নলবাৰীত দুর্বৃত্তৰ আক্ৰমণত আছু নেতাৰ মৃত্যু

নলবাৰীত দুর্বৃত্তৰ আক্ৰমণত আছু নেতাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ গংগাপুৰত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড।এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনাই যোৱা নিশা জোঁকাৰি যায় সমগ্ৰ নলবাৰী জিলাক ৷  অচিনাক্ত দুর্বৃত্তৰ আক্ৰমণত ঠাইতে নিহত হয় ছাত্র নেতা মাধুর্য বর্মন। তদুপৰি তেওঁৰ লগত থকা মাহীয়েকৰ ছোৱালী মৃদুমুদ্রা ডেকাও দুর্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।ঘটনাৰ বিৱৰণীত প্রকাশ যে যোৱা কালি মাধুর্য বৰ্মনৰ গংগাপুৰত থকা মাহীয়েকৰ ঘৰত এটা সৰু অনুষ্ঠান আছিল। ছাত্র নেতা মাধুর্যই মাহীয়েকৰ ছোৱালী মৃদুমুক্তা ডেকাক লগত লৈ নলবাৰীৰ পৰা কিতাপ কিনি স্কুটিৰে ঘৰলৈ উভতি আহোঁতে, ঘৰৰ পৰা মাত্র ৩০০ মিটাৰ দূৰত দুর্বৃত্তই আক্ৰমণ কৰে। এই আক্রমণত ছাত্র নেতাজনৰ থিতাতে মৃত্যু হয়। ইপিনে ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। ইপিনে মাধুৰ্যৰ মাহীয়েকে প্রকাশ কৰামতে তেওঁলোকৰ ছোৱালীসহ মাধুৰ্যৰ দুর্ঘটনা সংঘটিত হোৱা বুলি কোনোবাই খবৰ দিয়াত ঘটনাস্থলীলৈ গৈ দুয়োকে তেজেৰে লুতুৰি পুতুৰি হৈ থকা প্রত্যক্ষ কৰে। তেওঁ কয়- প্রথমাৱস্থাত দুর্ঘটনা বুলি ভাবিছিলোঁ যদিও মাধুৰ্যৰ দেহ ভালকৈ চোৱাত মূৰ আৰু কান্ধৰ ওচৰত ঘপিওরা চিন দেখিবলৈ পাইছোঁ। তাক কোনোবাই পৰিকল্পিতভাৱে মাৰি পেলালে। উল্লেখ্য যে হত্যাৰ বলি হোৱা মাধুর্য বর্মন চামতা বালিপথাৰৰ ভকতপাৰা চুবুৰিৰ হৰিচৰণ বৰ্মনৰ একমাত্র পুত্র। লগতে তেওঁ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিল। আনহাতে উক্ত ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা মৃদুমুদ্রা ডেকা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকীছাত্রী। তেওঁ গংগাপুৰৰ ঘনশ্যাম ডেকা আৰু জেউতি ডেকাৰ কন্যা।