজিৰঙা-মানাহৰ দৰে সংৰক্ষিত অঞ্চলতো জীৱ-জন্তুৰ বাসস্থান সংকুচিত হৈছে। এই সকলোবোৰ সমস্যাৰ মূল কাৰণ হৈছে মানুহৰ পৰিৱেশ সম্পৰ্কে থকা উদাসীনতা আৰু সজাগতাৰ অভাৱ।
জলবায়ু পৰিৱৰ্তন: বিজ্ঞানীসকলৰ মতে, গ্ল’বেল উষ্ণতা বৃদ্ধিৰ ফলত ধ্ৰুৱীয় বৰফ গলিছে, সমুদ্ৰ জলস্তৰ বৃদ্ধি পাইছে। বানপানী, খৰাং, ধুমুহাৰ তীব্ৰতা দ্ৰুতগতিত বৃদ্ধি পাইছে। অসমৰ দৰে ৰাজ্যই প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ভূমি,বাসস্থান হেৰুৱাইছে।
জৈৱ বৈচিত্ৰ্যৰ ধ্বংস: দ্ৰুতগতিত বৃদ্ধি হোৱা নগৰ উন্নয়ন আৰু কৃষি সম্প্ৰসাৰণৰ বাবে বহু প্ৰজাতিৰ উদ্ভিদ-জীৱ বিলুপ্তিৰ পথত। কাজিৰঙাৰ গঁড়, মানাহৰ হাতী — এইবোৰ কেৱল অসমৰ গৌৰৱ নহয়, সমগ্ৰ পৃথিৱীৰ জীৱ সম্পদ।
প্ৰদূষণ: অসমৰ কেইবাখনো চহৰ অৰ্থাৎ ডিব্ৰুগড়, গুৱাহাটীৰ দৰে চহৰত বায়ুৰ গুণাগুণ ক্ৰমাগতভাৱে তললৈ নামিছে। প্লাষ্টিক আৱৰ্জনা নদী-নলাত পেলাই জলজ জীৱক হত্যা কৰা হৈছে।এইবোৰ সমস্যাৰ মূলতে আছে “সজাগতাৰ অভাৱ”। মানুহে পৰিৱেশক প্ৰদানকাৰী বুলি নাভাবি শোষণযোগ্য সম্পদ বুলি ভাবিছে।
পৰিৱেশ সজাগতাৰ অৰ্থ: পৰিৱেশ সজাগতা মানে কেৱল গছ ৰোপণ কৰা নহয়। ই হৈছে প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ বুজাবুজি।আমাৰ কাৰ্যৰ পৰিৱেশগত প্ৰভাৱ উপলব্ধি কৰা।দায়িত্বশীল আচৰণ গ্ৰহণ কৰা।যেনে-অপচয় কমোৱা, পুনঃচক্ৰীকৰণ কৰা,পৰিষ্কাৰ শক্তি ব্যৱহাৰ কৰা।সজাগ হৈ থকা নাগৰিকে জানিব যে প্লাষ্টিক বটল পেলাই দিলে সি ৪০ বছৰলৈকে মাটিত থাকে। এজোপা গছ কাটিলে মাটিৰ ক্ষয় বৃদ্ধি পায়, বৰষুণৰ পৰিমাণ কমে।
সাম্প্ৰতিক সময়ত পৰিৱেশ সজাগতাৰ গুৰুত্ব:
স্বাস্থ্য ৰক্ষা: প্ৰদূষিত বায়ুৰ দ্বাৰা ৰোগৰ পৰিমাণ বৃদ্ধি কৰে।যেনে: শ্বাস-প্ৰশ্বাসৰ ৰোগ, কৰ্কট ৰোগ আদি।পৰিষ্কাৰ পানী আৰু খাদ্যৰ বাবে সুস্থ পৰিৱেশৰ অতি প্ৰয়োজন। কোভিড মহামাৰীৰ দ্বাৰা বুজিব পাৰিলোঁ যে প্ৰকৃতিৰ লগত খেলা কৰিলে কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়।প্ৰকৃতিৰ লগত হোৱা অসামঞ্জস্যৰ ফল মানুহেই ভোগ কৰিব লগা হয়।
অৰ্থনৈতিক স্থিৰতা: কৃষি, মৎস্য, পৰ্যটন এই সকলো খণ্ড প্ৰত্যক্ষভাৱে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। অসমৰ চাহ বাগিচা, কাজিৰঙাৰ পৰ্যটন পৰিৱেশ নষ্ট হ’লে অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পৰে।
ভৱিষ্যৎ প্ৰজন্ম: যিখন পৃথিৱী আমি এৰি গুচি যাম সেইখন পৃথিৱীয়েই আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ হাতত তুলি দি যাম। আজি যদি আমি বনাঞ্চল ধ্বংস কৰো, কাইলৈ আমাৰ সন্তানে বিশুদ্ধ বায়ুৰ পৰা বঞ্চিত হ’ব।সেয়েহে চাবিকাঠি আমাৰ হাততেই আছে।পৰিৱেশৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিলে আমাৰ উত্তৰাধিকাৰী সকলে সুন্দৰকৈ জীৱন কটাব পাৰিব।
