আৰএছএছ মুৰব্বী ডাঃ মোহন ভাগৱতক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰবাৰীস্থিত আৰ এছ এছৰ কাৰ্যালয় সুদর্শনালয়ত আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱতক সাক্ষাৎ কৰে। ড° হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰাৰ পিছত ডাঃ মোহন ভাগৱতক প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাবে সাক্ষাৎ কৰে। সুদর্শনালয়ত মুখ্যমন্ত্রী ড° শৰ্মাই আৰ এছ এছপ্রমুখ ডাঃ মোহন ভাগৱতক সাক্ষাৎ কৰি দহ মিনিটৰো অধিক সময় বাৰ্তালাপ কৰে। উল্লেখ্য যে আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱত ৩দিনীয়া অসম ভ্রমণলৈ আহিছিল। তেওঁ হোজাইৰ সংঘৰ বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিছিল। উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত হোজাইত হোৱা দুদিনীয়া আৰ এছ এছৰ প্রশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি কটকটীয়া নিৰাপত্তাৰ মাজতে ডাঃ মোহন ভাগৱত গুৱাহাটীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় সুদর্শনালয়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই ভাগৱতক সাক্ষাৎ কৰি কিছু সময় বার্তালাপ কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে নিশা অসমলৈ অহা আৰ এছ এছ প্রধান মোহন ভাগবতে হোজাইত অনুষ্ঠিত আৰ এছ এছৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছত আজি তেওঁ আহি গুৱাহাটীৰ সুদর্শনালয়ত উপস্থিত হয়। গুৱাহাটীত তেওঁ মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে আৰ এছ এছৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰা সামাজ-অর্থনৈতিক পৰিস্থিতিলৈকে বিভিন্ন বিষয়ে স্থান লাভ কৰে। ইয়াৰ পাছতে তেওঁ বিয়লি গুৱাহাটীৰ পৰা নাগপুৰলৈ ৰাওনা হয়।
