১১ ঘণ্টা ধৰি মাৰাথন জেৰা সন্মুখীন কংগ্ৰেছ নেতা পৱন খেড়া 

১১ ঘণ্টা ধৰি মাৰাথন জেৰা সন্মুখীন কংগ্ৰেছ নেতা পৱন খেড়া 

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত অসম আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ জেৰাৰ সন্মুখীন হয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র পৱন খেড়া। অসম আৰক্ষীয়ে তেওঁক ১১ ঘণ্টা ধৰি মাৰাথন জেৰা চলায়। পাণবজাৰস্থিত অসম আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত পৱন খেড়াক জেৰা চলোৱা হয়। অপৰাধ শাখাৰ কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই পৱন খেড়াক দিনটো পর্যন্ত জেৰা চলায়। দিনটো জেৰা চলোৱাৰ অন্তত পৱন খেড়া অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে যাবলৈ দিয়ে যদিও বৃহস্পতিবাৰে  পুৱা ৯.৩০ বজাত পুনৰ হাজিৰ হ’বলৈ কংগ্ৰেছ নেতাজনক নির্দেশ দিয়া হৈছে। এই কথা পৱন খেড়াই অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱাৰ পূৰ্বে নিজে সদৰী কৰে। লক্ষণীয়ভাৱে বুধবাৰে পুৱা পাণবজাৰ অপৰাধ শাখাৰ কাৰ্যালয়লৈ যোৱাৰ সময়ত পৱন খেড়াক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা, প্রাক্তন বিধায়িকা শিৱামণি বড়া, বিধায়ক জয়প্রকাশ দাস, প্রদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰা আদিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই। অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰ আগত পৱন খেড়াই কয় যে তেওঁ তদন্তত সম্পূর্ণ সহযোগিতা আগঢ়াব। তেওঁ কয়- আৰক্ষীয়ে মোক মাতিছে আৰু সেই অনুসৰি মই উপস্থিত হৈছোঁ। আমি আইন আৰু ন্যায় পালিকাক সন্মান কৰোঁ। গতিকে আইনী পদ্ধতি অনুসৰি আমি ইয়ালৈ আহিছোঁ। উল্লেখ্য যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে ৫ এপ্ৰিলত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল । এনে অভিযোগক ভিত্তিহীন আখ্যাৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলাই যদিও গ্ৰেপ্তাৰত ব্যৰ্থ হয় । আনহাতে, তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ বাবে চৰ্ত সাক্ষেপে অগ্ৰিম জামিন প্ৰদান কৰিছিল । কিন্তু এনে জামিনৰ নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱা বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে পৱন খেড়াক প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ চৰ্ত সাক্ষেপ জামিনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে । ইয়াৰ পিছতে পৱন খেড়াই এনে স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । কিন্তু শুনানিৰ‌ অন্তত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ আবেদনখন খাৰিজ কৰি তেওঁক অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাত পুনৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হয় । উচ্চতম ন্যায়ালয়ে পৱন খেড়াক চর্তসাপেক্ষ জামিন প্রদান কৰে।  ন্যায়ালয়ে খেড়াক তদন্তৰ সময়ত আৰক্ষীয়ে বিচাৰিলেই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়ে। এই নির্দেশৰ আধাৰতে পৱন খেড়াই আজি অসম আৰক্ষীৰ পাণবজাৰস্থিত অপৰাধ শাখাৰ কার্যালয়ত উপস্থিত হয়।