চহৰত  কৃত্ৰিম বানপানী/গাঁওবোৰত গৰা -খহনীয়া বানপানী  অসমৰ এটা ডাঙৰ জলন্ত  সমস্যা – অনামিকা (সংগীতা)কলিতা

Pc NDTV

চহৰত  কৃত্ৰিম বানপানী/গাঁওবোৰত গৰা -খহনীয়া বানপানী  অসমৰ এটা ডাঙৰ জলন্ত  সমস্যা 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হয় ,গুৱাহাটী বা আন ৰাজ্যৰ চহৰতো এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিছোঁ।অসমৰ  প্ৰাণকেন্দ্ৰ  আৰু ৰাজধানীখন  গুৱাহাটীতে। তেনে স্থলত বিভিন্ন ঠাইৰ মানুহৰ কৰ্মস্থলী,শিক্ষাগ্ৰহণৰ বিশেষ গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰি আহিছে গুৱাহাটী কিন্তু  এজাকে বৰষুণ আহিলেই  মেট্ৰো চিটি পানীৰে উপচি বাট-পথ বন্ধ হৈ যায় কেইবাদিনলৈকে ,ল’ৰা-ছোৱালী স্কুলত যাৱ নোৱাৰে, ঘৰ -দুৱাৰ ,স্কুল/অফিচ কিছুমানত বৰষুণৰ কৃত্ৰিম বানৰ কাৰণে বন্ধ ৰাখিব লগা হয়।ঘৰৰ পৰাই অনলাইন হয়তো কামবোৰ কৰে।

ঠিক তেনেকৈ গাঁওবোৰত বছৰত ৫০শতাংশ লোক এই বানৰ কৱলত পৰে ।অসমত নৈ /উপনৈৰ সংখ্যা অধিক ।বাৰিষাত নৈ/উপনৈ সমূহ পৰিপূৰ্ণ হৈ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত লগতে  গৰাখহনীয়াত  বহুত খেতি পথাৰৰ শস্য  নষ্ট হয় ।  মানুহৰ চোতাল ঘৰত পানীতে বুৰ যায়  এক অৰাজকতা সৃষ্টি হয় ।ঠিকাদাৰ আদিয়ে  নিজৰ  অধিক  মুনাফা লাভৰ কথা ভাবি মথাউৰি বোৰ  নিৰ্মাণ কৰোঁতে  সস্তীয়া  কম মানদণ্ডৰ  সামগ্ৰী  ব্যৱহাৰ কৰে  যাৰ ফলত  কম দিনৰ ভিতৰতে সকলো  ভাঙি যায় কিছুমান ঠাইত  এবছৰো অতিবাহিত নহয় টিভিৰ বাতৰিত দেখিছোঁ  । তাৰোপৰি আমাৰ মানুহবোৰ কম নহয় নলা নৰ্দমা আদিত প্লাষ্টিকৰ পেকেট/জাবৰ জোথৰ আদি পেলোৱাৰ কাৰণে নলাবোৰ বন্ধ হৈ থাকে পানী যাব’লৈ  সুবিধা নাপালে নলাৰ পানী বাট-পথ বুৰাই পেলায়।গতিকে এই সমস্যাবোৰৰ কাৰণে বানপানীৰ সমস্যাৰ সৃষ্টি হয়।নদী বান্ধ  বানপানীৰ সমস্যাৰ আন এটা কাৰণ।

ইয়াৰ সমাধানৰ উপায়-

১/খৰালিতে মথাউৰি বোৰ উন্নত  প্ৰণালীৰে নিৰ্মাণ কৰিব লাগিব।

২/নদী বান্ধ যধে মধে খুলি দিব নালাগে।

৩/নৈ /উপনৈ সমূহৰ মাজে সময়ে খনন কাৰ্য কৰিলে প্ৰতিৰোধ হ’ব

৪|নলা/নৰ্দমা  পানী যোৱাৰ পথ পৰিস্কাৰ কৰিব  লাগিব ।সকলোৱে জাবৰ জোথৰ পেলাই বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজে সতৰ্ক থাকিব লাগিব।