আৰক্ষীৰ গুলীত নিহত নলবাৰী হত্যাকাণ্ডৰ অভিযুক্ত ৰ’জ আলী

আৰক্ষীৰ গুলীত নিহত নলবাৰী হত্যাকাণ্ডৰ অভিযুক্ত ৰ’জ আলী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২৪ ঘণ্টা নৌহওঁতেই নলবাৰীৰ আছু নেতা মাধুৰ্য্য় বৰ্মনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিফ ওৰফে ৰ’জ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে । নলবাৰীৰ গংগাপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আছিফ আলী ওৰফে ৰ’জ আলীক মুকালমুৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কিন্তু আটক কৰাৰ পিছতে ৰ’জ আলীয়ে আৰক্ষীৰ অস্ত্র কাঢ়ি ল’বলৈ চেষ্টা কৰা বুলি জানিবলৈ পোৱা গৈছে। সেই পৰিস্থিতিত আৰক্ষীয়ে বাধ্য হৈ গুলী চলায়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ৰোজ আলীক ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু অতিৰিক্ত ৰক্তক্ষৰণৰ ফলত চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে দেওবাৰে নিশা নলবাৰীত সংঘটিত এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনাত এগৰাকী উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্রেণী)ৰ ছাত্ৰী জীৱন-মৃত্যুৰ সৈতে যুঁজি থকাৰ বিপৰীতে তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা  সদৌ অসম ছাত্ৰ সন্থাৰ পশ্চিম নলবাৰী আঞ্চলিকৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনৰ মৃত্যু ঘটিছে। ঘটনা অনুসৰি, কিছুদিন ধৰি ছাত্ৰীগৰাকীক মানসিক অত্যাচাৰ কৰি অহা ৰ’জ আলীয়ে দেওবাৰে সন্ধিয়া ঘৰলৈ উভতি অহাৰ সময়ত ছাত্ৰীগৰাকী আৰু তেওঁৰ ভাতৃ মাধুৰ্য্য বৰ্মনৰ ওপৰত আক্ৰমণ চলায়। নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰ অঞ্চলত সংঘটিত এই ঘটনাত ১৭ বছৰীয়া মৃদুমুদ্রা ডেকাই নিজৰ ভাতৃ ২০ বছৰীয়া মাধুৰ্য্য বৰ্মনৰ সৈতে স্কুটীৰে ঘৰলৈ উভতি আছিল। সেই সময়তে ৰ’জ আলী আৰু আশিক আলীয়ে তেওঁলোকক পথ আগচি ধৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, মৃদুমুদ্রাই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছৰে পৰা ৰ’জ আলীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। দেওবাৰে দুয়োজনে স্কুটীখন ৰখাই চোকা অস্ত্ৰেৰে মৃদুমুদ্ৰা আৰু মাধুৰ্য্যৰ ওপৰত আক্রমণ চলায়। আক্ৰমণত দুয়ো গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। মৃদুমুদ্ৰাক পিছত সাৰথি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হয়। আনহাতে, মাধুর্য্য বর্মনক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।