দিছপুৰত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰে মুখ্যমন্ত্রী ড° শৰ্মাৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা সমাধানত সর্বাধিক গুৰুত্ব দিছে অসম চৰকাৰে।মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা । বৈঠকত আলোচিত হয় অসম-মেঘালয়ৰ সীমা সমস্যাকে ধৰি বিভিন্ন আন্তঃৰাজ্যিক বিষয় । উল্লেখ্য যে দীর্ঘদিনীয়া অসম-মেঘালয়ৰ সীমা সমস্যাৰ ক্ষেত্ৰত ইতিমধ্যে অনুষ্ঠিত গৃহমন্ত্ৰী পৰ্যায়ৰ বৈঠকত মুখ্যতঃ ৬টা স্থানক লৈ দুয়োখন ৰাজ্যৰ বুজাবুজি চুক্তিত উপনীত হৈছিল। আনহাতে আন ৪টা স্থানক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই দুয়োখন ৰাজ্য। ইয়াৰ বাবে কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে যদিও কোনো এখন ৰাজ্যই বিষয়টোৰ ক্ষেত্ৰত এৰাধৰা নকৰাৰ বাবে পৰিস্থিতি জটিল হৈ আছে। এনে অৱস্থাৰ মাজতে আজি লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী মিয়াওভাল্লাং ধৰৰ নেতৃত্বত অহা এটা উচ্চস্তৰীয় দলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বৈঠক সন্দর্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীয়ে কয়, ‘‘ভাৰতৰ অষ্টলক্ষ্মীৰ অন্যতম মূল অংশীদাৰ অসম আৰু মেঘালয় । আজি লোকসেৱা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আদৰণি জনাবলৈ পাই আমাৰ আনন্দিত হৈছোঁ । সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকালত অসম-মেঘালয় সীমান্ত বিষয়কে ধৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত এক গঠনমূলক আলোচনা কৰা হয় । এই আলোচনাত বহুদিনীয়া কিছুমান গুৰুত্বপূর্ণ বিষয়ত ইতিবাচক অগ্ৰগতি আৰু সীমান্ত নিৰ্ধাৰণ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি এই সমস্যাৰ এক স্থায়ী সমাধানৰ দিশে আগবাঢ়িবলৈ আমি একমত হওঁ । ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনাৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ অধিক ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহো অন্বেষণ কৰি আছে । এই আলোচনা দুয়ো চুবুৰীয়া ৰাজ্যৰ মাজত শান্তি, পাৰস্পৰিক সন্মান আৰু সহযোগিতামূলক ব্যৱস্থাৰ প্ৰতি থকা দৃঢ় অংগীকাৰৰ প্ৰতিফলন । এই ধাৰা অব্যাহত ৰাখি সকলো অমীমাংসিত বিষয় আলোচনাৰ জৰিয়তে সমাধানৰ বাবে আমি পুনৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ । বিশ্বাস, সম্প্ৰীতি আৰু উন্নয়নৰ এই বান্ধোন ভৱিষ্যতৰ দিনত আৰু অধিক শক্তিশালী হৈ থাকিব ।’’

আনহাতে সামাজিক মাধ্যমযোগে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি লাপাংগাপবাসী ৰাইজে সন্মুখীন হোৱা উদ্বেগ আৰু চুবুৰীয়া গাঁওসমূহৰ মাজত থকা উত্তেজনাৰ বিষয়ে আলোচনা কৰো । উত্তেজনা লাঘৱ কৰাৰ লগতে শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ ব্যৱস্থাৰ ওপৰত আমাৰ গঠনমূলক আলোচনা হয় । মেঘালয় আৰু অসম উভয় পক্ষৰ বাসিন্দাসকলক শান্তি বজাই ৰাখিবলৈ আমি আহ্বান জনাইছো । আমি সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছো । সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ স্বাৰ্থত, ভৱিষ্যতে আমাৰ উদ্বেগসমূহ যৌথভাৱে সম্বোধন কৰি উত্তেজনা হ্ৰাস কৰাৰ দিশত একেলগে কাম কৰাৰ আশ্বাস দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি কৃতজ্ঞ ।’’ মন কৰিবলগীয়া যে ১৯৭২ চনত মেঘালয় গঠন হোৱাৰ পিছতেই দশক দশক ধৰি চলি থকা দুয়ো ৰাজাৰ সীমা বিবাদ ২০২১ চনত মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত সমাধানৰ দিশে আগবাঢ়িছে। ৬টা স্থানত দুয়োখন ৰাজ্যই সীমা সমস্যা সমাধান কৰাৰ পাছত বিবদমান আন স্থানক লৈ অচিৰেই আলোচনাত মিলিত হোৱাৰো সম্ভাৱনা আছে। আজিৰ বৈঠকত মুখ্যতঃ সীমা সমস্যাৰ বিষয়টোৰ চূড়ান্ত সমাধান সন্দৰ্ভত দুয়োগৰাকী মন্ত্রীয়ে ঐকমত্য পোষণ কৰে।
