সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান হ’ব দিল্লীৰ ভাৰত মণ্ডপমত
ৰঙিলী বাৰ্ত্তাসেৱা-বুধবাৰে কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷ ৰাজ্যিক কেবিনেটে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ড পমত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰাৰ বাবে অনুমোদন জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰী কৰি কয়- ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে একে সময়তে ৩২ কোটি টকা ব্যয়সাপেক্ষ ড° ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবেও অনুমোদন জনায়। সেই অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩২ কোটি টকা ব্যয়েৰে সুধাকণ্ঠৰ নামত এটা সংগ্ৰহালয় স্থাপন কৰা হ’ব। এই সংগ্রহালয়ত ড° ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজি সংৰক্ষণ কৰা হ’ব। ভাৰতৰত্ন সুধাকণ্ঠৰ নামত নির্মাণ হ’বলগা এই সংগ্ৰহালয়ৰ বাবে ব্যয় হ’বলগা ৩২ কোটি টকাৰ ১৩ কোটি টকা উত্তৰ-পূব পৰিষদে আবণ্টন দিয়াৰ বিপৰীতে ২১ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।
