অসম বিধানসভাত কৰ্মৰত ১২ বিষয়া কৰ্মচাৰীক অব্যাহতি

Pc News Arena

অসম বিধানসভাত কৰ্মৰত ১২ বিষয়া কৰ্মচাৰীক অব্যাহতি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত প্ৰথমখন অধিৱেশনৰ পাছতে কঠোৰ হৈছে ৰণজিৎ কুমাৰ দাস । বুধবাৰে বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ পাছত  বিধানসভাৰ সচিব দুলাল পেগুক অব্যাহতি দিয়া হৈছিল। একাধিক অনিয়মৰ অভিযোগত বিধানসভাৰ সচিব দুলাল পেণ্ডক অব্যাহতি দিয়াৰ পিছত পুনৰ ১২ গৰাকী বিষয়া-কর্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।  বিগত সময়ছোৱাত অৱসৰৰ পিছতো চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰি বিধানসভা সচিবালয়ৰ হর্তাকর্তা হৈ পৰা এই ১২গৰাকী বিষয়া- কৰ্মচাৰীক তৎকালে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিয়ে অধ্যক্ষই। অব্যাহতি লাভ কৰা ১২ বিষয়া-কৰ্মচাৰীৰ ভিতৰত আছে ৰঞ্জিত কুমাৰ শৰ্মা, পংকজ কুমাৰ শৰ্মা, ধনজিৎ তালুকদাৰ, তাৰিণী কান্ত স্বর্গীয়াৰী, শেৱালি দেৱী, কবিৰাম হালৈ, কুলধৰ কামান, সমীৰ দাস, মাধৱ তালুকদাৰ, ভবেন পেণ্ড, বিশ্বজিৎ সোম আৰু দিলীৰাম শৰ্মা। উল্লেখ্য যে অৱসৰৰ পাছত এই আটাইকেইজন বিষয়া-কর্মচাৰীৰ পূৰ্বৰ বিধানসভাৰ অধ্যক্ষই চাকৰিত মকৰলৰ অনুমোদন জনাইছিল। অৱসৰৰ পাছতো এনেদৰে যোৱা দুই-তিনি বছৰ ধৰি চাকৰিত মকৰল হৈ থকা এইসকল বিষয়া-কৰ্মচাৰীৰ বাবে পদোন্নতি বন্ধ হৈ পৰিছিল আন কেইবাজনো বিষয়া-কর্মচাৰীৰ। উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ শেষৰ দিনটোতে সচিব দুলাল পেণ্ডক অব্যাহতি দিয়াৰ পাছতেই কাৰ্যতঃ বিধানসভাৰ অনিয়ম পৰিষ্কাৰ কৰাত নামি পৰিছিল অধ্যক্ষ ৰণজিৎ কুমাৰ দাস। এই অনুসৰি অৱসৰ গ্ৰহণৰ পাছত চাকৰিত কাৰ্যকাল চলাই থকা এই ১২জন বিষয়া-কর্মচাৰীক অব্যাহিত দিয়ে। উল্লেখ্য যে, পূৰ্বৰ অধ্যক্ষই এইসকল বিষয়া-কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধি কৰিছিল । ইফালে বিধানসভাৰ সচিব দুলাল পেগুক অব্যাহতি দিয়াৰ পাছত বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যক সচিবৰ দায়িত্ব দিয়া হয় ।