দিল্লীত উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনসহ ৬ কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী ভ্রমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ লগতে কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেল, নীতিন গডকাৰি, মনসুখ মন্দাভিয়া, জে পি নড্ডা, হৰদ্বীপ সিং পুৰী আৰু মনোহৰলাল খট্টৰক পৃথকে পৃথকে সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ সন্দৰ্ভত বৈঠকত মিলিত হয়।

ৰাজ্যখনৰ শক্তিখণ্ডক শক্তিশালী কৰি স্বাৱলম্বিতা অর্জন কৰা আৰু নগৰীকৰণৰ প্রত্রিয়াক ক্ষিপ্র কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় মন্ত্রী মনোহৰ লাল খট্টৰৰ দিল্লীস্থিত চৰকাৰী বাসগৃহত এক দীঘলীয়া বৈঠকত অংশগ্রহণ কৰে। দেওবাৰে নিশা ১০ বজাৰ পিছতো কেন্দ্রীয় মন্ত্রীগৰাকীয়ে তেওঁৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতি সুনিশ্চিত কৰি অসমৰ শক্তিখণ্ডৰ উন্নয়নৰ বাবে এক ৰূপৰেখা প্রস্তুত কৰাত সহায় কৰাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমত কৃতজ্ঞতা ব্যক্ত কৰে। ৰাজ্য চৰকাৰে জাৰি কৰা বিবৃতি অনুসৰি কেন্দ্রীয় মন্ত্রী খট্টৰেও অসম চৰকাৰৰ নগৰীকৰণৰ পদক্ষেপসমূহক অগ্রাধিকাৰ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে, যাৰ ফলত কেন্দ্র আৰু ৰাজ্যৰ মাজত নগৰীয়া আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাট প্রশস্ত হ’ব।

একেদৰে অসমক ভাৰতৰ এক অন্যতম প্রধান ক্রীড়া হাব হিচাপে গঢ়ি তোলা আৰু শ্রমজীবীসকলৰ কল্যাণৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় ক্রীড়া, যুৱ পৰিক্ৰমা আৰু শ্রমমন্ত্রী মনসুখ মাণ্ডভিয়াৰ সৈতে এঘণ্টাতকৈও অধিক সময় ধৰি আলোচনা কৰে। ভাৰতীয় জনতা পার্টীৰ ‘সেৱাই পৰম ধর্ম’ আদর্শক স্মৰণ কৰি মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু অসমত ক্রীড়া আন্তঃগাঁথনিৰ বিস্তাৰ তথা যুব প্রতিভা বিকাশৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্রী ড° শর্মাই জনায় যে অসম চৰকাৰে শেহতীয়াভাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া প্রতিযোগিতা সফলতাৰে আয়োজন কৰি আহিছে আৰু এই বৈঠকখনে ৰাজ্যখনক ক্রীড়াক্ষেত্রৰ এক মুখ্য কেন্দ্র হিচাপে প্রতিষ্ঠা কৰাত বিশেষ ভূমিকা ল’ব।

আনহাতে স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ আৰু অসমক চিকিৎসা পৰ্যটনৰ এক আকর্ষণীয় কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাকো সাক্ষাৎ কৰে। নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, প্র’টন বিম থেৰাপীৰ দৰে উন্নত চিকিৎসাৰ সুবিধা উপলব্ধ কৰা আৰু চিকিৎসা কর্মীৰ আসন বৃদ্ধিৰ দৰে অভিলাষী আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে তেওঁ কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ মাৰ্গদর্শন কামনা কবে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত থকাৰ কালছোৱাত অসমত দলীয় সংগঠন মজবুত কৰা আৰু নির্বাচনী সফলতাত জেপি নাড্ডাই আগবঢ়োৱা অৱদানৰ বাবেও মুখ্যমন্ত্রী ড° শর্মাই তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ সৈতেও মুখ্যমন্ত্রী ড° শর্মাই এক ফলপ্রসূ বৈঠকত মিলিত হৈ গোলকীয় পৰিক্ৰমা আৰু বর্তমানৰ শক্তিখণ্ডৰ পৰিস্থিতিক লৈ মত বিনিময় কৰে। বৈঠকত অসমৰ হাইড্ৰ’কার্বনৰ সম্ভাৱনীয়তা বৃদ্ধিকৰা, ৰাজ্যজুৰি তেল-গেছৰ অন্বেষণ আৰু থলুৱা তৈলক্ষেত্ৰসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত মুখ্যমন্ত্রী ড’ শর্মাই বিশেষ গুরুত্ব আৰোপ কৰে, যাতে ভাবতৰ উন্নয়নৰ যাত্ৰাত অসমে এক বৃহত ভূমিকা পালন কৰিব পাৰে।