জলবায়ু ন্যায়: ধনী দেশবোৰে কাৰ্বন নিৰ্গমন কৰি ধনী হৈছে, কিন্তু দৰিদ্ৰ দেশ আৰু ৰাজ্য যেনে অসমে বানপানী, খৰাঙ ভুগিব লগা হৈছে। সজাগতাই এই বৈষম্যৰ বিৰুদ্ধে মাত মাতিবলৈ শিকায়।
অসমৰ প্ৰেক্ষাপটত: অসম প্ৰাকৃতিক সম্পদেৰে চহকী, কিন্তু সংকটপূৰ্ণ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহক গৃহহীন কৰি জুৰুলা কৰি পেলাইছে। চাহ বাগিচাত ৰাসায়নিক সাৰ অত্যধিক ব্যৱহাৰে মাটি আৰু পানী নষ্ট কৰিছে।চোৰাং চিকাৰী আৰু অবৈধ গছ কটা এতিয়াও চলি আছে বন্ধ হোৱা নাই।ইয়াৰ বিপৰীতে অসমত সজাগতাৰ শুভ আৰম্ভণিও হৈছে। “স্বচ্ছ ভাৰত অভিযান”, “অমৃত সৰোবৰ”, স্কুল-কলেজত বৃক্ষৰোপণ কাৰ্যসূচী — এইবোৰে সজাগতা বৃদ্ধি কৰিছে।
সজাগতা বৃদ্ধি:
শিক্ষা : পাঠ্যক্ৰমত পৰিৱেশ বিজ্ঞান বিষয়টো বাধ্যতামূলক কৰাটো গুৰুত্বপূৰ্ণ। শিশুৱে সৰুৰে পৰা শিকিব লাগে যে গছ হৈছে আমাৰ বন্ধু, নদী হৈছে মাতৃ।শিশুৱে সৰুৰে পৰা পৰিৱেশ বিষয়টো দৰকাৰী।
মাধ্যমৰ ভূমিকা: দৈনিক কাকত-আলোচনী, টিভি, সামাজিক মাধ্যম,পৰিৱেশগত সমস্যা আৰু সমাধান সাধাৰণ মানুহৰ ওচৰত সহজ ভাষাত তুলি ধৰিব লাগে।
ব্যক্তিগত আচৰণ পৰিৱৰ্তন: সৰু সৰু কামেই ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।যেনে: কাপোৰৰ বেগ ব্যৱহাৰ কৰা, পানী অপচয় নকৰা, ৰাজহুৱা স্থানত আৱৰ্জনা নেপেলোৱা।
নীতি আৰু কাৰ্যকৰীকৰণ: চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ লগতে সাধাৰণ মানুহক সজাগ কৰিব লাগে। কেৱল জৰিমনা নহয়, উৎসাহো দিব লাগে। যেনে-সৌৰ শক্তি ব্যৱহাৰ কৰিলে বহুখিনি ৰেহাই হয়।
পৰিৱেশ সুৰক্ষিত হৈ থাকিলেহে মানৱ জীৱন সুৰক্ষিত হৈ থাকিব।পৰিৱেশ সজাগতা মানে প্ৰকৃতিক ভালপোৱা নহয়, নিজকে ভালপোৱা। কাৰণ আমি প্ৰকৃতিৰ বাহিৰে কোনো জীৱ নহয়, আমি প্ৰকৃতিৰে এক এৰাব নোৱাৰা অংশ। সাম্প্ৰতিক প্ৰেক্ষাপটত যেতিয়া জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, জৈৱ বৈচিত্ৰ্য ধ্বংসই আমাৰ অস্তিত্বক প্ৰশ্ন কৰিছে, তেতিয়া সজাগতা হৈ পৰিছে আটাইতকৈ শক্তিশালী অস্ত্ৰ।প্ৰত্যেকজন নাগৰিকে যদি নিজৰ দায়িত্ব বুজি পায়, তেন্তে অসমৰ পৰা সমগ্ৰ পৃথিৱীলৈ — সেউজীয়া,সুস্থ, সুন্দৰ পৃথিৱী গঢ়ি তোলা সহজেই সম্ভৱ হৈ উঠিব।পৰিৱেশ ৰক্ষা কৰিব পাৰিলেহে আমি জীৱন ৰক্ষা কৰিব পাৰিম।সাম্প্ৰতিক প্ৰেক্ষাপটত পৰিৱেশৰ প্ৰতি সজাগ নহ’লে আমি কেৱল প্ৰকৃতিকে নহয়, নিজৰ ভৱিষ্যতকো ধ্বংস কৰিবলৈ বাধ্য হ’ম।সকলোৱে একেলগ হৈ প্ৰকৃতি ৰক্ষা কৰিব নালাগে,প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কৰ্ম কৰি গ’লে প্ৰকৃতিয়ে এখন সুন্দৰ সমাজ গঢ়ি তুলিব।প্ৰকৃতিৰ প্ৰতি আমি দায়বদ্ধ হ’ব লাগিব।
