পুনৰ ১৬ কৰ্মচাৰীক বিধানসভাৰ পৰা বৰ্খাস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাক সম্পূর্ণ দুর্নীতিমুক্ত কৰিবলৈ অব্যাহত আছে নবনির্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ দুর্নীতি বিৰোধী এক্সন। অবৈধ তথা অনিয়মেৰে বিধানসভা সচিবালয়ত চলা নিযুক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সচিব দুলাল পেগুৰ লগতে ১৫ গৰাকী বিষয়া-কৰ্মচাৰীক অব্যাহতি দিয়াৰ পিছত শনিবাৰে পুনৰ আন ১৬গৰাকী কৰ্মচাৰীক অব্যাহতি দিছে। শনিবাৰৰ দিনটোত অব্যাহতি দিয়া কৰ্মচাৰীসকল ক্রমে- বর্ণালী শর্মা, বিদিশা কলিতা, ক্ষিৰোদ পেগু, কৃষাংগী বৰুৱা, হীৰক বৰ্মন, সূর্য বড়ো, অন্তৰীপ মহন্ত, কমল ৰাভা, চাক বড়ো, নুৰজাহান বেগম, ধীৰাজ দলে, শংকু দাস, চক্ৰধৰ ব্ৰহ্ম, ডেভিদ বড়ো, এডবার্ড বাগলাৰী আৰু সুশান্ত মধুকল্য। বিগত সময়ছোৱাত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই সকল কর্মচাৰীক নিয়মবহির্ভূতভাবে ঠিকাভিত্তিত নিযুক্তি দিছিল। শনিবাৰে ১৬ গৰাকী কৰ্মচাৰীক তৎকালে কার্যকৰী হোৱাকৈ অব্যাহতি দিয়ে অধ্যক্ষই। ইফালে শুকুৰবাৰে অব্যাহতি লাভ কৰা ১২ বিষয়া-কৰ্মচাৰীৰ ভিতৰত আছিল- ৰঞ্জিত কুমাৰ শৰ্মা, পংকজ কুমাৰ শৰ্মা, ধনজিৎ তালুকদাৰ, তাৰিণী কান্ত স্বর্গীয়াৰী, শেৱালি দেবী, কবিৰাম হালৈ, কুলৰ কামান, সমীৰ দাস, মাধৱ তালুকদাৰ, ভবেন পেণ্ড, বিশ্বজিৎ সোম আৰু দিলীৰাম শৰ্মা। উল্লেখ্য যে অৱসৰৰ পিছত এই আটাইকেইজন বিষয়া-কর্মচাৰীৰ পূৰ্বৰ বিধানসভাৰ অধ্যক্ষই চাকৰিত মকবলৰ অনুমোদন জনাইছিল। অৱসৰৰ পিছতো এনেদৰে যোৱা দুই-তিনি বছৰ ধৰি চাকৰিত মকৰল হৈ থকা এইসকল বিষয়া-কর্মচাৰীৰ বাবে পদোন্নতি বন্ধ হৈ পৰিছিল আন কেইবাজনো বিষয়া-কর্মচাৰীৰ। উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ শেষৰ দিনটোতে সচিব দুলাল পেগুক অব্যাহতি দিয়াৰ পিছতেই কাৰ্যতঃ বিধানসভাৰ অনিয়ম পৰিষ্কাৰ কৰাত নামি পৰিছিল অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। এই অনুসৰি শনিবাৰে পুনৰ অৱসৰ গ্ৰহণৰ পিছত চাকৰিত কার্যকাল চলাই থকা ১৬ জন বিষয়া-কর্মচাৰীক অব্যাহিত দিয়ে।উল্লেখ্য যে পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ অ’এছডি সৌমেন বৰুৱাৰ লগতে প্ৰাক্তন সচিব দুলাল পেগুৱে বিভিন্ন সময়ত একাংশ যুৱক-যুৱতীক কোনোধৰণৰ বিজ্ঞাপন নোহোৱাকৈ নিযুক্তি দিছিল। ঠিকাভিত্তিকভাৱে জধে-মধে নিযুক্তি দিয়াৰ ফলত বিধানসভাত এইসকল কৰ্মচাৰীক লৈ সৃষ্টি হৈছিল চৰম বিশৃংখলতা। অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়ে সচিবালয়ৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ লগতে বিত্তীয় শৃংখলতা অনাৰ লক্ষ্যৰে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে শেহতীয়াকৈ গ্রহণ কৰিছে এলানি কঠোৰ পদক্ষেপ।
