ৰ’দে পোৰা কবিতা – বনজিত দাস

Pc Stockcake

 ৰ’দে পোৰা কবিতা 

বনজিত দাস
ৰিহাবাৰী , বজালী

ৰ’দে পোৰা কবিতাত ছন্দোবদ্ধ তৰালি
পোহৰৰ জিলমিল সোণবৰনীয়া হাঁহি
শব্দৰ ঘামত তিয়াই
বুকুৰ কামিহাড়
নিশ্বাসত জ্বলে অন্তৰৰ নিৰৱ দহন
শুকান বাটৰ ধূলিত উৰে
অব্যক্ত অনুভৱ
এমুঠি পোহৰৰ আশ্বাস
বুকুৰ এচপৰা মাটিত
গজে শব্দৰ শইচ
মানুহৰ অনুভৱৰ গভীৰতা
নিশব্দ নদীৰ দৰেই বয় নিসঙ্গতাৰ ব্যথা
অশ্ৰুসিক্ত সেমেকা বাটত
হাঁহিৰ পোহৰ গলে
ভঙা সপোনৰ বুকুত গজে
আশাৰ সেউজ গছ
জীয়াই থাকিবলৈ
ৰ’দে পোৰা কবিতাত মাটিৰ গোন্ধ
জীৱন নদীৰ ইতিহাস
কবিতা
কবিৰ আজন্ম প্ৰেমিক ।

error: Content is protected !!