দক্ষিণ কামৰূপৰ পলাশবাৰীৰ উদীয়মান সাহিত্য সাধক শচীন্দ্ৰ কুমাৰ দাসৰ সাহিত্য চৰ্চাৰ অনন্য যাত্ৰা
মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলৰ এগৰাকী নিষ্ঠাৱান সাহিত্য সাধক তথা সমাজকৰ্মী শচীন্দ্ৰ দাসৰ নিৰৱচ্ছিন্ন সাহিত্য সাধনাই বৰ্তমান সমগ্ৰ অঞ্চলটোতে এক বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক ব্যস্ততাৰ মাজতো তেখেতে চলাই যোৱা এই সাহিত্য চৰ্চা সঁচাকৈয়ে আদৰণীয় আৰু প্ৰশংসনীয়।১৯৮৩ চনত জন্মগ্ৰহণ কৰা শচীন্দ্ৰ দাসৰ পিতৃ আছিল প্ৰয়াত খগেন দাস (প্ৰাক্তন চৰকাৰী কৰ্মচাৰী) আৰু মাতৃ কিৰণ দাস (গৃহিণী)। তেখেতে কোকঝাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী সময়ত কোকঝাৰ মহেন্দ্ৰ চৌধুৰী হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰে। ইয়াৰ পিছত তেখেতে দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জাৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।পেচাগতভাৱে এগৰাকী সফল ব্যৱসায়ী যদিও সাহিত্যৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেই তেখেতে বিভিন্ন উল্লেখনীয় সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ নিৰন্তৰ প্ৰয়াস চলাই আহিছে। তেখেতৰ প্ৰধান সাহিত্যিক কৃতিসমূহৰ ভিতৰত স্বৰচিত কবিতা পুথি ‘অপ্ৰতিদ্বন্দ্ব্বী’, ‘অনুভৱ’ আৰু ‘প্ৰতিশ্ৰুতি’ অন্যতম।কেৱল স্বতন্ত্ৰ পুথিয়েই নহয়, তেখেতে ‘কোকঝাৰ বেলৰতল শিৱ মন্দিৰ’ৰ স্মৃতিগ্ৰন্থ ‘ভক্ত বৎসল’ৰ সম্পাদনাৰ দায়িত্বও দক্ষতাৰে পালন কৰিছে। ইয়াৰ উপৰি দক্ষিণ কামৰূপৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্মৃতিগ্ৰন্থসমূহত তেখেতৰ মূল্যৱান লেখা ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে।মহাপুৰুষ শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰ চক্ৰৱৰ্তীৰ সৎসংগৰ এগৰাকী দীক্ষিত ভক্ত শচীন্দ্ৰ দাসৰ এই সাহিত্যিক যাত্ৰাত পৰিয়ালৰ ভূমিকা অনন্য। বিশেষকৈ নিজ পত্নীৰ পৰা পোৱা প্ৰচুৰ উৎসাহ আৰু অনুপ্ৰেৰণাই তেখেতক সাহিত্য জগতৰ সৈতে গভীৰভাৱে জড়িত হ’বলৈ সদায় শক্তি যোগাই আহিছে।বৰ্তমান সময়তো হাতত কলম তুলি থকা এইগৰাকী নিষ্ঠাৱান সাহিত্য সাধকে অনাগত দিনত নিজৰ বহুকেইখন স্বৰচিত পুথি প্ৰকাশ কৰাৰ সপোন বুকুত পুহি ৰাখিছে। অঞ্চলটোৰ গুণীজন তথা শুভাকাংক্ষীসকলে শচীন্দ্ৰ দাসৰ এই সাহিত্যিক যাত্ৰাৰ উত্তৰোত্তৰ উন্নতি আৰু সুস্বাস্থ্য কামনা কৰিছে।
