উচ্চ ন্যায়ালয়ত নহ’ল শ্যামকানুৰ জামিন আবেদনৰ শুনানি
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জামিন বিচাৰি অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্রহণ নকৰিলে ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে। বুধবাৰে শ্যামকানু মহন্তৰ অধিবক্তাই তেওঁৰ জামিন বিচাৰি যোৱা ৭ মে’ত ১২২১/২৬ নম্বৰৰ আবেদনখনৰ শুনানি আছিল যদিও ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াই আবেদনখনৰ শুনানি গ্রহণ কৰিবলৈ ইচ্ছা নকৰিলে আৰু শ্যামকানু মহন্তৰ অধিবক্তাক বেলেগ বিচাৰপীঠত গোচৰটো পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। এই কথা নিশ্চিত কৰিছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ লোক অধিবক্তা জিয়াউল কামাৰে। সংবাদ মাধ্যমৰ আগত লোক অধিবক্তা জিয়াউল কামাৰে কয় যে ন্যায়াধীশ প্রার্থিৱজ্যোতি শইকীয়াৰ আদালতত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ আইটেম নম্বৰ ৫ হিচাপে তালিকাভুক্ত কৰা হৈছিল। কিন্তু আবেদনখনৰ শুনানি ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াই গ্রহণ নকৰোঁ বুলি স্পষ্টভাৱে প্রত্যাখ্যান কৰে। কামাৰৰ মতে, যিহেতু ন্যায়াধীশগৰাকীয়ে গোচৰৰ শুনানি গ্রহণ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিছিল, সেয়েহে জামিন আবেদনৰ সৈতে জড়িত পৰৱৰ্তী কোনো কার্যবিধি একেখন বিচাৰপীঠত নহ’ব। পৰৱৰ্তী কাৰ্যপন্থা আৰু সম্ভাব্য শুনানি সন্দর্ভত লোক অধিবক্তা গৰাকীয়ে কয় যে বিষয়টো এতিয়া সম্পূর্ণৰূপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়নৰ ওপৰত নিৰ্ভৰ কৰিব। পৰৱৰ্তী শুনানি কেতিয়া হ’ব সেয়া পঞ্জীয়কে সিদ্ধান্ত ল’ব। শ্যামকানু মহন্তৰ অধিবক্তা কলকাতাৰ পৰা অহাৰ বাবে অধিবক্তাই পঞ্জীয়কৰ কাষ চাপিব পাৰে। পঞ্জীয়কে তাৰিখ নিৰ্ধাৰণ কৰাৰ পাছত বিষয়টো তালিকাভুক্ত কৰা হ’ব, নহ’লে পিছত যিকোনো সময়তে ইয়াৰ তাৰিখ ঘোষণা হ’ব পাৰে।
