৫ জুনত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অহা ৫ জুনত অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ হ’ব। সকলো জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই এই ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সম্প্রতি নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° শর্মাই শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত দেওবাৰে সামাজিক মাধ্যমযোগে এই সন্দর্ভত কয়- ‘আপোনালোকক আনন্দৰে অৱগত কৰিব বিচাৰিছোঁ যে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ’ব।’ উল্লেখ্য যে শেহতীয়া আৰু বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই ১০২খন আসন লাভেৰে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত যোৱা ১২ মে’ত ক্রমাগতভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিছিল ড° হিমন্ত বিশ্ব শর্মাই। সেইদিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছেল বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অগপৰ অতুল বৰা আৰু বিপিএফৰ চৰণ বড়োৱে। তেতিয়াৰে পৰা কাৰ্যতঃ এনডিএৰ ভিতৰচ’ৰাত মন্ত্ৰী পৰিষদ সম্প্ৰসাৰণকেন্দ্ৰিক জল্পনা-কল্পনা আৰম্ভ হৈছিল। বিশেষকৈ আসন্ন সম্প্ৰসাৰণৰ কোন বিধায়ক মন্ত্ৰী পৰিষদত অন্তর্ভুক্ত হয় তাক লৈ ব্যাপক চর্চা অব্যাহত আছে।ইয়াৰ মাজতেই মুখ্যমন্ত্রীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছিল । তেওঁ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৩ জুনলৈকে মংগোলীয়া ভ্ৰমণত থকাৰ বাবে তেওঁ অহাৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছিল । ইফালে সম্প্ৰসাৰিত মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
