৬ মাহলৈ কোনো গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে 

৬ মাহলৈ কোনো গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে 

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি ৰাজ্যিক কেবিনেটে সঁহাৰি জনাইছে। বুধবাৰে কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বা শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত প্রধানমন্ত্রীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি ৰাজ্য চৰকাৰে পূৰ্বতকৈ ২০ শতাংশ কম পেট্র’ল-ডিজেল ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। তদুপৰি অহা ছমাহলৈ ৰাজ্য চৰকাৰে কোনোধৰণৰ নতুন গাড়ী ক্ৰয় নকৰাৰো সিদ্ধান্ত লয়। কেবিনেটৰ সিদ্ধান্তসমূহ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়- অহা ছমাহ অসম চৰকাৰে কোনো নতুন গাড়ী ক্রয় নকৰে। অর্থাৎ নতুন মন্ত্রীসকলকো অহা ছমাহলৈকে নতুন বাহন দিয়া নহ’ব। মন্ত্ৰীৰ বাবে ইতিপূর্বে থকা পুৰণি বাহনসমূহেই ব্যৱহাৰ কৰিব লাগিব। বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ আগন্তুক ছমাহলৈ কোনো চৰকাৰী বিষয়াই নিজৰ খৰচতো বিদেশ ভ্রমণ কৰিব নোৱাৰে। চৰকাৰী ধনেৰে বিদেশলৈ যোৱা দূৰৰ কথা, ব্যক্তিগত পুঁজিৰেও বিদেশ ভ্ৰমণ কৰাৰ অনুমতি ৰাজ্য চৰকাৰে নিদিয়ে। অৱশ্যে চিকিৎসাজনিত কাৰণত এই বাধ্যবাধকতা শিথিল হ’ব। চৰকাৰী বিষয়াৰ লগতে মন্ত্ৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম বাহাল থাকিব। তেওঁ লগতে কয়,ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্রী আৰু বিষয়াৰ কনভয়ৰ বাহন কম কৰা হ’ব । কমেও ছমাহৰ বাবে কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰা হ’ব । অহা ৬ মাহৰ বাবে চৰকাৰৰ ইন্ধনৰ খৰচ ২০ শতাংশ কমোৱা হ’ব । ভ্ৰমণ হ্ৰাস কৰি আৰু গাড়ী কম ব্যৱহাৰ কৰি ব্যয় কম কৰা হ’ব । যোৱা বছৰৰ তুলনাত এইবছৰ পেট্ৰ’ল আৰু ডিজেলৰ চৰকাৰী খৰচ ২০ শতাংশ হ্ৰাস কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয়, অহা ৬ মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে । যাতে বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰো । অহা ছমাহলৈ সভা বা কৰ্মশালা আদি আয়োজন নকৰো যাতে মানুহ আহিবলগীয়া নহয় । অৱশ্যে ভিডিঅ’ কনফাৰেঞ্চ তথা অনলাইনত কৰিব পৰা যাব । সেইদৰে চৰকাৰে গাড়ী ভাড়া ল’লে ইভি বাহন লোৱাৰ সিদ্ধান্ত লোৱা হৈছে । অসমত ১৫-২০ বছৰ পুৰণি যিমান বাহন আছে সেই সকলো বাহন স্ক্ৰেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।