মমতাৰ উত্তৰাধিকাৰী অভিষেকক গেলা কণী-জোতা নিক্ষেপ ৰাইজৰ

মমতাৰ উত্তৰাধিকাৰী অভিষেকক গেলা কণী-জোতা নিক্ষেপ ৰাইজৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচন শেষ হ’ল যদিও পশ্চিমবংগত হিংসাত্মক পৰিস্থিতি শেষ হোৱা নাই ৷ এইবাৰ ৰাইজৰ ৰোষত পৰিল টিএমচিৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ৷ নির্বাচনী হিংসাত আক্ৰান্ত পৰিয়ালক সমবেদনা জনাবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ বলি হয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনার্জী। দক্ষিণ ২৪ পৰগনাৰ সোণাপুৰত সংঘটিত হয় এই ঘটনা। চাৰিচকীয়া বাহন এৰি মূল ৰাস্তাৰ পৰা নামি মটৰচাইকেলেৰে সোণাপুৰৰ আক্ৰান্ত পৰিয়ালৰ দিশে গতি কৰাৰ সময়তে উত্তেজিত জনতাই ডায়মণ্ড হাৰ্বাৰৰ সাংসদগৰাকীক ঘেৰাও কৰে। প্ৰতিবাদীসকলে প্রাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ ৰাজনৈতিক উত্তৰাধিকাৰী ভতিজাক অভিষেক বেনাৰ্জীক লক্ষ্য কৰি এদল লোকে  গেলা কণী আৰু জোতা নিক্ষেপ কৰে। উগ্র জনতাই অভিষেক বেনাৰ্জীৰ চছমাৰ লগতে মটৰচাইকেলখনৰো ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ অভিষেক বেনাৰ্জীয়ে এটা ক্ৰিকেটৰ হেলমেট পিন্ধি কোনোমতে পলাই প্ৰাণৰক্ষা কৰে। সেই সময়তে একাংশ ক্ষুব্ধ মহিলাই ধাৰাবাহিকভাৱে গেলা কণী আৰু জোতা নিক্ষেপ কৰাৰ লগতে একাংশ লোকে ক’লা পতাকা প্ৰদৰ্শন কৰি চোৰ চোৰ, চোৰ চোৰ বুলি শ্লোগান দিয়ে আৰু অভিষেক বেনাৰ্জী গ’ বেগ ধ্বনিৰে উত্তাল হৈ পৰে। ইয়াৰ মাজতে সোণাপুৰৰ নিহত তৃণমূল কর্মী সঞ্জু কৰ্মকাৰৰ ঘৰত উপস্থিত হৈ অভিষেক বেনাৰ্জীয়ে নৱনিৰ্বাচিত চৰকাৰৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক তীব্র সমালোচনা কৰে। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনি সপ্তাহৰ পিছত প্ৰথমবাৰলৈ ৰাজনৈতিক কার্যসূচী লৈ ৰাজপথলৈ ওলাইছিল অভিষেক বেনাৰ্জী। প্রথমে বেলেঘাটাত নিহত তৃণমূল কর্মী বিশ্বনাথ পাটনায়কৰ পৰিয়ালক লগ কৰি তেওঁ কালিঘাটলৈ যায়। ইয়াৰ পূৰ্বে বিধানসভাৰ বিধায়কৰ চহী জালিয়াতি কৰাৰ গোচৰত চিআইডিৰ এটা দল তেওঁৰ শান্তি নিকেতনৰ বাসগৃহত উপস্থিত হয়। ইয়াৰ পাছতে সোণাপুৰত ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হয় তৃণমূলৰ নেতাগৰাকী। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিমবংগৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।ঘটনাৰ সন্দৰ্ভত অভিষেকে কয়, “আৰক্ষীক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো মই কোনো সহায় নাপালো । এয়াই বিজেপিৰ সংস্কৃতি। তেওঁলোকে আমাক হত্যাৰ চেষ্টা কৰিছে ৷ মোৰ মৃতদেহ ইয়াৰ পৰা উদ্ধাৰ হ’ব লাগে । মই এই ঠাই এৰি নাযাও । সেনা বাহিনী নহালৈকে মই নাযাও ।” তেওঁ লগতে কয়, “ভুক্তভোগী পৰিয়ালে বাৰে বাৰে মোক পুৱা আহিবলৈ মানা কৰিছিল ৷ মই জানিছিলো যে ইয়াত মোক আক্ৰমণ কৰা হ’ব। ইমান ভয় কিয় ? ডাবল ইঞ্জিন চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ, ইমান ভয় কিয় ? মই আইনৰ কাষ চাপিম । আমি সকলো ফুটেজ লৈ আদালতলৈ যাম।”