প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ী হ্রাস

Pc Lokmat Times

প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ী হ্রাস

ৰঙিলী বাৰ্ত্তাসেৱা– গোটেই বিশ্বতে ইন্ধন সংকটৰ আগজাননী পোৱা গৈছে। এই সংকটৰ পৰা হাত সাৰিবলৈ ভাৰততো প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বজোৰা ইন্ধন সংকটৰ পৰিপ্ৰেক্ষিতত দেশখনক এই সংকটৰ পৰা হাত সৰাই ৰাখিবলৈ জনসাধাৰণক ইন্ধনব্যৱহাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাৰ পৰামৰ্শ দিয়াৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজেও সেই একেটা পথকে অনুসৰণ কৰি আদর্শ দেখুৱালে। পশ্চিম এছিয়াৰ সংকটত দেশৰ আৰ্থিক চাপ চম্ভালিবলৈ নিজৰ কনভয়ৰ ৫০ শতাংশ গাড়ী কমাই দিয়াৰ নিৰ্দেশ দিছে প্রধানমন্ত্রী মোদীয়ে। তদুপৰি কনভয়ত বৈদ্যুতিক গাড়ীৰ সংখ্যা বৃদ্ধি কৰাৰ আহ্বান জনাইছে বুলিও জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা স্পেচিয়েল প্রটেকচন গ্রুপ চমুকৈ এছপিজিক নির্দেশ দিয়া হৈছে তেওঁলোকৰ কনভয়ৰ গাড়ীৰ সংখ্যা কমাবলৈ। এই পদক্ষেপৰ ফলত নিৰাপত্তাত যাতে কোনো ত্রুটি নাথাকে তাক নিশ্চিত কৰি নিৰ্দেশ বাস্তৱায়নৰ কাম আৰম্ভহৈছে। আন এটি সূত্রই দাবী কৰা মতে প্ৰধানমন্ত্ৰীয়ে নিজৰ কনভয়ত বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ নির্দেশ দিছে। লগতে এই কথাও জনাই দিছে যে বৈদ্যুতিক গাড়ী ব্যৱহাৰৰ বাবে নতুনকৈ কোনো গাড়ী কিনা নাযাব। যোৱা দেওবাৰে তেলেংগানাৰ এখন সভাত প্রধানমন্ত্রীয়ে কয় ‘সমগ্র বিশ্বত পেট্ৰ’ল- ডিজেলৰ দাম বহুত বৃদ্ধি পাইছে। পেট্র’ল-ডিজেল সংৰক্ষণৰ জৰিয়তে সেইবোৰ কিনাৰ বাবে ব্যয় হোৱা বৈদেশিক মুদ্রা ৰাহি কৰাটো আমাৰ সকলোৰে দায়িত্ব। তেওঁ লগতে কয়, ‘আমি জনসাধাৰণৰ ওচৰত আবেদন জনাওঁ যাতে অহা এবছৰ সোণ নিকিনো।’ বিদেশ যাত্রা কমোৱাকে ধৰি বৈদেশিক মুদ্ৰাৰ ব্যয় হোৱা এনে সকলো ক্ষেত্রতে মিতব্যয়ী হোৱাৰ পৰামৰ্শ দিয়ে তেওঁ। মোদীৰ এই আবেদনৰ পিছতে হায়দৰাবাদৰ এখন জনসভাত প্ৰধানমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা উল্লেখযোগ্যভাৱে কমি যোৱা দেখা যায়। ভদোদৰা আৰু গুৱাহাটীতো দেখা যায় একেই ছবি। এছপিজিৰ সূত্রে জানিব পৰা মতে এছপিজি প্ৰট’কলৰ অধীনত নিৰাপত্তাৰ কোনো ত্রুটি নৰখাকৈ কনভয়ৰ গাড়ীৰ সংখ্যা কমোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ আবেদনৰ পিছত চৰকাৰী ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। গাড়ী এৰি মেট্র’, ই-ৰিক্সাত যাতায়াত কৰা দেখা গৈছে একাধিক মন্ত্ৰীক। প্ৰধানমন্ত্ৰীৰ পথেৰে আগবাঢ়ি মধ্যপ্রদেশ, ৰাজস্থানসহ বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও তেওঁলোকৰ গাড়ীৰ সংখ্যা কমোৱাৰ নিৰ্দেশ দিছে।