ইয়াৰ সমান্তৰালভাবে কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰতে শেহতীয়াভাবে স্বাক্ষৰ কৰা মুক্ত বাণিজ্য চুক্তিসমূহৰ বাবে তেওঁৰ মন্ত্রালয়ক প্রশংসা কবে। ঐতিহাসিক চুক্তিসমূহৰ জৰিয়তে অসমৰ ক্ষুদ্র ব্যবসায়ী আৰু কৃষকসকল কেনেকৈ লাভান্বিত হ’বপাবে, সেই সন্দর্ভত আলোচনা কৰাৰ লগতে অসমৰ পৰম্পৰাগত চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সমস্যাক লৈও দুয়ো নেতাই বিতংভাবে আলোচনা কৰে। লক্ষণীয়ভাবে কেন্দ্রীয় মন্ত্রীসকলক সাক্ষাতৰ মাজতেই মুখ্যমন্ত্রী ড° শর্মাই দেশৰ উপ-ৰাষ্ট্রপতি চিপি ৰাধাকৃষ্ণনাকো সৌজন্যমূলক সাক্ষাৎ কবে। ৰাজহুৱা জীৱনত নম্রতা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্রতীকস্বৰূপ উপ-ৰাষ্ট্রপতিক সাক্ষাৎ কৰাটো সদায় এক শিক্ষণীয় অভিজ্ঞতা বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত উল্লেখ কৰি বাধাকৃষ্ণনৰ ওচৰত অসমৰ বিকাশৰ খতিয়ান দাঙি ধৰে। ‘বিকশিত অসম’ গঢ়ি তোলাৰ যাত্ৰাত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ধাৰাবাহিক মার্গদর্শন আৰু আশীর্বাদ অসমে সদায় লাভ কৰিব বুলি মুখ্যমন্ত্রীজনে আশা ব্যক্ত কৰে।

উল্লেখ্য যে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে। সাক্ষাৎকাৰৰ পিছত সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা তেওঁৰ মত-বিনিময়ক এক মূল্যৱান শিক্ষণীয় অভিজ্ঞতা বুলি অভিহিত কৰে আৰু অসমত আন্তঃগাঁথনিৰ যথেষ্ট অগ্ৰগতিৰ বাবে গাডকাৰীৰ সমর্থনৰ প্ৰশংসা কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ পৰা আমি বহু শিকিছোঁ। প্রতিবাৰ তেখেতৰে সাক্ষাৎ এক বিশেষ অভিজ্ঞতা হৈ পৰে। নিজৰ দৃষ্টিভংগীক বিশ্বমানৰ আন্তঃগাঁথনিলৈ ৰূপান্তৰ কৰাৰ তেখেতৰ সামৰ্থ্যৰে আজি সমগ্র ভাৰতবৰ্ষত যোগাযোগ ব্যবস্থাই নতুন ৰূপ পাবলৈ সক্ষম হৈছে। অসমৰ আন্তঃগাঁথনি নির্মাণতো নিৰন্তৰ সমর্থন-সহযোগিতাৰ বাবে তেখেতক ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনাইছো। আজি লগ পাওঁতে আমি ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ, কাজিৰঙা এলিভেটেড কৰিড’ৰ, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু মেৰামতি প্ৰকল্পৰ দৰে ৰূপান্তৰকামী প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ সুবিধা গ্রহণ কৰো। মুখ্যমন্ত্রী শৰ্মাই অসমৰ নিৰ্বাচনৰ সময়ত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ পথ প্ৰদৰ্শনৰ বাবেও কৃতজ্ঞতা প্রকাশ কৰে আৰু ৰাজ্যজুৰি চলি থকা আৰু আহিবলগীয়া কেইবাটাও আন্তঃগাঁথনি আঁচনিৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই প্রস্তাবিত ব্ৰহ্মপুত্ৰ অন্তৰ্জল সুৰংগ, কাজিৰঙা এলিভেটেড ক’ৰিডৰ, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম আৰু অসমজুৰি চলি থকা পথ মেৰামতি প্রকল্পকে ধৰি গুৰুত্বপূৰ্ণ প্রকল্পসমূহৰ অগ্রগতি পর্যালোচনা কৰে।
