জুবিন-এটি কণ্ঠ, এটি যুগ, এটি অনুভৱ – ৰাখী মণি কলিতা

জুবিন-এটি কণ্ঠ, এটি যুগ, এটি অনুভৱ

ৰাখী মণি কলিতা
হাজৰিকাপাৰা ,দৰং 

যি সুৰ এবাৰ অসমীয়াৰ হৃদয়ত শিপাই যায়, সময়ৰ কোনো ধুমুহাই তাক উভালি পেলাব নোৱাৰে ,জুবিন দা তেনে এক সুৰ, তেনে এক অনুভৱ, তেনে এক অমলিন উপস্থিতি।

অসমীয়া সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক নাছিল; তেওঁ আছিল এটা অনুভৱ, এটা আৱেগ, এটা প্ৰজন্মৰ কণ্ঠস্বৰ। তেওঁৰ কণ্ঠত অসমে নিজৰ হাঁহি-কান্দোন, প্ৰেম-বিৰহ, আশা-আকাংক্ষা আৰু জীৱনৰ অসংখ্য অনুভূতি বিচাৰি পাইছিল। সেয়েহে জুবিন গাৰ্গক কেৱল এগৰাকী শিল্পী হিচাপে সংজ্ঞায়িত কৰাটো যেন তেওঁৰ বিশাল সৃষ্টিশীল সত্তাক সৰু কৰি চোৱা হয়।

১৯ ছেপ্টেম্বৰ ২০২৫—অসমৰ সাংস্কৃতিক জগতক স্তব্ধ কৰি থৈ যোৱা এটা বেদনাময় দিন।সেই দিনটোত জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ’ল। কিন্তু তেওঁৰ কণ্ঠ থমকি নৰ’ল, তেওঁৰ সৃষ্টিৰ যাত্ৰা থমকি নৰ’ল। বৰং সময় বাগৰাৰ লগে লগে তেওঁৰ গীত, সুৰ আৰু কথাই অধিক গভীৰভাৱে মানুহৰ হৃদয়ত ঠাই লৈছে।

এটা বছৰ পাৰ হ’বলৈ ওলাইছে। এই এটা বছৰত বহু কথাই সলনি হ’ল, বহু দৃশ্যই সলনি হ’ল; কিন্তু জুবিন দাৰ প্ৰতি মানুহৰ মৰম সলনি নহ’ল। তেওঁৰ গীত আজিও কোনোবাই নিসংগতাত শুনে, কোনোবাই প্ৰিয়জনৰ কথা মনত পেলাই শুনে, কোনোবাই অসমক অনুভৱ কৰিবলৈ শুনে। তেওঁৰ কণ্ঠ আজিও যেন কৈ যায়—সৃষ্টি কেতিয়াও শেষ নহয়।

জুবিন গাৰ্গৰ জীৱন আছিল বহুমাত্ৰিক। তেওঁ গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। অসমীয়া সংগীতৰ সীমা পাৰ হৈ তেওঁৰ সৃষ্টিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাৰ হৃদয়তো স্থান লাভ কৰিছিল। হিন্দী সংগীত জগততো তেওঁৰ কণ্ঠই বিশেষ পৰিচয় লাভ কৰিছিল। তথাপি তেওঁৰ হৃদয়ৰ কেন্দ্ৰত সদায় আছিল অসম আৰু অসমীয়া মানুহ।

জুবিন দাৰ বিশেষত্ব আছিল—তেওঁ মানুহৰ পৰা আঁতৰি থকা শিল্পী নাছিল। তেওঁ এজন মাটিৰ মানুহ আছিল। তেওঁৰ সৃষ্টিত অসমৰ মাটি, মানুহ, প্ৰকৃতি, প্ৰেম, বেদনাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছিল। সেইবাবেই তেওঁৰ গীত কেৱল শুনা নহয়, অনুভৱ কৰা হয়।

আজি জুবিন দাক মনত পেলোৱা মানে কেৱল অতীতলৈ ঘূৰি চোৱা নহয়; তেওঁৰ অসমীয়া সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক দায়িত্বও। তেওঁৰ সৃষ্টিক জীয়াই ৰখা মানে তেওঁৰ কণ্ঠৰ অনুকৰণ কৰা নহয়—তেওঁ যি সাহস, সৃষ্টিশীলতা আৰু অসমপ্ৰেমেৰে কাম কৰিছিল, সেই আদৰ্শক আগুৱাই নিয়া।

১৯ ছেপ্টেম্বৰ কেৱল এটা বিষাদৰ দিন হৈ নাথাকক। এই দিনটো হওঁক জুবিন দাৰ সৃষ্টিৰে, সংগীতেৰে আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অগাধ অৱদানৰ প্ৰতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ দিন। ইতিমধ্যে ১৭ ছেপ্টেম্বৰৰ পৰা ‘জুবিন দিৱস’ হিচাপে তিনিদিনীয়া কাৰ্যসূচী পালন কৰিছে , য’ত প্ৰাৰ্থনা, সাংস্কৃতিক অনুষ্ঠান আৰু ধৰ্মীয় কাৰ্যসূচীৰে তেওঁৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে।

জুবিন দা আজি আমাৰ মাজত শাৰীৰিক ভাৱে নাই, কিন্তু তেওঁ আমাৰ  সকলোৰে হৃদয়ত আছে। জুবিন এটা নাম নহয়, জুবিন এটা অনুভৱ।

জুবিন এটা কণ্ঠ নহয়, জুবিন অসমৰ হৃদয়ৰ স্পন্দন।

সময় বাগৰিব, প্ৰজন্ম সলনি হ’ব—কিন্তু অসমীয়া মানুহৰ হৃদয়ত জুবিন গাৰ্গৰ সুৰ সদায় বাজি থাকিব।