বিৰোধী দলপতিক লৈ বিপদত কংগ্রেছ

বিৰোধী দলপতিক লৈ বিপদত কংগ্রেছ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ বিৰোধী দলপতি কোন হ’ব তাক লৈ বিৰোধীৰ ৰাজনীতিত চলিছে ব্যাপক চর্চা। বিৰোধী দলপতিৰ গুৰুত্বপূৰ্ণ পদটোক লৈ এতিয়া প্রদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত লবীকেন্দ্রিক ৰাজনীতি আৰম্ভ হোৱাৰ বিপৰীতে এগৰাকী সবল বিৰোধী দলপতি নির্বাচনত শ’লঠেকত পৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা শীর্ষ নেতৃবর্গ।স্মৰ্তব্য যে বিধানসভা নির্বাচনত মাত্র ১৯খন আসন লাভ কৰি কংগ্ৰেছ দলে শোচনীয় পৰাজয়বৰণ কৰিছিল। জয়ী হৈ অহা ১৯ বিধায়কৰ ভিতৰত উজনি অসমৰ পৰা ডাঃ জয়প্রকাশ দাসৰ ৰূপত এগৰাকী হিন্দু বিধায়কহে জয়ী হৈ আহে। ইয়াৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলটো সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কৰ নেতৃত্বত বিধানসভা পৰিচালিত হোৱাটো নিশ্চিত হৈ পৰে। আনহাতে শেহতীয়াকৈ বিধানসভাৰ বিৰোধী দলৰ মৰ্যাদা কংগ্ৰেছে লাভ কৰিব বুলি প্ৰকাশ হোৱাৰ পিছতে বিধায়িনী দলৰ নেতা কোন হ’ব সেই লৈ দলৰ বাহিৰে-ভিতৰে ব্যাপক চর্চা হয়। বিৰোধী দলপতিৰ বাবে দীর্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট, ৬বাৰতকৈও অধিক বিধানসভালৈ নির্বাচিত ৱাজেদ আলী চৌধুৰী, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আদিৰ নাম চৰ্চাত আছে যদিও একমাত্র হিন্দু বিধায়কৰূপে ডাঃ জয়প্রকাশ দাসৰ নামটোও চর্চাত আছে। তথ্য অনুসৰি বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিক প্রত্যাহ্বান জনাবলৈ আৰু উজনি-নামনিৰ হিন্দু ভোটাৰৰ মাজত হেৰুওৱা ভেটি উদ্ধাৰ কৰিবলৈ ডাঃ জয়প্রকাশ দাসক বিৰোধী দলপতিৰ দায়িত্ব দিয়াটো জৰুৰী বুলি প্রদেশ কংগ্ৰেছৰ একাংশ নেতাই হাইকমাণ্ডৰ ওপৰত হেঁচা অব্যাহত ৰাখিছে।