দিল্লীৰ তাপমাত্রাই পাৰ কৰিব ৬০ ডিগ্রী চেলছিয়াছ
ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ংকৰ গৰমে দহিছে দেশৰ ৰাজধানী দিল্লী। চেণ্টাৰ ফৰ ছায়েঞ্চ এণ্ড এনভাইৰনমেন্ট (চিএছই) সংস্থাটোৱে প্রকাশ কৰা এক চাঞ্চল্যকৰ মানচিত্রই উদঙাই দিছে এক ভয়াবহ বাস্তব। এই মানচিত্ৰ অনুসৰি গ্ৰীষ্মৰ চৰম পর্যায় দিল্লীৰ কেতবোৰ অঞ্চলৰ ভূ-পৃষ্ঠৰ তাপমাত্রা ৬০ ডিগ্রী চেলছিয়াছ পর্যন্ত স্পৰ্শ কৰিব। তাতোকৈ ডাঙৰ কথাটো হ’ল এই প্রচণ্ড উত্তাপৰ বাবে দৰিদ্ৰ আৰু প্ৰান্তীয় অঞ্চলসমূহত এক অসহ্য তাপপ্ৰৱাহৰ প্ৰৱণতাত পৰাৰ আশংকা ঘনীভূত হৈছে। চিএছইৰ এই মানচিত্ৰত বিভিন্ন অঞ্চলৰ তাপমাত্ৰাক বুজাবলৈ বিশেষ ৰং-সংকেত ব্যৱহাৰ কৰা হৈছে। গাঢ় বঙা আৰু গাঢ় কমলা ৰঙৰ অঞ্চলসমূহে চহৰখনৰ আটাইতকৈ উত্তপ্ত অঞ্চলক সূচাইছে, য’ত তাপমাত্রা ৫৩ ডিগ্রী চেলছিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। উপগ্ৰহীয় তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে অপৰিকল্পিত আৰু দ্রুত নগৰীকৰণৰ বাবে দিল্লীৰ ৭৬ শতাংশ ভৌগোলিক অঞ্চল এতিয়া ধাৰাবাহিকভাৱে তীব্ৰ উত্তাপৰ বা অসহ্য গৰমৰ কবলত পৰিছে। প্রতিবেদন অনুসৰি ২০২৪ৰ মে’ মাহত দিল্লীৰ সামগ্রিক গড় ভূ-পৃষ্ঠৰ তাপমাত্রা আছিল ৪৮.৪৬ ডিগ্রী চেলছিয়াছ আৰু চহৰখনৰ প্ৰায় দুই-তৃতীয়াংশ পৌৰ ৱাৰ্ডতে তাপমাত্রা আছিল ৪৫ ডিগ্রী চেলছিয়াছৰো অধিক। আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ বহিঃঅঞ্চলৰ পৰা প্ৰান্তীয় অঞ্চলসমূহত। কেইবা দশক ধৰি কংক্রিটৰ ঘনত্ব বৃদ্ধিৰ ফলত উত্তৰ-পশ্চিম, দক্ষিণ-পশ্চিম আৰু পূব দিল্লীৰ এক বৃহৎ এলেকা গৰমৰ প্ৰতি অত্যন্ত সংবেদনশীল হৈ পৰিছে। ইয়াৰ বিপৰীতে গছেৰে আবৃত চেন্ট্রেল দিল্লী যথেষ্ট শীতল হৈ আছে। বিশেষজ্ঞসকলৰ মতে, দিল্লীৰ এই ভয়ংকৰ গৰমৰ বাবে কেৱল প্রাকৃতিক জলবায়ু পৰিৱৰ্তন দায়ী নহয়, বৰঞ্চ মানৱসৃষ্ট কার্যকলাপেই ইয়াৰ মূল কাৰণ। দশক দশক ধৰি চহৰখনত চলোৱা নিৰ্মাণকাৰ্যই মাটি আৰু গছ-গছনি ধ্বংস কৰি সমগ্ৰ অঞ্চলটো কংক্রিটেৰে ঢাকি পেলোৱা হৈছে। এই কংক্রিটৰ গাঁথনিবোৰে দিনৰ ভাগত সূৰ্যৰ তাপ ধৰি ৰাখে আৰু ৰাতিৰ ভাগত এৰি দিয়াত ৰাতিও বৃদ্ধি পায় গৰমৰ মাত্রা। তদুপৰি ঔদ্যোগিক কার্যকলাপ আৰু লাখ লাখ এয়াৰ কণ্ডিচনাৰৰ পৰা ওলোৱা গৰম বতাহে এই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। প্রচণ্ড গৰমৰ বাবে আটাইতকৈ বেছি প্রভাৱিত হৈছে আর্থিকভাৱে পিছপৰা শ্ৰেণী। নিৰ্মাণ শ্রমিক, পদপথৰ ব্যৱসায়ী, কুৰিয়াৰ সেৱাৰ সৈতে জড়িত লোক, অনাময় কর্মী, দিনহাজিৰা কৰা লোকসকল, মুকলি আকাশৰ তলত কাম কৰিবলগীয়া হোৱাত তেওঁলোকৰ জীৱন দুর্বিষহ হৈ পৰিছে।
