নৱম শ্ৰেণীৰ শিক্ষার্থীয়ে ইংৰাজী মাধ্যমত পঢ়িব লাগিব গণিত-বিজ্ঞান

Pc asseb.in

নৱম শ্ৰেণীৰ শিক্ষার্থীয়ে ইংৰাজী মাধ্যমত পঢ়িব লাগিব গণিত-বিজ্ঞান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শেহতীয়াকৈ এক নির্দেশনাযোগে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু সাধাৰণ বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ নির্দেশ দিছে। নির্দেশনাটোত উল্লেখ থকা অনুসৰি ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে যদি আন বিষয়বোৰ নিজ মাতৃভাষাৰ মাধ্যমত অধ্যয়ন কৰি আছে, তেতিয়াহ’লে নির্দিষ্ট বিদ্যালয়খনে এতিয়াৰে পৰা গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। নির্দেশনাটো মতে, যিহেতুকে ২০২৬-২৭ বিদ্যায়তনিক বৰ্ষৰ নৱম শ্ৰেণীৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে আৰু কোনো ধৰণৰ সালসলনি এই প্রক্রিয়াটোত প্রয়োজন নহয়, গতিকে পঞ্জীয়ন-পত্ৰত শিক্ষাদানৰ মাধ্যম যিয়ে লিপিবদ্ধ নহওক কিয়, ভৱিষ্যতে কোনো ধৰণৰ সমস্যা ছাত্ৰ অথবা ছাত্ৰীগৰাকীৰ নহয় বুলি উল্লেখ কৰা হৈছে। এছেবৰ এই নির্দেশনাৰ পিছতে ৰাজ্যজুৰি শিক্ষার্থী সমাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো ইংৰাজী মাধ্যমত ইতিমধ্যে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত এই নির্দেশনাই কোনো ধৰণৰ প্ৰভাৱ নেপেলায় যদিও মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি নৱম শ্ৰেণীলৈ উত্তীর্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতেই কিছু সমস্যাৰ সন্মুখীন হ’ব। বিশেষকৈ অংকৰ ক্ষেত্ৰত সমস্যা নহ’লেও সাধাৰণ বিজ্ঞানৰ ক্ষেত্ৰত নতুনকৈ মাতৃভাষা মাধ্যমৰ পৰা ইংৰাজী মাধ্যমত অধ্যয়ন কৰিলে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব বুলি বিভিন্ন শিক্ষানুষ্ঠান কর্তৃপক্ষই শংকা কৰিছে।