সাময়িকভাৱেহে স্থগিত দাইল-চেনি-নিমখৰ যোগান
ৰঙিলী বাৰ্ত্তাসেৱা- বন্ধ নহয় মচুৰ দাইল, চেনী, নিমখ যোগান আঁচনি। বাজেট সীমাবদ্ধতাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে এই আঁচনি। বিনামূলীয়া চাউলৰ লগতে ৰাজ্য চৰকাৰে যোগান ধৰি থকা সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ বন্ধ হৈ যাব বুলি শেহতীয়াকৈ চলা চৰ্চাৰ বিপৰীতে এই আঁচনি অব্যাহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে বিনামূলীয়া চাউল যোগান ধৰাৰ বিপৰীতে শেহতীয়াকৈ ১০০ টকাত এক কিলোগ্রামকৈ মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ যি আঁচনি আছিল, সেয়া জুন মাহৰ পৰা যোগান নহ’ব বুলি সুলভ মূল্যৰ দোকানসমূহে উপভোক্তাক জনোৱা খবৰে যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে বর্তমানে চলি থকা লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিখন ২০২৬ চনৰ জুন মাহৰ পৰা স্থগিত ৰখা হৈছে। চলিত বৰ্ষৰ জুলাই মাহত নৱগঠিত চৰকাৰৰ দ্বাৰা পূর্ণকালীন বাজেট দাখিল আৰু অনুমোদনৰ পিছত আগষ্ট মাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰা হ’ব।
