জিএমচিএইচত সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজিছে মৃদুমুদ্রাই
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজি আছে নলবাৰীৰ গংগাপুৰৰ মৃদুমুদ্রা ডেকাই।জীৱন-মৃত্যুৰে যুঁজ দি থকা নলবাৰীৰ কিশোৰীগৰাকী সংকটমুক্ত নহয় বুলি মন্তব্য কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আই চি ইউত চিকিৎসাধীন যুৱতীগৰাকীৰ সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক ডাঃ চৌধুৰীয়ে কয়, মূৰ, বুকু, ডিঙি আৰু পিঠিকে ধৰি দেহৰ ৬-৭ স্থানত চোকা ডেগাৰেৰে নিৰ্মমভাৱে আক্ৰমণ কৰাৰ চিহ্ন আছে কিশোৰীগৰাকীৰ। কালি নিশা প্রায় ১২.৩০ বজাত অতি সংকটজনক অৱস্থাত কিশোৰীগৰাকীক জিএমচিএইচলৈ অনাৰ পিছতে লগে লগে আইচিইউলৈ প্ৰেৰণ কৰা হয়। অধীক্ষক ডাঃ চৌধুৰীয়ে সদৰী কৰা মতে কিশোৰীগৰাকীৰ মূৰৰ লাওখোলা, পিঠিৰ ৰাজহাড়, ডিঙিৰ কাষৰ হাড়ৰ লগতে বিভিন্ন স্থানত গুৰুতৰ আঘাতৰ চিহ্ন আছে। সম্প্রতি হাস্পতালখনৰ ইএনটি, জেনেৰেল ছাৰ্জাৰী আৰু মানসিক ৰোগ বিভাগৰ চিকিৎসকে কিশোৰীগৰাকীক চিকিৎসা আগবঢ়াই আছে যদিও যথেষ্ট সংকটজনক অৱস্থাত কিশোৰীগৰাকী আছে বুলি তেওঁ লগতে কয়। তাৎপর্যপূর্ণভাবে আক্ৰমণৰ ঘটনাটোত মানসিকভাৱে যথেষ্ট আঘাত পাইছে কিশোৰীগৰাকীয়ে। যাৰ বাবে আৰোগ্য কৰাৰ ক্ষেত্ৰত চিকিৎসকেও যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ কয়। কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি মন্তব্য কৰি অধীক্ষক ডাঃ চৌধুৰীয়ে কয় যে চিকিৎসকৰ দলে সকলো চেষ্টা চলাই আছে যদিও কিশোৰীগৰাকী এতিয়াও বিপদমুক্ত নহয়। আনহাতে, দুর্ভাগ্যজনক ঘটনাটোৰ পিছতে আহত কিশোৰীগৰাকীৰ খবৰ ল’বলৈ জিএমচিএইচত উপস্থিত হয় নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱা। সমগ্র ঘটনাটো দুঃখজনক আৰু উদ্বেগজনক ঘটনা বুলি মন্তব্য কৰি বিধায়ক বৰুৱাই কয় যে নলবাৰী জিলাত আগতে এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিল। এই ঘটনাই আমাক চিন্তিত কৰি তুলিছে। অৱশ্যে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে হত্যাকাৰী মিঞা দুর্বৃত্ত ৰ’জ আলীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ অস্ত্র কাঢ়ি পলাবলৈ উদ্যত হোৱা হত্যাকাৰীটোৰ এনকাউন্টাৰত হোৱা মৃত্যুৰ বাবে নলবাৰী আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰিছে জয়ন্ত মল্লবৰুৱাই। অকল দুর্বৃত্তটোৰ হত্যাতে সকলো সমাপ্ত নহয় বুলি মন্তব্য কৰি বিধায়ক বৰুৱাই কয় যে এই ঘটনাৰ সৈতে আন কোন লোক জড়িত আছে, সেয়া চাব লাগিব। লাভ জেহাদৰ ঘটনাবোৰ দিনকদিনে বাঢ়ি গৈছে। এই ঘটনাৰ অন্তৰালত থকা প্ৰতিজন অপৰাধীকে বিচাৰি উলিওৱা হ’ব। বিধায়কগৰাকীয়ে ৰাজ্যত বর্ধিত লাভ জেহাদৰ ঘটনাক লৈ চৰকাৰ অত্যধিক কঠোৰ হ’ব বুলি মন্তব্য কৰি কয় যে লাভ জেহাদৰ বাবে আমি ইতিমধ্যে ইউচিচি আনিছোঁ। চৰকাৰে এই ঘটনাক কোনো কাৰণত সহজভাবে নলয়। আৰক্ষীয়েও পানী নসৰকাকৈ তদন্ত আগবঢ়াব। ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসা তথা পৰিয়ালৰ সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে সহায় আগবঢ়াব বুলিও তেওঁ লগতে প্রতিশ্রুতি দিয়ে। উল্লেখ্য যে দেওবাৰে সন্ধিয়া ভাতৃ মাধুৰ্য বৰ্মনৰ সৈতে নলবাৰীৰ পৰা কিতাপ কিনি ঘৰমুৱা হৈ থকা অৱস্থাত ৰ’জ আলী নামৰ মিঞা দুর্বৃত্ত এটাৰ ভয়ানক আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল দুই ভাতৃ-ভগ্নী। দুর্ভাগ্যজনকভাৱে ঘটনাটোত থিতাতে প্রাণ হেৰুৱাইছিল মৃদুমুদ্ৰাৰ ভাতৃ তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনে। গুৰুতৰভাৱে আহত মৃদুমুদ্রা ডেকাক লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।
