এডভান্টেজ আছাম-২.০ সন্দৰ্ভত খাতিয়ান মুখ্যমন্ত্ৰীৰ

এডভান্টেজ আছাম-২.০ সন্দৰ্ভত খাতিয়ান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫ আৰু ২৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছিল এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । সেই বিশাল বিনিয়োগ সন্মিলনত সমবেত হৈছিল দেশ-বিদেশৰ বহু বিনিয়োগকাৰী । আনহাতে এডভাণ্টেজ আছামৰ যোগেদি বিনিয়োগৰ বাবে বহু চুক্তি হৈছিল । এডভান্টেজ আছাম-২.০ত অসম চৰকাৰে ৫ লাখ কোটিৰো অধিক বিনিয়োগৰ প্রতিশ্রুতি লাভকৰিছিল। প্ৰতিশ্ৰুতিসমূহৰ পূৰ্ণতা হিচাপে বুজাবুজি চুক্তিৰ স্বাক্ষৰিত প্রকল্পসমূহৰ ৬০ শতাংশই ইতিমধ্যে ৰূপায়ণৰ উন্নত পর্যায়ত আছে। ইতিমধ্যে বহুকেইটা বিনিয়োগৰ প্রতিশ্রুতি কাৰ্যকৰীকৰণো হৈছে। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে এডভান্টেজ আছাম-২.০ৰ বিনিয়োগ আৰু প্রতিশ্রুতি ৰূপায়ণ সন্দর্ভত তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এডভান্টেজ আছাম- ২.০ত সম্পন্ন হৈছিল ৫.১৮ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি। ইয়াৰে প্ৰকল্প ৰূপায়ণ হৈছে প্রায় ৩.১ লাখ কোটি টকাৰ। তেওঁ আৰু উল্লেখ কৰে যে সামগ্রিকভাবে এডভান্টেজ আছাম-২.০ৰ বিনিয়োগসমূহ সম্পূর্ণ বাস্তৱায়িত হ’লে নিশ্চিতকৈ এয়া অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব। উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ এডভান্টেজ আছামত বিনিয়োগ হোৱা ০.২৩ নিযুত আমেৰিকান ডলাৰৰ বিপৰীতে ২০২৫-২৬ বর্ষত এই পৰিমাণ ১৬.৮১ নিযুত আমেৰিকান ডলাৰলৈ বৃদ্ধি পায়। ২০২৪-২৫ বর্ষত প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ২.৩৬ নিযুত আমেৰিকান ডলাৰ। এডভান্টেজ আছাম-২.০ৰ বাবেই ২০২৫-২৬ বর্ষত প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই এক উল্লেখনীয় সফলতালৈ পৰিণত হৈছে। এডভান্টেজ আছাম-২.০ৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে ২৯৭খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰে ৭০খন বুজাবুজিৰ চুক্তি কাৰ্যকৰী হোৱা বুলি অসম বিধানসভাত তদানীন্তন উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়াই সদৰী কৰিছিল। বিগত বৰ্ষৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মন্ত্রী বড়াই সদৰী কৰিছিল যে গুৱাহাটীত সম্পন্ন হোৱা এডভান্টেজ আছাম-২.০ৰ সম্মিলনত ২৪০টাৰো অধিক প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু বিশ্বব্যাপী বিনিয়োগকাৰী, নীতি-নিৰ্ধাৰকসকলক আকৰ্ষিত কৰিছিল। এডভান্টেজ আছাম-২.০ৰ জৰিয়তে ৫ লাখ কোটিৰো অধিক বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰা হৈছিল। এডভান্টেজ আছাম-২.০ৰ পিছত Matheson Hydrogen India Private Limitedৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াত এহাজাৰ পাঁচশ কোটি টকাৰ প্রত্যক্ষ বিনিয়োগ সম্পন্ন হৈছিল। তদানীন্তন উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়াই সদৰী কৰা অনুসৰি সন্মিলনৰ ৩০০খনৰ ভিতৰত ১,২০,৯৫৮.৯৩ কোটি টকা মূল্যৰ ৭০টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল বা ভূমি আবণ্টন পদ্ধতি আৰম্ভ কৰা হৈছিল। এডভান্টেজ আছাম-২.০ৰ সময়ত অসম চৰকাৰৰ বিভাগসমূহে বুজাবুজি চুক্তিৰ ৰূপায়ণৰ বাবে তৎপৰতাৰে কাম আৰম্ভ কৰিছিল। বিশেষকৈ শক্তি বিভাগে হিন্দুজা ৰিনউৱেবুলছ এনার্জী প্রাইভেট লিমিটেডৰ ১৪ হাজাৰ কোটি টকাৰ পাম্পড ষ্টৰেজ প্রজেক্ট অসমৰ বিভিন্ন স্থানত স্থাপন কৰাৰ পৰিকল্পনা কৰে। পশুপালন আৰু চিকিৎসা বিভাগে দুগ্ধ উৎপাদক ইউনিয়নৰ দ্বাৰা গাখীৰ সংসাধন এটা উদ্যোগ স্থাপন কৰাৰ প্রতিশ্রুতিৰে আগুৱাইছে। তদুপৰি এডভান্টেজ আছামৰ উদ্যোগৰ ফলস্বৰূপে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু উদ্যোগৰ প্রকল্প হাতত লোৱা হৈছে। মুখ্য পদক্ষেপসমূহৰ ভিতৰত আছে-গুৱাহাটী ৰিং ৰোড আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত ৫,৭৩০ কোটি টকা বিনিয়োগেৰে দলং নির্মাণ, ৬,৯৫৭ কোটি টকা ব্যয়েৰে কাজিৰঙাৰ মাজেৰে এলিভেটেড কৰিড’ৰৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা, ২২,৮৬৪ কোটি টকাৰ প্ৰতিশ্রুতিবদ্ধ বিনিয়োগেৰে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬৬.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীন ফিল্ড হাইস্পীড কৰিড’ৰৰ কাম আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি ১০,৬০১.৪০ কোটি মূল্যৰ অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড প্রকল্পই ৰাজ্যখনৰ ঔদ্যোগিক ভেটি শক্তিশালী কৰি তুলিছে। একে সময়তে আইঅ’চিএল, এনআৰএল, আইঅ’এল, অ’এনজিচি আৰু পাৱাৰগ্রিড কৰ্প’ৰেচনকে ধৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে অসমত তেওঁলোকৰ স্থিতি সম্প্ৰসাৰিত কৰিছে, যাৰ ফলত ব্যৱসায়, নিয়োগ আৰু বহনক্ষম অর্থনীতি বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি হৈছে। এডভান্টেজ আছাম-২.০-এ এই গতি আগুৱাই নিছে।মুখ্যমন্ত্রী ড০  হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে সদৰি কৰিছিল যে ২০২৬ চনৰ ভিতৰত চৰকাৰখনে ৫ লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰিলে আৰু ইতিমধ্যে সদৰি কৰা অনুসৰি এই বছৰৰ ভিতৰত চৰকাৰখনে এডভাণ্টেজ আছাম-২.০ৰ বিনিয়োগৰ সকলো চুক্তি কাৰ্যকৰী কৰিব।