নীলপদ্মৰ আলোক – ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Shutterstock

নীলপদ্মৰ আলোক

 ৰাজলক্ষ্মী বৰঠাকুৰ
প্ৰাক্তন ছাত্ৰী, শিশু ভাৰতী স্কুল

জ্ঞানৰ দীপ জ্বলাই তুমি
আহিলা আমাৰ মাজলৈ,
শব্দৰে সজাই দিলে
সপোনভৰা নতুন পথলৈ।
শ্ৰেণীকোঠাৰ নীৰৱ ক্ষণত
তোমাৰ কণ্ঠৰ সুৰ,
ছাত্ৰৰ মনত জগাই তুলিছিল
আশাৰ এটি নৱ আলোক।
কলমত আছিল মাটিৰ গন্ধ,
মানুহৰ দুখৰ গান,
প্ৰকৃতিৰ সেউজীয়া বুকুত
শুনি পাইছিলা জীৱনৰ টান।
কমল দুৱৰা মহাবিদ্যালয়ত
জ্ঞানৰ বাট দেখুৱাই,
হৃদয়ত ৰৈ গ’লা তুমি
অমৰ স্মৃতি হৈ।
নীলপদ্মৰ দৰে আজি
তোমাৰ নাম উজ্জ্বল,
অসমীয়া সাহিত্য আকাশত
তুমি চিৰন্তন জ্যোতিষ্ক অমল।