প্ৰশ্নৰ মাজত ভৱিষ্যৎ – দৰিনা পায়ুন

Pc Shutterstock

প্ৰশ্নৰ মাজত ভৱিষ্যৎ

দৰিনা পায়ুন
মাজুলী

গৌৰৱে এইবাৰ CBSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিছিল। পৰীক্ষাৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল। কিন্তু পৰীক্ষাৰ পিছত মূল্যায়ন, ফলাফল আৰু শিক্ষাব্যৱস্থাক লৈ বিভিন্ন বিতৰ্কৰ খবৰ দেখি তেওঁৰ মনত চিন্তা জন্মিল।

আনফালে তেওঁৰ ঘনিষ্ঠ বন্ধু বিশাল আছিল এজন NEET Aspirant। ডাক্তৰ হোৱাৰ সপোনেৰে তেওঁ দিন-ৰাতি একাকাৰ কৰি পঢ়িছিল। কিন্তু হঠাতে NEET পেপাৰ লিকৰ খবৰ ওলোৱাত বিশাল হতাশ হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, “যদি পৰীক্ষাই ন্যায়সংগত নহয়, তেন্তে মোৰ পৰিশ্ৰমৰ মূল্য ক’ত?”

গৌৰৱৰ ডাঙৰ ভায়েক গৱৰ্ণ UPSC-ৰ বাবে প্ৰস্তুতি চলাই আছিল। এইবাৰৰ UPSC পৰীক্ষা অত্যন্ত কঠিন বুলি বহু প্ৰাৰ্থীয়ে মত প্ৰকাশ কৰিছিল। গৱৰ্ণ ও চিন্তিত হৈ পৰিছিল, কিন্তু তেওঁ চেষ্টা অব্যাহত ৰাখিছিল।ইয়াৰ মাজতে CUET-ৰ বিভিন্ন সমস্যা আৰু SSC-ৰ পৰীক্ষা সম্পৰ্কীয় বিতৰ্কৰ খবৰো সংবাদ মাধ্যমত সঘনাই দেখা গৈছিল। দেশজুৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভৱিষ্যৎক লৈ উদ্বিগ্ন হৈ পৰিছিল।

এদিন সন্ধিয়া গৌৰৱ , বিশাল আৰু গৱৰ্ণ একেলগে বহি আলোচনা কৰিলে। বিশালে ক’লে, “আমাৰ সপোনবোৰ কিয় বাৰে বাৰে সমস্যাৰ সন্মুখীন হয়?”

গবৰ্ণই উত্তৰ দিলে, “সমস্যা আছে, কিন্তু সপোন ত্যাগ কৰাটো সমাধান নহয়। শিক্ষাব্যৱস্থাৰ উন্নতি প্ৰয়োজন, কিন্তু আমি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব নালাগে।”গৌৰৱেও সন্মতি জনাই ক’লে, “এদিন নিশ্চয় পৰিশ্ৰম আৰু যোগ্যতাই নিজৰ সঠিক মূল্য পাব।”