জামিন লাভ কৰিলে ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনে
ৰঙিলী বাৰ্ত্তাসেৱা-ডিবি ষ্টক কেলেংকাৰীৰ অভিযুক্ত দীপাংকৰ বৰ্মনৰ জামিন লাভ।গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে দীপাংকৰ বৰ্মনৰ।CBIৰ ভুলৰ বাবে জামিন লাভ কৰিলে দীপাংকৰ বৰ্মনে। ডিবি ষ্টক কেলেংকাৰী মূল খলনায়ক দীপাংকৰ বৰ্মন। জানিব পৰা মতে, দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে CBIয়ে কোনো ধৰণৰ নটিচ জাৰি কৰা নাছিল বুলি আদালতত বিষয়টো উত্থাপিত হয়। অভিযোগ অনুসৰি, তদন্ত প্রক্রিয়াত প্রয়োজনীয় আইনী নিয়ম সঠিকভাৱে পালন নকৰাৰ ফলতেই দীপাংকৰ বৰ্মনে জামিন লাভ কৰিবলৈ সক্ষম হয়। সূত্র অনুসৰি, CBIয়ে মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কাঢ়া ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱৰ্তে কেৱল কিছু কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি তদন্তৰ দায়িত্ব সামৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। ইফালে, উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে সাধাৰণ ৰাইজৰ মাজত বিভিন্ন প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে CBIৰ তদন্ত পদ্ধতি আৰু দায়িত্বশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে বৃহৎ আৰ্থিক কেলেংকাৰি আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল আৰু এই ঘটনাই ৰাজ্যজুৰি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
